নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো মুকলি নহ'ল এখন কলেজ, ক'ত আছে এই কলেজখন

Rashmi April 04, 2025

ডিজিটেল ডেস্ক : অসমক শৈক্ষিক ক্ষেত্ৰত উন্নত পৰ্যায়ত আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে বহু পদক্ষেপ গ্ৰহণ কৰাটো পৰিলক্ষিত হৈছে। কিন্তু এইখন অসমতে এনে এখন কলেজ আছে¸ যিখন কলেজৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো আজিকোপতি মুকলি কৰা নহ'ল। হয়, ডিব্ৰুগড় জিলা শিক্ষা বিভাগৰ এক আজৱ কাণ্ড।

উল্লেখযোগ্য যে ২০১৯ চনতেই স্থাপন কৰা হৈছিল কলেজখনৰ আধাৰশিলা। এই আধাৰশিলা স্থাপন কৰিছিল লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই। আধাৰশিলা স্থাপন কৰাৰ পাছতেই কলেজৰ নিৰ্মাণৰ কামো আৰম্ভ হৈছিল। 

এক নিৰ্দিষ্ট সময়ত চাৰি কোটি টকাৰে আটকধুনীয়াকৈ কলেজ গৃহ, কাৰ্যালয়, ছাত্ৰ-ছাত্ৰীৰ চাইকেল ষ্টেণ্ড আদি কলেজ এখনৰ বাবে প্ৰয়োজনীয় সকলো নিৰ্মাণ সম্পূৰ্ণ হ'ল । 

কিন্তু পৰিতাপৰ কথাটো এই যে আজিও কলেজখনত আৰম্ভ নহ'ল পাঠদান। তাৰ বিপৰীতে নিৰ্বাচন আহিলে আৰ্মী, নিৰাপত্তাৰক্ষী থকা গৃহ হিচাপেহে ব্যৱহাৰ কৰা হয় কলেজখনক । সেয়েহে পৰবৰ্তী সময়ত চৰকাৰে কলেজখনক লৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

Share This