ডিব্ৰুগড়ৰ মোহনবাৰীত হত্যাকাণ্ড ; পুখুৰীত পেলাই হত্যাৰ সন্দেহ

Rashmi June 16, 2025

ডিজিটেল ডেস্কঃ  ডিব্ৰুগড়ৰ মোহনবাৰীত হত্যাকাণ্ড। অচিনাক্ত ঘাতকে পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। এটা পুখুৰীৰ পৰা উদ্ধাৰ প্ৰাঞ্জল দাস নামৰ এজন ২৯ বছৰীয়া নৱবিবাহিত যুৱকৰ মৃতদেহ। পাৰত উদ্ধাৰ এখন স্কুটী। ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। 

দেওবাৰে নিশা ৯ বজাত এজন বন্ধুৰ সৈতে ওলাই গৈছিল প্ৰাঞ্জল দাস ওৰফে বিকি। নিশা ১১ বজাত ফ'ন কৰি ঘৰলৈ গৈ  থকা বুলি জনাইছিল পত্নীক। তাৰ পাছত ম'বাইল অফ। ঘটনা সন্দৰ্ভত মোহনবাৰী আৰক্ষীক অবগত কৰাত আজি লাহোৱাল পীৰাফলা গাঁৱৰ এটা পুখুৰীৰ কাষত লোকজনৰ স্কুটীখন উদ্ধাৰ হয়। 

পাছত পুখুৰীৰ পানীত ছেণ্ডেলযোৰ ওপঙি থকা প্ৰত্যক্ষ কৰি পুখুৰীত পৰা বুলি সন্দেহ ওপজে স্থানীয় লোকৰ।  এছ ডি আৰ এফৰ সহযোগত পুখুৰীটোৰ পৰা  মৃতদেহ উদ্ধাৰ কৰে। পৰিয়ালৰ লোকে প্ৰাঞ্জল দাসক অচিনাক্ত ঘাতকে পুখুৰীত পেলাই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। লগতে হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী তুলিছে। আৰক্ষী ইতিমধ্যে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে AMCH লৈ প্ৰেৰণ কৰিছে। ইফালে নিজ স্বামীক হেৰুৱাই দিক-বিদিক হেৰুৱাই পেলাইছে সাত মহীয়া অন্ত:সত্ত্বা নৱবিবাহিতা পত্নীয়ে।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This