ডিব্ৰুগড় লোহাৰপট্টীত অবৈধভাৱে নিৰ্মিত পঞ্চ মহলা বিল্ডিঙত পৌৰ নিগমৰ হাতোৰা

Rashmi December 03, 2025

ডিজিটেল ডেস্ক: ডিব্ৰুগড় লোহাৰপট্টীত অবৈধভাৱে নিৰ্মিত পঞ্চ মহলা বিল্ডিঙত পৌৰ নিগমৰ হাতোৰা পৰিল।  ভাঙি দিয়া হ'ল ডিব্ৰুগড় মহানগৰৰ লোহাৰপট্টীত অবৈধভাৱে নিৰ্মাণ কৰা অট্টালিকাটো।

এই নিৰ্মীয়মান অট্টালিকাটোৰ পৰা দেৱাল বাগৰি পৰাত মৃত্যু হৈছিল চালমা বেগম নামৰ এগৰাকী প্ৰতিৱেশী মহিলাৰ।

নিজৰ টিউবেলৰ পাৰত বাচন মাজি থাকোঁতে মহিলাগৰাকীৰ গাত নিৰ্মীয়মান অট্টালিকাটোৰ পৰা খহি পৰিছিল ইটাসহ পকী দেৱাল। 

প্ৰায় ১২-১৪ ফুট বহলতে অবৈধভাৱে ৫ মহলা উচ্চতাৰে নিৰ্মাণ কৰা হৈছিল অট্টালিকাটো। যাৰ বাবে পৌৰ নিগমৰ ওপৰত উঠিছিল অভিযোগৰ আঙুলি। 

ইয়াৰ পাছতে অট্টালিকাটো ভাঙি দিয়াৰ নিৰ্দেশ দিয়া হৈছিল। এই নিৰ্দেশনাৰ পাছতো কোনো গুৰুত্ব নাছিল বিশাল অট্টালিকাটো নিৰ্মাণ কৰা স্বত্বাধিকাৰ য়ুনুজ খানৰ।

আজি জিলা প্ৰশাসনসহ পৌৰ নিগমৰ বিশাল বাহিনী আহি এফালৰ পৰা ভাঙি দিয়ে অবৈধভাৱে নিৰ্মিত পঞ্চ মহলাৰ অট্টালিকাটো।


 

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This