ডিব্ৰুগড়ৰ লাহোৱালত ধুমুহাৰ তাণ্ডৱ ; শ শ বিঘা ফচল নষ্ট, ব্যাহত বিদ্যুৎ সংযোগ

Kakali Deka April 27, 2025

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় লাহোৱালৰ বিভিন্ন প্ৰান্তত বিধ্বংসী ধুমুহা আৰু প্ৰবল বৃষ্টিপাতত বিস্তৰ ক্ষতি সাধন।ধুমুহাই তচনচ কৰি নিয়ে হাটখোলা, হাবিচুক আদি অঞ্চল । 

প্রচণ্ড ধুমুহাই উৰুৱাই লৈ যায় বহু লোকৰ ঘৰ-বাৰী, দোকান-পোহাৰ | নিশা শুই থকা অৱস্থাত কাল ধুমুহাত ঘৰ ভাঙি পৰাত আঘাতপ্রাপ্ত হয় কেইবাজনো লোক |  ইফালে কৃষি প্ৰধান গ্ৰামাঞ্চল কেইখনৰ শ শ বিঘা উৎপাদিত শস্য সমূলি নষ্ট হয়। ধুমুহাই সম্পূর্ণ বিনষ্ট কৰে খেতিয়কৰ মাকৈ খেতি,তিতা কেৰেলা ,ভোল খেতিৰ লগতে উভালি পৰে কোমোৰা খেতিৰ চাং । 

লাখ-লাখ টকা খৰচ কৰি খেতিয়কৰ সপোন ধুমুহাই বিনষ্ট কৰাৰ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলটোৰ খেতিয়ক সকলৰ । ধুমুহাত প্রকাণ্ড গছ বাগৰি পৰে পথত |  বহু লোকৰ অসংখ্য তামোল গছ, কল গছ আদি ভাঙি বিস্তৰ ক্ষতি সাধন কৰে ধুমুহাই । বিদ্যুতৰ তাঁৰ ছিগি যোৱাৰ ফলত বর্তমানো অঞ্চলকেইটাত ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ ।

Share This