ডিজিটেল ডেস্কঃ উজনিৰ অগ্ৰণী শিক্ষানুষ্ঠান ডিগবৈ আৰ ডি ইংলিছ একাডেমী স্কুলৰ ডিগবৈ ৰদালী পথস্থিত বিদ্যালয় প্ৰাংগণত বাৰ্ষিক প্ৰদৰ্শনী অনুষ্ঠিত হয়।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ তথ্যসম্বলিত এটি কক্ষ আজি মুকলি কৰি শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনায়। কক্ষটোত জুবিন গাৰ্গৰ বহুকেইটা জনপ্ৰিয় গীত কেইবাখনো গামোচাত লিপিবদ্ধ কৰি সজোৱাৰ লগতে শিল্পীজনৰ কবিতা, জনপ্ৰিয় সংলাপ আৰু জীৱনৰ বিভিন্ন তথ্য সুন্দৰকৈ লিপিবদ্ধ কৰি সজাই তুলিছে কক্ষটো।
শিল্পীজনৰ বিভিন্ন চিত্ৰও আকৰ্ষণীয়ভাৱে সজাই তুলিছে। কক্ষটো মুকলি কৰাৰ সময়তে জুবিন গাৰ্গৰ জনপ্ৰিয় দুটি গীত পৰিৱেশন কৰে ছাত্ৰ-ছাত্ৰীসকলে। আজি এই বিশেষ কক্ষটো মুকলি কৰাৰ লগতে বিদ্যালয়খনৰ বাৰ্ষিক প্ৰদৰ্শনীদ্বাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ দীপক গোস্বামীয়ে।
বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি দে'ই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ দিলীপ ভট্টাচাৰ্য, বিশিষ্ট কবি নিৰূপমা গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আজমা বেগম বৰা, সমাজসেৱক আবু হুছেইন, কিশোৰ কলিতা, সুশান্ত দত্ত, ঝৰ্ণা দত্ত, সুতাপা ভট্টাচাৰ্যসহ বহু গণ্য-মান্য ব্যক্তি, অভিভাৱক উপস্থিত থাকে। কলা, সংস্কৃতি, বিজ্ঞান শীৰ্ষক বিষয়ৰ লগতে পেলনীয়া সামগ্ৰীৰে ছাত্ৰ-ছাত্ৰীসকলে নিজ হাতে প্ৰস্তুত কৰা আৰ্হি প্ৰদৰ্শন কৰি উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে।
প্ৰদৰ্শনস্থলীত আৰ ডি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সঞ্চালিকা চিমি ধানোৱাৰ উপস্থিত থাকি প্ৰতিবছৰে আয়োজন কৰা বাৰ্ষিক প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলে উৎকৃষ্টমানৰ আৰ্হি প্ৰস্তুত কৰি প্ৰদৰ্শন কৰি আহিছে বুলি সদৰী কৰে।
উৎস : প্ৰাগ নিউজ ডিজিটেল