অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ

Rashmi August 23, 2025

ডিজিটেল ডেস্কঃ মৈৰাবাৰী থানাৰ অন্তৰ্গত দুৰাবান্ধিত পৰকীয়া প্ৰেমৰ সন্দেহত ৰাইজে যুৱক এজনক ধৰি শোধালে উত্তম-মধ্যম।

যুৱকজনে দীর্ঘ দিনৰ পৰা স্বামী নথকা এগৰাকী মহিলাৰ ঘৰত দিনে-নিশাই সোমাই থকাত স্থানীয় ৰাইজৰ সন্দেহ ওপজে। পিছলৈ নিশা ১২টা মান বজাত অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত যুৱকজনক মহিলাগৰাকীৰ ঘৰত সোমাই থকা অৱস্থাত উদ্ধাৰ কৰে আৰু আৰক্ষীক গতাই দিয়ে।

যুৱকজনৰ ঘৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত গায়নগাঁৱত। নাম তেওঁৰ দিলদাৰ। স্থানীয় ৰাইজে জনোৱা মতে স্বামী নথকা মহিলাগৰাকীৰ ঘৰত প্ৰায়েই নিশা উপস্থিত হয় দিলদাৰ। অবৈধ সম্পৰ্ক থকাৰ সন্দেহ হোৱাত হাতে-লোটে কৰায়ত্ত কৰিবলৈ যাওঁতে মহিলাগৰাকীয়ে হাতত দা লৈ ৰাইজক আক্ৰমন কৰিবলৈ ওলাই অহাত ৰাইজে আৰক্ষীক খবৰ দিয়ে।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This