বর্তমান বিজেপি মানে ছুনামিৰ ঢৌৰ দৰে হৈছে

dainik janambhumi April 29, 2025

ডিজিটেল ডেস্ক : 'ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। হাতী মানে পদুম, পদুম মানে হাতী।' কলিয়াবৰত দেওবাৰে বিজেপিৰ মিত্ৰজোঁটৰ কৰ্মীক উৎসাহিত কৰিবলৈ আহি বিজেপিৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিশেষ চর্চিত গীতটো আওৰাই এই মন্তব্য কৰে। আগন্তুক পঞ্চায়ত নির্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দল তৎপৰ হোৱাৰ সময়তে সভাপতিগৰাকীৰ এনে মন্তব্যই তাৎপর্য বহন কৰিছে। 

অগপ আৰু বিজেপি দলৰ নেতা-কর্মীসকলক উদ্দেশ্যি কয়, 'বর্তমান সময়ত বিজেপি মানে ছুনামিৰ ঢৌৰ দৰে হৈছে। এইবাৰ পঞ্চায়তত মিত্রজোঁটে প্রচণ্ড বিজয়ৰ দিশত আগবাঢ়িছোঁ।' তেওঁ লগতে কয়, 'আমি শক্তিশালী বিৰোধী বিচাৰোঁ। চৰকাৰক থকা-সৰকা কৰা নেতা, বিৰোধী ব্যক্তিৰ প্রয়োজন।' লক্ষণীয় যে কলিয়াবৰত অগপ কার্যালয় আৰু বিজেপি কার্যালয়ত নিশা উপস্থিত হৈ এই মন্তব্য কৰে বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। 

প্রথমবাৰৰ বাবে কলিয়াবৰৰ অগপৰ কাৰ্যালয়ত উপস্থিত হোৱা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক আদৰণি জনাই অগপৰ নেতা-কর্মীয়ে। নিশা অগপৰ কাৰ্যকর্তা তথা বিনা প্রতিদ্বন্দ্বিতাৰে বিজয়ী জিলা পৰিষদৰ প্ৰাৰ্থীৰ লগতে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা আন দুই জিলা পৰিষদৰ প্রার্থী, আঞ্চলিক পৰিষদৰ প্ৰাৰ্থীৰে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। তাৰ পাছতেই নিশাই গৈ উপস্থিত হয় কলিয়াবৰ বিজেপি কাৰ্যালয়ত সভাপতি দিলীপ শইকীয়াই। বিজেপিৰ কাৰ্যকৰ্তাৰ সৈতে মত-বিনিময় কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশলৰ গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। দুয়োখন গুৰুত্বপূর্ণ বৈঠকতে বিধায়ক দিপ্লুৰঞ্জন শর্মাও উপস্থিত থাকে।

Share This