ডিমৌৰ চৰ'গুৱাত উদ্ধাৰ নৰকংকাল 

Rashmi May 04, 2025

ডিজিটেল ডেস্ক : ডিমৌৰ চৰ'গুৱাত নৰকংকাল উদ্ধাৰৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। কোনো দুৰ্বৃত্তই অন্য ঠাইত হত্যা কৰি ইয়াত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত চৰ'গুৱাৰ মাজুমেলীয়াৰ এক নিৰ্জন ঠাইৰ জংঘলৰ মাজত আজি ছিন্নভিন্ন হৈ থকা এটা নৰকংকাল উদ্ধাৰ হয়। নৰকংকাল উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলবাসীক ত্ৰাসিত কৰি তুলিছে।

উল্লেখ্য যে, উদ্ধাৰ হোৱা নৰকংকালটো দেহৰ বিভিন্ন অংগ চাৰি স্থানত সিঁচৰতি হৈ থকা পৰিলক্ষিত হৈছে। ইয়াৰোপৰি কংকালটোৰ কাষতে তেজৰ চেকুৰা লাগি থকা মানুহৰ কাপোৰো পৰি থকা দেখিবলৈ পোৱা গৈছে। 

স্থানীয় ৰাইজৰ সন্দেহ কোনো দুৰ্বৃত্তই অন্য স্থানত হত্যা কৰি চৰ'গুৱাৰ মাজুমেলীয়াৰ জংঘলত মৃতদেহ পেলাই থৈ যায় আৰু সময় বাগৰাৰ লগে লগে মৃতদেহ উঁৱলি গৈ এতিয়া কংকালৰ ৰূপ লয়। 

ইতিমধ্যে ডিমৌ আৰক্ষীৰ লগতে স্থানীয় দণ্ডাধীশ ঘটনাস্থলিত উপস্থিত হৈ নৰকংকালটো উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This