লখিমপুৰবাসীলৈ বিশেষ অনুৰোধ লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ 

dainik janambhumi July 04, 2025

ডিজিটেল ডেস্ক :ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষ (National Legal Services Authority (NLSA) আৰু মধ্যস্থতা আৰু মীমাংসা প্ৰকল্প কমিটীৰ (Mediation and Conciliation Project Committee (MCPC)) সৌজন্যত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সকলো লখিমপুৰবাসী ৰাইজলৈ লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ (District Legal Serviced Authority, Lakhimpur) তৰফৰ পৰা জনোৱা হৈছে বিশেষ অনুৰোধ।

সেয়া কি জানি লওক-

লখিমপুৰৰ আদালতত চলি থকা গোচৰ যেনে- ১) বৈবাহিক বিবাদৰ গোচৰ, ২) দুৰ্ঘটনা দাবীৰ গোচৰ, ৩) ঘৰুৱা হিংসাৰ গোচৰ, ৪) চে'ক বাউঞ্চৰ গোচৰ, ৫) বাণিজ্য বিবাদৰ গোচৰ, ৬) সেৱা বিষয়ৰ গোচৰ, ৭) অপৰাধমূলক সংযুক্ত গোচৰ, ৮) গ্ৰাহকৰ বিবাদ গোচৰ, ৯) ঋণ আদায়ৰ গোচৰ, ১০) বিভাজনৰ গোচৰ, ১১) উচ্ছেদৰ গোচৰ, ১২) ভূমি অধিগ্ৰহণৰ গোচৰ, ১৩) অন্যান্য উপযুক্ত নাগৰিকৰ গোচৰ, এনেধৰণৰ গোচৰ যদি লখিমপুৰৰ আদালতত চলি আছে সেই গোচৰসমূহ নিষ্পত্তি কৰিবৰ বাবে অহা ৩১ জুলাই, ২০২৫ তাৰিখৰ ভিতৰত লখিমপুৰৰ আদালতসমূহত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

ইয়াৰ লগতে অধিক জানিবৰ বাবে লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ নিৰ্ধাৰিত ৬৯০১২৮১৬৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা lakhimpurdlsamediation@gmai.com ই-মেইল কৰক।

Share This