ডবকাৰ বনাঞ্চলত চলিল প্ৰশাসনৰ বুলড 'জাৰ

dainik janambhumi January 03, 2026

ডিজিটেল ডেস্ক : হোজাই জিলাৰ ডবকাৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ ৬০০০ বিঘা ভূমিত কালি পুৱাৰ পৰা চলিল প্রশাসনৰ বুলডজাৰ। আশীৰ দশকৰ এখন অটব্য অৰণ্য যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰি কেইবাখনো গাঁও গঢ় লৈ উঠিছিল। কালি পুৱাৰে পৰা আৰম্ভ হয় উচ্ছেদ অভিযান। জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু বন বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত আৰক্ষী-চি আৰ পি এফৰ সহযোগত প্রশাসনে জে চি বি লগাই বন বিভাগৰ ৬০০০ বিঘা ভূমিত চলায় ব্যাপক উচ্ছেদ অভিযান। বাতৰি অনুসৰি ডবকাৰ যমুনা-মৌডংগা ফৰেষ্ট ৰিজাৰ্ভৰ ৬০০০ বিঘা ভূমি প্রায় ১২৫০টা পৰিয়ালে বেদখল কৰি ৰাখিছিল।

এই গাঁওসমূহত স্কুল, মছজিদৰ লগতে পানী যোগান আঁচনি, অংগনৱাড়ী কেন্দ্ৰ, বিদ্যুৎ যোগান ধৰা হৈছিল। আজিৰ পৰা আৰম্ভ হোৱা উচ্ছেদত অসংখ্য ঘৰ-বাৰী, খেতি পথাৰৰ লগতে ১২ টা মছজিদ গৃহও ভাঙি পেলায় প্রশাসনে। যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলত থকা ১৫২ টা পৰিয়ালে আদালতত তৰা গোচৰ অমীমাংসিত হৈ থকাত তেওঁলোকৰ ঘৰবোৰত উচ্ছেদ চলোৱা নাই প্রশাসনে। বাকী ১০৯৮টা পৰিয়ালক উচ্ছেদ কৰা হয়। ইফালে উচ্ছেদ চলি থকাৰ মাজতে বিন্নাকান্দি সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমলৰ প্রতিনিধি তথা এ আই ইউ ডি এফ নেতা বিলাল উদ্দিন বৰভূঞাৰ নেতৃত্বত যোৱা এটা দলে উচ্ছেদত বাধা দিয়াৰ চেষ্টা কৰে। তেওঁলোকৰ অভিযোগ-প্রশাসনে চলোৱা উচ্ছেদৰ সময়ত গছ-গছনি কাটি খাস্তাং কৰিছে। অৱশ্যে প্রশাসনে তেওঁলোকৰ বিৰোধক কোনো কেৰেপ নকৰি চলাই যায় উচ্ছেদ। ইফালে ভুক্তভোগী ৰাইজে এ আই ইউ ডি এফ নেতা বিলাল উদ্দিনে ৰাজনৈতিক মুনাফা লোৱাৰ চেষ্টা কৰাৰ অভিযোগ তোলে। উচ্চতম ন্যায়ালয়ত গোচৰ তৰা গুচৰীয়াৰ মতে আজমল উচ্চতম ন্যায়ালয়ৰ কাষেই চপা নাছিল। আনহাতে প্রশাসনে চলোৱা উচ্ছেদত ঘৰ-বাৰী হেৰুওৱা লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যুগ যুগ ধৰি থাকি অহা ঘৰখন নিমিষতে থান-বান হোৱাত অসহায় লোকসকলে এই প্রচণ্ড শীতত মুকলি পথাৰৰ মাজত তম্বু সাজি আশ্রয় ল'বলগীয়া হৈছে। এই লোকসকলৰ বিকল্প সংস্থাপনৰ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে। উল্লেখযোগ্য যে, কালিৰ পৰা আৰম্ভ হোৱা উচ্ছেদিত গাঁওবোৰত বন বিভাগ আৰু ৰাজহ বিভাগে যৌথ জৰীপ চলাই বেদখলকৃত ভূমি চিনাক্ত কৰি বেদখলকাৰীলৈ জাননী জাৰি কৰিছিল। অসম বন আইনৰ নিয়মাৱলী, ১৮৯১ (১৯৯২ চনত সংশোধিত) ৰ ২৪ আৰু ২৫ নং ধাৰাৰ অধীনত বেআইনী বুলি বিবেচিত হয়।

আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ Suo Moto PIL No. 1/2022 ৰ লগতে WA No. 251/2025 & WA No. 252/2025 (18/08/2025 তাৰিখৰ আদেশ) মর্মে বন বিভাগৰ সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ বেদখল আঁতৰাবলৈ নির্দেশ দিয়ে আৰু বেদখলকাৰীক যুক্তিসংগতভাৱে তেওঁলোকৰ উপস্থিতি বুজাবলৈ ১৫ দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে অতিৰিক্তভাৱে বনাঞ্চলৰ ভিতৰৰ মাটি খালী কৰিবলৈ আৰু ১৫ দিনৰ সুযোগ দি নির্দেশ দিছিল। বেদখলকাৰীয়ে কোনো বৈধ নথি-পত্র প্রদর্শন কৰিব নোৱাৰাত কালিৰ পৰা এই উচ্ছেদ আৰম্ভ হয়। অহা দুই-তিনি দিনৰ ভিতৰত সম্পূৰ্ণ ৰূপে উচ্ছেদ হ'ব যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ অবৈধ বেদখল।

Share This