ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে সুখবৰ। শীঘ্ৰেই শৰাইঘাটত আৰম্ভ হ'ব দ্বিতীয়খন ৰে'ল দলঙৰ নিৰ্মাণৰ কাম। দুখলপীয়া দলংখনত থাকিব দ্বৈত ৰে'লপথ আৰু তিনিলেনযুক্ত গাড়ী যোৱা পথ। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰাই এই দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পাছত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য ২০২৯ চনৰ ডিচেম্বৰ মাহ ধাৰ্য কৰা হৈছে। দলংখন নির্মাণত মুঠ ১৪৭৭ কোটি টকা ব্যয় হ'ব। ১.৩ কিল'মিটাৰ দৈৰ্ঘ্যৰ দলংখনত মুঠ বাৰটা খুঁটা থাকিব।
আজি উত্তৰ-পূব সীমান্ত ৰে'লৱেই এই কথা ৰাজহুৱা কৰি জানিবলৈ দিয়া মতে আগিয়াঠুৰিৰ পৰা কামাখ্যালৈ দ্বৈত ৰে'লপথ নিৰ্মাণৰ কাম চলি আছে। এই দ্বৈত ৰে'লপথৰ সৈতে নতুন ৰে'লখন সংযোগ কৰা হ'ব। ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
মন কৰিব লগীয়া কথা যে শেহতীয়াকৈ ৰাজ্যত ৰে'লপথ বৈদ্যুতিকীকৰণৰ কামো দ্রুত গতিত চলিছে। সেই অনুসৰি যোৱা ২৫ জুনৰ পৰা নতুন দিল্লী আৰু ডিব্ৰুগড়ৰ মাজৰ চলা ৰাজধানী ৰে'লখন ডিজেলৰ পৰিৱৰ্তে বিদ্যুৎ চালিত ইঞ্জিনৰ সহায়ত চলাচল কৰিছে। একেদৰে যোৱা সপ্তাহৰ পৰা কলকতা- শিলঘাট টাউন এক্সপ্ৰেছ, হাওৰা-গুৱাহাটী শৰাইঘাট এক্সপ্ৰেছ, ৰাজেন্দ্ৰ নগৰ-কামাখ্যা সংযোগী কেপিটেল এক্সপ্ৰেছৰ যাতায়াত বিদ্যুৎ চালিত ইঞ্জিনৰ জৰিয়তে আৰম্ভ হৈছে। ৰাজ্যৰ ৰে'ল যোগাযোগৰ ক্ষেত্ৰত এই আৰম্ভণি এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।