ডিজিটেল ডেস্ক: কার্নি আংলং জিলাৰ বকলীয়াঘাটৰ চিংথুৰ প্রকাশনে ২০১৭ চনৰ পৰা প্রদান কৰি অহা ৰংবং তেৰাং সমন্বয় বঁটা-২০২৫ চনৰ অন্তিম দিনটোত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। প্রকাশন গোষ্ঠীটোৰ স্বত্বাধিকাৰ বিশ্বজ্যোতি হাজৰিকাই এখন সংবাদমেলযোগে ২০২৬ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে।
ইতিপূর্বে ২০১৭ চনৰ পৰা ক্ৰমে এই বঁটা বিশিষ্ট গীতিকাৰ-সুৰকাৰ গায়ক ড° বীৰেন্দ্ৰনাথ দত্ত; বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি, বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি, বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়া; ঔপন্যাসিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, খ্যাতনামা ভাস্কৰ বীৰেন সিংহ, সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামী, বিশিষ্ট সাহিত্যিক ড° কৰবী ডেকা হাজৰিকা আৰু অৰণ্য মানৱ যাদব পায়েঙক প্রদান কৰা হৈছিল। অহা ১৩ জানুৱাৰীত ৰংবং তেৰাঙৰ জন্মদিনৰ দুদিন পূর্বে ১১ জানুৱাৰীত বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান কৰা হ'ব।
বঁটা প্রদান অনুষ্ঠানত বৰেণ্য সাহিত্যিক ৰংবং তেৰাঙৰ উপৰি মুখ্য অতিথি ৰূপে প্রতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা, অসম বিধানসভাৰ উপাধ্যক্ষ ডা° নোমল মমিন, কার্বি আংলং জিলাৰ নৱ নিযুক্ত জিলা আয়ুক্ত আৰণ্যক শইকীয়া, কাৰ্বি লামমেত আমেইৰ সভাপতি কামছিং হাঞ্চে, অসম সাহিত্য সভাৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু দেৱজিৎ বৰা উপস্থিত থাকিব। বঁটা প্রদান অনুষ্ঠানত ৰংবং তেৰাঙৰ ৰচনা সমগ্ৰৰ লগতে আন কেইবাখনো গ্রন্থ উন্মোচন কৰা হ'ব বুলি বিশ্বজ্যোতি হাজৰিকাই জনাইছে।