ডিজিটেল ডেস্ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত এক গৌৰৱময় অধ্যায়ৰ সংযোজন হিচাপে বিশ্ববিদ্যালয়ৰ পদার্থবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° হেমেন কুমাৰ কলিতাই ভাৰতীয় বায়ুসেনাত ফ্লায়িং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে।
শৈক্ষিক দায়িত্ব পালন কৰি থকা অৱস্থাত ভাৰতীয় বায়ুসেনাত নিযুক্তি লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম শিক্ষক হিচাপে এই সাফল্য অর্জন কৰি ড° কলিতাই বিশ্ববিদ্যালয়ৰ লগতে এন চি চি লৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্তই উক্ত সফলতা সম্পর্কে শুভেচ্ছামূলক বার্তা প্রদান কৰি উল্লেখ কৰে যে ড° হেমেন কুমাৰ কলিতাৰ এই সাফল্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে এক গৌৰৱৰ বিষয়। শৈক্ষিক দায়িত্বৰ সৈতে দেশৰ বাবে সেৱা আগবঢ়োৱাৰ তেওঁৰ দৃষ্টান্তই আমাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা যোগোৱা। ড° কলিতাই কঠোৰ আৰু প্ৰত্যাহ্বানমূলক প্রি-কমিছন প্রশিক্ষণ সম্পূৰ্ণ কৰি সমগ্র প্রশিক্ষণকালত শৃংখলা, নেতৃত্বগুণ আৰু পেছাদাৰী দক্ষতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰে।
১ ছেপ্টেম্বৰ পৰা ২০ ছেপ্টেম্বৰ ২০২৫লৈ অফিচাৰ্ছ ট্রেইনিং একাডেমিত আৰু ২৭অক্টোবৰৰ পৰা ২৭ ডিচেম্বৰ, ২০২৫লৈ এয়াৰ ফ'ৰ্চ ষ্টেছন, তাম্বাৰামত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা উক্ত প্রশিক্ষণকালত তেওঁ কঠোৰ শাৰীৰিক প্ৰশিক্ষণ, সামৰিক দিশ-নির্দেশনা আৰু নেতৃত্ব বিকাশমূলক অনুশীলনৰ মাজেৰে সামগ্রিক প্রদর্শনত 'এ' গ্রেড লাভ কৰে। উল্লেখযোগ্য যে ২০২৫ চনৰ ২৬ ডিচেম্বৰত এয়াৰ ফ'ৰ্ট ষ্টেছন, তাম্বাৰামত ভাৰতীয় বায়ুসেনাৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত হোৱা অনুষ্ঠানত তেওঁ এই পদৱী লাভ কৰে।