ডিজিটেল ডেস্ক: তেজপুৰৰ পৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া ছবি 'জয়মতী'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰা মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈৰ সোঁৱৰণত কালি মহীয়সী শিল্পীগৰাকীৰ দ্বিবিংশতিতম স্মৃতি দিৱসৰ দিনটোত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে তেজপুৰৰ কেন্দ্ৰীয় কার্যালয়ত আয়োজন কৰা এটা বর্ণাঢ্য অনুষ্ঠানত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী ডাঃ জাহানাৰা বেগমক সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অতি গুৰুত্বপূর্ণ 'আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা'ৰে বিভূষিত কৰে।
আনহাতে, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাৰ সহযোগত অনুষ্ঠিত কালিৰ এই বর্ণাঢ্য অনুষ্ঠানতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত প্রতিষ্ঠাপক সভানেত্রী, বিশিষ্ট শিক্ষাবিদ, লেখিকা, গায়িকা পদ্মশ্রী ড° শীলা বৰঠাকুৰৰ এটা আবক্ষ মূর্তি উন্মোচন কৰে বিশিষ্ট সাংবাদিক-সাহিত্যিক অনুৰাধা শর্মা পূজাৰীয়ে। মূল অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলনৰ পাছত ড° শীলা বৰঠাকুৰ, ষড়ানন বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই বিশিষ্ট সাংবাদিক-সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ড° শীলা বৰঠাকুৰৰ একমাত্র পুত্ৰ ড° সঞ্জীৱ বৰঠাকুৰৰ আৰ্থিক সহযোগিতাৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে নিৰ্মাণ কৰি উলিওৱা প্রতিষ্ঠাপক সভানেত্রী ড° শীলা বৰঠাকুৰৰ আবক্ষ মূৰ্তিটো উন্মোচন কৰে অনুৰাধা শৰ্মা পূজাৰীয়ে।
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ৰাজ্যখনৰ বিভিন্ন শাখাৰ বিষয়ববীয়া আৰু সদস্যাসকলৰ উৰুলি আৰু লেখিকা তথা তেজপুৰ শাখাৰ সম্পাদিকা ৰিজুমণি বৰাই শীলা বৰঠাকুৰৰ ওপৰত ৰচনা কৰা এটা সমবেত সংগীতৰ মাজত আনুষ্ঠানিকভাৱে এই আবক্ষ মূর্তি উন্মোচন কৰি অনুৰাধা শৰ্মা পূজাৰীয়ে নিজৰ জীৱনত বিশেষভাৱে প্ৰভাৱ পেলোৱা এগৰাকী প্রগতিবাদী মনৰ লেখিকাৰ স্মৃতিত এই আবক্ষ মূর্তি উন্মোচন কৰিবলৈ পাই ধন্য হোৱা বুলি কয়। তেওঁ কয় যে অসমৰ যিসকল অগ্রণী মহিলাই নাৰী শিক্ষা আৰু প্রগতিবাদী চিন্তাৰে অসমৰ মহিলাসকলক প্ৰেৰণা যোগাই আগবাঢ়ি গৈছিল তাৰ ভিতৰত ড° শীলা বৰঠাকুৰ অন্যতম বুলি মন্তব্য কৰি এই আবক্ষ মূৰ্তিৰ দ্বাৰা শীলা বাইদেউ তেজপুৰত জিলিকি থাকিব। ইয়াৰ পাছতে কেন্দ্রীয় কার্যালয়ত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সুৱৰ্ণ শইকীয়া বৰদলৈৰ পৌৰোহিত্যত অনুষ্ঠিত হয় মূল অনুষ্ঠান। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুর্মিয়ে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে তেজপুৰ শাখাৰ সভানেত্রী মীনাক্ষি শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱা মূল অনুষ্ঠান আৰম্ভ হয় তেজপুৰ শাখাৰ বিষয়ববীয়া আৰু সদস্যাসকলৰ 'চিৰচেনেহী মোৰ ভাষা জননী' শীর্ষক গীতেৰে।
অনুষ্ঠানটিত সম্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ সভাপতি ড° ভুবনেশ্বৰ চহৰীয়া, অনুৰাধা শৰ্মা পূজাৰী আৰু 'আইদেউ সন্দিকৈ বঁটা' প্রাপক বিশিষ্ট অভিনেত্রী ডাঃ জাহানাৰা বেগমে বন্তি প্রজ্বলন কৰা মূল সভাখন উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা স্বর্ণ বৰুৱা গগৈয়ে। উদ্বোধনী ভাষণত গগৈয়ে ড° শীলা বৰঠাকুৰৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিলৈ আগবঢ়োৱা অৱদানৰ লগতে আইদেউ সন্দিকৈৰ জীৱন পৰিচিতি আলোকপাত কৰে।
আনহাতে, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্রী তথা বৰ্তমানৰ উপদেষ্টা ড° চাৰু চহৰীয়া নাথে নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি আগবঢ়োৱা ভাষণত ১৯৭৪ চনৰ ২ নৱেম্বৰত ড° শীলা বৰঠাকুৰৰ প্রযত্নত গঢ়ি উঠা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বৰ্তমান দেশে-বিদেশে সাতশ শাখাৰে অসমৰ এক জাতীয় অনুষ্ঠান হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰে। কাৰ্যকৰী সভানেত্রী স্নিগ্ধাৰাণী গগৈ, তিনিগৰাকীকৈ প্রাক্তন সভানেত্রী তথা উপদেষ্টা ক্রমে আভা বৰা, পুষ্পা গগৈ, ভাৰতী দত্ত আৰু 'অকণিৰ সাহিত্য সভা'ৰ সভাপতি পংকজ বৰুৱাইও আমন্ত্রিত অতিথি ৰূপে বিশেষ আসন শুৱনি কৰা অনুষ্ঠানটোত সম্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্রক ড° ভুবনেশ্বৰ চহৰীয়াই। অনুষ্ঠানটোত সমিতিৰ বিষয়ববীয়া আৰু সদস্যাসকলৰ বিপুল হর্ষোল্লাসৰ মাজত ফুলৰ মালা পিন্ধাই আদৰি অনা ডঃ জাহানাৰা বেগমক আনুষ্ঠানিকভাৱে 'আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা' প্ৰদান কৰাৰ মুহূর্তত সভাস্থলীত এক অনন্য পৰিৱেশৰ সৃষ্টি হয়। সভানেত্ৰীৰ আসনৰ পৰা সুৱৰ্ণ শইকীয়া বৰদলৈয়ে অনুৰাধা শৰ্মা পূজাৰীৰ গল্পৰ আধাৰত 'অনুৰ' বোলছবিৰ বাবেই ডাঃ জাহানাৰা বেগমে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা আৰু দুয়োগৰাকীৰ মাজত এক আত্মিক সম্পর্ক থকাৰ পাছত আজি মণিকাঞ্চন সংযোগ ঘটিছে বুলি কৈ ডাঃ জাহানাৰা বেগমক বিশেষভাবে উদ্বুদ্ধ কৰাৰ পাছতেই। গামোচা, চেলেং চাদৰ, স্মাৰক, শৰাই, ফুলাম জাপি, গ্ৰন্থৰ টোপোলা, প্রশস্তি-পত্ৰ আৰু নগদ ধনেৰে বিষয়ববীয়া আৰু অতিথিসকলে ২০২৫ বৰ্ষৰ 'আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা' প্রদান কৰে। বঁটা গ্ৰহণ কৰি বিশিষ্ট অভিনেত্রী ডাঃ জাহানাৰা বেগমে আগবঢ়োৱা ভাষণত ত্যাগৰ প্রতীক অসমৰ অভিনেত্ৰীৰ বাবে বাটকটীয়া আইদেউ সন্দিকৈৰ দৰে মহীয়সীৰ সোঁৱৰণত বঁটা এটিৰ প্ৰাপক হ'বলৈ পাই ধন্য হোৱা বুলি মন্তব্য কৰে। আইদেউ সন্দিকৈয়ে ১৯৩৫ চনত যি প্রত্যাহান আৰু বঞ্চনা তথা সমাজৰ ৰোষৰ সন্মুখীন হৈছিল আজিৰ দিনতো সেই একেই প্রত্যাহ্বান আৰু বঞ্চনাৰ সম্মুখীন হ'বলগীয়া হোৱাটো দুখৰ কথা বুলি আক্ষেপ প্রকাশ কৰে। এই কথা অপ্রিয় হ'লেও কোনো কোনো ক্ষেত্রত আজিও সত্য বুলি কৈ সেই অবাঞ্ছিত সত্যৰ বিপৰীতে আইদেউ সন্দিকৈৰ চৰম ত্যাগক সকলো নাৰীয়ে সন্মান আৰু শ্রদ্ধা জনোৱা উচিত বুলি মন্তব্য কৰে।
আনহাতে মূল অনুষ্ঠানটিত আন অতিথিসকলৰ লগতে বিশিষ্ট সাংবাদিক-সাহিত্যিক অনুৰাধা শর্মা পূজাৰীয়ে আগবঢ়োৱা মূল ভাষণত ঐতিহ্য আৰু সংস্কৃতিৰ নগৰী তেজপুৰৰ পৰা মিনা আগৰৱালা আৰু ড° শীলা বৰঠাকুৰে মানুহৰ বাবে এটা হৃদয়ৰ বাট গঢ়ি তুলিছিল বুলি কৈ তেজপুৰৰ এই দুগৰাকীৰ দৰে আধুনিক প্রগতিবাদী মহিলা মই জীৱনত খুব কম লগ পোৱা বুলি কয়। পুৰুষতান্ত্রিক বৌদ্ধিক সমাজখনৰ পৰা মহিলাসকলে সম্মুখীন হোৱা সমস্যাৰ পৰা মুক্ত হ'বৰ বাবেই তেওঁ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্ম দিছিল বুলি কৈ মহিলাসকলেহে বেছিকৈ সমাজ সুন্দৰ কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে।