ড° পীতাম্বৰ দেৱ গোস্বামীক সন্মানীয় ডি লিট ডিগ্রী প্রদান

dainik janambhumi September 04, 2025

ডিজিটেল ডেস্ক : অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বুধবাৰে দ্বাদশ দীক্ষান্ত সমাৰোহত আনুষ্ঠানিকভাৱে আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক বিশ্ববিদ্যালয়খনে সন্মানীয় ডি লিট ডিগ্ৰী প্ৰদান কৰে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য মুখ্য অতিথি হিচাপে উপস্থিত থকা দীক্ষান্ত সমাৰোহত অন্যান্য ডিগ্ৰীসমূহ প্ৰদান কৰাৰ পূৰ্বে আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয়খনে আগবঢ়োৱা সন্মানীয় ডি লিট ডিগ্ৰী প্ৰদান কৰে। ইফালে আচার্য তথা সত্ৰাধিকাৰ গৰাকীৰ সৈতে পদ্মশ্রী তথা দিল্লীৰ এইমছৰ প্ৰাক্তন সঞ্চালক, বিলাসপুৰ এইমছৰ বৰ্তমানৰ সঞ্চালক ৰণদীপ গুলেৰীয়াকো সন্মানীয় ডিলিট উপাধি প্রদান কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ দুলীয়াজনৰ সমীপৰ বিজয় মাহামৰা সত্ৰত ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ১৯৫৯ চনৰ ১৪ জুনত জন্মগ্রহণ কৰে। পিতৃৰ নাম দেৱকান্ত গোস্বামী আৰু মাতৃৰ নাম সুভদ্রা দেৱী। তেতিয়াৰ শিশু পীতাম্বৰ দেৱক ৯ বছৰ বয়সতে টেঙাঘাট বাহৰত বাহৰ পাতি থকা সেই সময়ৰ আউনীআটী সত্ৰৰ অধিকাৰ প্ৰয়াত হেমচন্দ্ৰ দেৱ গোস্বামীৰ হাতত অর্পণ কৰে। তেওঁ আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলে দুলীয়াজানৰ জালান প্রাথমিক বিদ্যালয়ত। 

এইখন বিদ্যালয়ত দ্বিতীয়মানলৈকে পঢ়াৰ পাছত আউনীআটী সত্ৰৰ নিজা বিদ্যালয় আউনীআটী উচ্চ বুনিয়াদী বিদ্যালয়ত মাধ্যমিক শিক্ষা সম্পূর্ণ কৰে। আউনীআটী হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত উত্তৰ গুৱাহাটীত অৱস্থিত আউনীআটী সত্ৰৰ শাখা সত্ৰলৈ যায় আৰু তাতে থাকি ১৯৭৭ চনত উত্তৰ গুৱাহাটী কমলদেৱ প্ৰতিষ্ঠানৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হয়। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰা ১৯৭৯ চন আৰু ১৯৮১ চনত ক্রমে প্রাক্ বিশ্ববিদ্যালয় আৰু অসমীয়াত সন্মানসহ স্নাতক ডিগ্রী অর্জন কৰে। ১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। তেওঁ সংস্কৃত শিক্ষাও উত্তৰ গুৱাহাটীৰ আউনীআটী লীলাকান্ত সংস্কৃত বিদ্যালয়ৰ পৰা লয় আৰু ব্যাকৰণত 'শাস্ত্রী' উপাধি লাভ কৰে। পীতাম্বৰ দেৱ গোস্বামীয়ে ড° নগেন শইকীয়াৰ তত্ত্বাৱধানত 'সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপর্য বিচাৰ' শীর্ষক বিষয়ত গৱেষণা কৰি ২০০১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি অর্জন কৰে। ১৯৯৭ চনত আউনীআটী সত্ৰৰ অধিকাৰৰ 'নিৰ্মালি' গ্ৰহণ কৰা সত্ৰাধিকাৰ গৰাকী এজন সুলেখক হিচাপে পৰিচিত হোৱাৰ লগতে ইতিমধ্যে ভালেমান গ্রন্থ আৰু নাট্য গীতি ৰচনা কৰিছে। 

ইফালে ২০২২ বর্ষতে প্রতিষ্ঠা লাভ কৰা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱ গোস্বামীয়ে উক্ত সন্মান লাভ কৰাৰ বাবে ক্রমে আউনীআটী সত্ৰৰ ডেকা অধিকাৰ দেৱানন্দ দেৱ গোস্বামী, আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড° প্রকাশ জ্যোতি বৰঠাকুৰ, পঞ্জীয়ক ড° মাধুর্যমণ্ডিত বৰুৱা, আচাৰ্যৰ সচিব তুলসী ৰাজখোৱা, আউনীআটী বিশ্ববিদ্যালয়ৰ ন্যাস পৰিষদৰ সচিব প্রশান্ত দত্ত, বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া উৎপল বৰাৰ লগতে বিশ্ববিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকা, বিষয়া-কর্মচাৰী আৰু আউনীআটী সত্ৰৰ সমূহ বৈষ্ণৱে বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা সত্ৰাধিকাৰগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে।

Share This