বজালীৰ পাঠশালাত ডাঃ প্রবীণ ভাই টোগাড়িয়া, নিৰ্বাচনৰ পূৰ্বে অসমৰ পৰা বাংলাদেশী নাগৰিকক বিতাৰণ কৰক

dainik janambhumi January 31, 2026

ডিজিটেল ডেস্ক: 'আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে ৰাজ্যখনৰ পৰা অবৈধভাৱে বসবাস কৰা বাংলাদেশী নাগৰিকক অসমৰ পৰা খেদি পঠাওক। সন্দেহযুক্ত মুছলমান ব্যক্তি লগ পালে তেওঁলোকৰ ডি এন এ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰি হ'লেও অসমৰ পৰা খেদাৰ ব্যৱস্থা কৰক। মই আশা কৰোঁ অসম চৰকাৰে এই বাংলাদেশীক অসমৰ পৰা বহিষ্কাৰ কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে অসমখন সুৰক্ষিত কৰিব।' 

কালি বজালী জিলাৰ সদৰ পাঠশালাৰ নাট্যমন্দিৰত ৰাষ্ট্ৰীয় বজৰংগ দলৰ বৰপেটা, বজালী আৰু বাক্সা জিলাৰ উদ্যোগত আয়োজন কৰা কাৰ্যকৰ্তাসকলৰ এখন সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঃ প্রবীণ ভাই টোগাড়িয়াই। ৰাষ্ট্ৰীয় হিন্দুত্ববাদী নেতাগৰাকীয়ে ভাষণত আৰু কয়, 'যদি অসমৰ পৰা বাংলাদেশী বিতাৰণ কৰা নহয়, তেতিয়াহ'লে অসমত হিন্দুসকলৰ ভৱিষ্যৎ জীৱন অন্ধকাৰ। 

অসমত প্রায় ৫০ লাখ বাংলাদেশী আছে, এই ৫০ লাখ বাংলাদেশী এদিন ৫ কোটি হ'ব আৰু এদিন অসমত থকা বাংলাদেশীসকলে ৰাজত্ব কৰি অসমখনক বাংলাদেশ বনাই পেলাব।' অসমত থকা এইসকল নাগৰিকৰ চৰকাৰী সা-সুবিধা, ভোটাধিকাৰ আদি কৰ্তন কৰি এওঁলোকে যাতে কোনোধৰণৰ চৰকাৰী সুবিধা লাভ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বন জনাই ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে অসমৰ বীৰ লাচিতৰ শৌর্য-বীৰ্যৰ কথা উল্লেখ কৰি কয়- বীৰ লাচিতে যদি মোগলৰ চৰ্দাৰ ঔৰংজেৱৰ ১ লাখ মোগল সেনা বাহিনীক চেদেলি- ভেদেলি কৰিব পাৰে, তেতিয়াহ'লে অসমৰ মানুহে কিয় এই কাম কৰিব নোৱাৰিব। আমাৰ হিন্দুত্ববাদী সংগঠনসমূহে এই কাম নিশ্চয় কৰি দেখুৱাব। ৪০ বছৰ আগৰে এগৰাকী কৰ্কটৰোগৰ ছাৰ্জন বুলি জানিবলৈ দি ডাঃ টোগাড়িয়াই কয়- আমাৰ চিকিৎসালয়সমূহত বাংলাদেশত চিকিৎসা বিজ্ঞান পঢ়ি অসমত কাম কৰাৰ সুবিধা দিব নালাগে। আমাৰ ল'ৰা-ছোৱালীয়ে এই সুবিধা গ্রহণ কৰক। তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰো আমাৰ ৰাজ্যত পঢ়াৰ কোনো দৰকাৰ নাই বুলি উল্লেখ কৰি নেতাগৰাকীয়ে অসমৰ লাভ জেহাদৰ কথা উল্লেখ কৰি এইবোৰ কঠোৰ হাতেৰে বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়। আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সত্ৰ, মন্দিৰ তথা বিভিন্ন ঠাইৰ ভূমি বেদখল কৰি থকাসকলক উচ্ছেদ কৰা কাৰ্যক ধন্যবাদ জ্ঞাপন কৰে। 

আনহাতে বিশ্ব হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰংগ দল আদিকে ধৰি কেইবাটাও হিন্দুত্ববাদী সংগঠনে হিন্দুসকলৰ আর্থ সামাজিক উন্নয়নৰ বাবে কাম কৰি থকা বুলি নেতাগৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক মনোজ কুমাৰ চাহু, ৰাষ্ট্ৰীয় ট্রাইবেল পৰিষদৰ সাধাৰণ সম্পাদক দীপক মহন্ত, অসম প্ৰান্তৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কাৰ্যকৰী সভাপতি অভিজিত ডেকা, ৰাষ্ট্ৰীয় বজৰংগ দলৰ অসম প্ৰান্তৰ যুটীয়া সম্পাদক বলেন নাথ, ৰাষ্ট্ৰীয় বজৰংগ দল, বৰপেটা, বজালী জিলাৰ সভাপতি হিমাংশু ডেকা, সম্পাদক নির্মল তালুকদাৰ আদিকে ধৰি বিভিন্ন প্ৰান্তৰ দুই শতাধিক সদস্য উপস্থিত থাকে।

Share This