মটক যুৱ মহোৎসৱৰ সামৰণি, নিজম পৰিল বেংমৰা সমন্বয় ক্ষেত্ৰ, ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক 'সৌমাৰপীঠ সমন্বয়' বঁটা প্রদান

dainik janambhumi February 09, 2026

ডিজিটেল ডেস্ক: সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ এক বিংশতিতম দ্বি-বার্ষিক অধিৱেশনৰ লগতে সদৌ অসম মটক মহিলা পৰিষদৰ সপ্তম দ্বি-বার্ষিক চাবুৱা কেন্দ্ৰীয় অধিৱেশন আৰু মটক যুৱ মহোৎসৱত শনিবাৰে নিশা অনুষ্ঠিত কার্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক 'সৌমাৰপীঠ সমন্বয় বঁটা'-২০২৬ প্রদান কৰা হয়। এই বঁটা লাভ কৰি খিলঞ্জীয়াৰ প্ৰতি দায়িত্ব অধিক বৃদ্ধি পালে বুলিও মন্তব্য কৰে আছুৰ উপদেষ্টা ড° ভট্টাচাৰ্যই। 

আছুৰ উপদেষ্টাগৰাকীয়ে লগতে অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লগতে বিভিন্ন ধৰ্মাৱলম্বীৰ লোকৰ স্বাৰ্থৰ বাবে কাম কৰি যোৱাৰ প্ৰয়াস অব্যাহত থাকিব বুলিও প্রকাশ কৰে। খিলঞ্জীয়াৰ জাতীয় স্বাৰ্থৰ সন্দৰ্ভত সৰ্বকালৰ বাবে প্রভুত্ব আৰু নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰাৰ লগতে জাতি-জনগোষ্ঠীৰ ঐক্য-সম্প্ৰীতিৰ বাবেও কাম কৰি যাব বুলিও কয়। 

ইফালে, কালি দিনজোৰা কাৰ্যসূচীৰে মহোৎসৱৰ সামৰণি পৰে। চাবুৱা বিশমাইলৰ খাঁজিখোৱা গ'ল্‌ফ খেলপথাৰৰ বেংমৰা সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মহোৎসৱৰ অন্তিম দিনা কালি পুৱা অসম ভিত্তিত মাৰাথন দৌৰ প্রতিযোগিতা, আই খেৰী, লখিমী খেৰী আৰু বিয়া নাম প্রতিযোগিতা, কবিতা আবৃত্তি, পৰম্পৰাগত কৃষি পদ্ধতি বনাম আন্তঃৰাষ্ট্ৰীয় বজাৰ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 

কালিৰ মুকলি সভা উদ্বোধন কৰে বিশিষ্ট লেখক, শিক্ষাবিদ যজ্ঞেশ্বৰ চেতিয়াই। সভাত কেইবাখনো স্মৃতি গ্রন্থ, কাব্যগ্রন্থ, গ্রন্থ আদি উন্মোচন কৰা হয়। মুকলি সভাত কেন্দ্রীয় মন্ত্ৰী তথা চাবুৱাৰ সুযোগ সন্তান সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে মই চাবুৱাৰ সন্তান হিচাপে গৌৰৱ কৰোঁ, এই চাবুৱাত যুৱ মহোৎসৱ হৈছে, আমি সকলো দিশত পাকৈত হ'ব লাগিব, অধ্যয়ন কৰিব লাগিব, অনুশীলন কৰিব লাগিব। ঐতিহ্য আৰু ঐক্য জীয়াই ৰাখিব লাগিব। আত্মনিৰ্ভৰশীল হ'বলৈ চাবুৱা শক্তিশালী হ'ব লাগিব। মই অত্যন্ত গৌৰৱ কৰোঁ, আপোনালোকে মোক এম এল এ পাতিছে, সাংসদ পাতিছে, মন্ত্রী পাতিছে দেশৰ সেৱা কৰিবলৈ। আপোনালোকৰ আশীর্বাদত মই মুখ্যমন্ত্রী হৈ থাকোঁতে চাবুৱাত প্ৰথমখন ক্রীড়া বিশ্ববিদ্যালয়, মটক স্বায়ত্তশাসিত পৰিষদ, স্বৰ্গদেউ সৰ্বানন্দ সিঙৰ নামত প্রথম বঁটা প্ৰৱৰ্তন কৰা হৈছিল। আজি এইখন সভাত সকলো মটক জনগোষ্ঠী সংগঠন একত্রিত হৈ এটাই বার্তা দিব। যিমান ধুমুহা আহিলেও এনেদৰে ঐক্যবদ্ধ হৈ থাকিম, ভূমিকম্প আহিলেও ঐক্যবদ্ধ হৈ থাকিম। 

সভাত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, অসম গৃহ নির্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোহাঁই, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ডেভিদ চেতিয়া, উপাধ্যক্ষ দেৱর্ষি চেতিয়া, মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোহাঁই, মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপদেষ্টা মিন্টু বৰপাত্ৰ গোহাঁই, সভাপতি ৰঞ্জিত গোহাঁই, সদৌ অসম আহোম সভাৰ সভাপতি শশাংক নেওগ, সদৌ অসম মটক মহিলা পৰিষদৰ সভানেত্ৰী ৰূপালী গগৈ, অভ্যর্থনা সমিতিৰ সভাপতি প্রশান্ত নেওগ আদি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। 

আনহাতে যুৱ মহোৎসৱৰ সৈতে সংগতি ৰাখি বেংমৰাৰ ভূঁইতলীত কবিতাৰ বুলনি শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়। বেংমৰাৰ ভূঁইতলী কবিতাৰ শীৰ্ষক অনুষ্ঠানটোৰ আৰম্ভণিতে হিমাদ্রী গোহাঁইৰ কথা আৰু সুৰে মটক কোঁৱৰী ৰূপহী জীৱন আধাৰিত এটি সমৱেত গীত পৰিৱেশন কৰে। 

ড° ননীৰূপা চেতিয়াৰ সভাপতিত্বত কবি, সাহিত্যক, সাংবাদিক যাদৱ গগৈৰ সঞ্চালনত অনুষ্ঠিত হোৱা কাব্য অনুষ্ঠানত ডিব্ৰুগড়-তিনিচুকীয়াৰ ১০০ৰো অধিক কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি জুলিয়ানা বেগমে কাব্যগ্রন্থ জাংফাই উন্মোচন কৰে। বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন উপস্থিত থকা এই অনুষ্ঠানটোৰ আঁত ধৰে কবি ৰজনীল গগৈয়ে।

Share This