ডিজিটেল ডেস্কঃ কাকপথাৰস্থিত ভাৰতীয় সেনাৰ ১৯নং গ্রেনেডিয়াৰ ৰেজিমেণ্ট শিবিৰত যোৱা ১৭ অক্টোবৰত নিশা প্রায় ১২-৩০ বজাত কৰা আক্ৰমণত আলফাই (স্বা) ব্যৱহাৰ কৰা বাহনখনৰ চালকগৰাকী গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। আক্রমণত সেনাৰ গুলীত আলফা (স্বা)ই ব্যৱহাৰ কৰা AS 25 EC 2359 নম্বৰৰ টাকখনৰ চালক বিতুল বৰুৱাৰ মুখত গুলী লাগিছিল।
সেনা শিবিৰত তিনিটাকৈ ৰকেট প্রক্সপেন্ড গ্রেনেড (আৰ পি জি) নিক্ষেপ কৰাৰ পাছতে দলটো সীমান্তবর্তী থাপাবাৰী-টেঙাপানীৰ সমীপৰ নদিহিং পাৰত গাড়ীখন এৰি অৰুণাচলৰ দিশে পলায়ন কৰে। খবৰ অনুসৰি আলফাৰ দলটোৱে গুলীবিদ্ধ চালকজনক অৰুণাচলত এৰি থৈ যায়। শদিয়া আৰক্ষীয়ে অভিযান চলাই গুলীবিদ্ধ বিতুল বৰুৱাক উদ্ধাৰ কৰে। বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত আলফাক সহযোগ কৰা গাড়ীচালক বিতুল বৰুৱা চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ডাঙৰীৰ যুৱক বিতুল বৰুৱাই উক্ত বাহনখন গুৱাহাটীৰ এটা ডিলাৰৰ পৰা নিজে ক্ৰয় কৰি আনিছিল বুলি জানিব পৰা গৈছে। ইফালে আলফাই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে যদিও চালকজনৰ তথ্য গোপনে ৰাখি আক্ৰমণটোক (অভিযান প্রতিশোধ)ৰ অধীনত সংযুক্ত মুক্তি ফৌজৰ এক সফল অভিযান বুলি উল্লেখ কৰিছিল।