ড্ৰাগছ সৰবৰাহকাৰী মিজানুৰ ৰহমানক আটক ৰূপহীহাট আৰক্ষীৰ

Kakali Deka May 15, 2025

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চল যেন পৰিণত হৈছে নিষিদ্ধ ঘোষিত ড্ৰাগছৰ চোৰাং বেহাৰ ঘাটিত। উত্তৰ পূবৰ ৰাজ্যকেইখনত চলিছে এই নিচাজাতীয় সামগ্ৰীসমূহৰ অবাধ সৰবৰাহ।

শেহতীয়াকৈ অসমৰ কেইবাটাও অঞ্চলত ড্ৰাগছৰ ঘটনা পোহৰলৈ আহিছে। ঠায়ে ঠায়ে ড্ৰাগছ জব্দ হোৱাৰ পাছতেই চিন্তিত হৈ পৰিছে সচেতন মহল।

অসম আৰক্ষী তথা অসম চৰকাৰ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱা সত্ত্বেও ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৰাজ্যজুৰি চলি আছে।

শেহতীয়াকৈ ৰূপহীহাট আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান।  ড্ৰাগছ সৰবৰাহকাৰী মিজানুৰ ৰহমানক আটক ৰূপহীহাট আৰক্ষীৰ।

গুনাবাৰীত অভিযান চলাই ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীটোক।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী মিজানুৰ ৰহমান হাতীপাৰাৰ বাসিন্দা  বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই AS 01 EG 8693 নম্বৰৰ মটৰ চাইকেলত অহা মিজানুৰ ৰহমান নামৰ সৰবৰাহকাৰীটোক ড্ৰাগছসহ আটক কৰে।

জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১০.৫৫গ্ৰাম। 

সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে মিজানুৰৰ জেৰা অব্যাহত ৰাখিছে।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This