ডিজিটেল ডেস্ক : নগাঁও জিলাৰ পুৰণিগুদাম গড়মূৰৰ নিৱাসী শিশুবন্ধু হিচাপে পৰিচিত তথা অকণি সাহিত্য সভাৰ উদ্যোক্তা দুলাল বৰাক এটা ক্ষুদ্র গল্প লিখাৰ অপৰাধত শনিবাৰে নিশা চামগুৰি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। জানিব পৰা মতে, সামাজিক মাধ্যমত হিন্দুৰ আৰাধ্য দেৱতা ভগৱান শ্রীকৃষ্ণৰ সৈতে ৰুক্মিণীৰ বিবাহ প্রসংগত আপত্তিজনক মন্তব্যৰে এটি ক্ষুদ্র গল্প লিখাৰ অপৰাধত যোৱা নিশা প্রায় ২ বজাত দুলাল বৰাক চামগুৰিৰ আৰক্ষীয়ে গড়মূৰ মছজিদৰ সমীপতে থকা নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে চামগুৰি থানাত নিজাববীয়া গোচৰ ৰুজু কৰি 133/25 u/s196(1)(a)/197(1)(d)/299/302/152/258 ধাৰাত গ্ৰেপ্তাৰ কৰে।
ইছলামধর্মীয় লোকৰ পৱিত্ৰ ঈদৰ দিনটোতে দুলাল বৰাই লিখা ক্ষুদ্র গল্প- 'শ্রীকৃষ্ণই ৰুক্মিণীক বিয়া পাতিছিল বুলি সকলোৱে জানে। সেই বিয়াত ৰুক্মিণীৰ দেউতাকে ১ লাখ গৰু মাৰি ভোজ খুৱাইছিল' বুলি সামাজিক মাধ্যমত প'ষ্ট দিছিল। যাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত জোকাৰণিৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন পক্ষই গৰিহণা দিয়ে। লগতে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ (মাছ) ভাৰপ্ৰাপ্ত সচিবপ্রধান লক্ষীপ্রসাদ ডেকাই উক্ত বিতর্কিত প'ষ্ট দিয়াৰ বাবে খেদ প্রকাশ কৰে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে বিভিন্ন সময়ত সামাজিক মাধ্যমত কিছুমান কথা লিখি বিতৰ্কৰ মাজত সোমাই পৰা দুলাল বৰাই শেহতীয়াকৈ ধর্মীয় আবেগ জড়িত থকা কথা লিখি ৰঙাঘৰৰ আলহী হ'ব লগা হয়। উল্লেখযোগ্য যে পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলাৰ দৰে অনুষ্ঠানৰ জন্ম দিয়াৰ লগত জড়িত থকা এজন ব্যক্তিয়ে এনেধৰণৰ বিতর্কিত প'ষ্ট দিয়া বিষয়টোক সকলোৱে একমুখে গৰিহণা দিয়ে।