ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত এজন গৃহৰক্ষী জোৱান

Kakali Deka April 21, 2025

ডিজিটেল ডেস্কঃ কাছাৰৰ মাছিমপুৰ আমতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এজন গৃহৰক্ষী জোৱান। 

 

নিশা শিলচৰ-কালাইন সংযোগী পথৰ মাছিমপুৰ আমতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতগতিৰ ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ শিলচৰ মেডিকেল কলেজ হস্পিটেলৰ ICU ত জীৱন-মৃত্যুৰে যুঁজি আছে এজন গৃহৰক্ষী জোৱানে। গৃহৰক্ষী জোৱানজন বৰখলা চান্দপুৰৰ বাসিন্দা নজৰুল ইছলাম বুলি জানিব পৰা গৈছে। 

 

নিশা কৰ্তব্য সমাপ্ত কৰি বাইকেৰে ঘৰলৈ ওভতাৰ সময়ত এই ভয়ংকৰ দুৰ্ঘটনাৰ কবলত পৰে জোৱানজন। ঘটনাৰ পাছত স্থানীয় লোকসকলে গৃহৰক্ষী জোৱানজনক গুৰুতৰভাৱে আহত অবস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। বৰ্তমান মেডিকেল কলেজ হস্পিটেলৰ ICU ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে গৃহৰক্ষী জোৱানজন।

Share This