আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ 

Rashmi September 30, 2025

ডিজিটেল ডেস্ক : আজি শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰিৰ অষ্টম দিন। মহা অষ্টমীৰ এই দিনটোত দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক সন্ধি পূজা কৰা হয়। ১০৮গছ চাকিৰে মা দুৰ্গাক কৰা হ'ব পূজা। শাস্ত্ৰ অনুসৰি দেৱী মহাগৌৰীৰ পূজা কৰিলে ভক্তসকলে ধন, ঐশ্বৰ্য আৰু সুখ সাধনৰ বৃদ্ধি হয়। দেৱী মহাগৌৰীৰ ৰূপ বহুত শান্ত আৰু সৌম্য হয়। তেওঁৰ পূজা কৰিলে মনত পবিত্ৰতা অব্যাহত থকাৰ লগতে ভক্তসকলৰ সকলো মনোকামনা পূৰ্ণ হয়। 

দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰাৰ পাছতেই ৰাজ্যৰ চৌদিশে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰিছে। আজি‌ মাংগলিক ৰীতি-নীতিৰে মা দুৰ্গাক কৰা হ'ব সন্ধি পূজা। আজি‌ দিনৰ ১বাজি ৯মিনিটত কৰা হ'ব সন্ধি পূজা। মহাঅষ্টমীৰ দিনা মহাগৌৰীক কেনেগৰে পূজা কৰিব লাগে জানো আহক নৱৰাত্ৰিৰ অষ্টম দিনত দেৱী মৱাগৌৰীৰ পূজা কৰা হয়। 

আজিৰ দিনটোত দেৱীৰ উপাসনাৰ লগতে কন্যা পুজনৰ এটা নিয়ম আছে। ইয়াৰ পাছত পঞ্চমৃত (গাখীৰ, দৈ, চেনী, ঘিউ আৰু মৌ)ৰে দেৱীক গা ধুৱাওৱা হয়। তেওঁক আলতা, কুমকুম আৰু সেন্দুৰ আগবঢ়াব লাগে । তাৰ পিছত ঘিউ আৰু কফুৰৰ সৈতে দেৱী মহাগৌৰীৰ আৰতি প্ৰদৰ্শন কৰিব। শাৰদীয় নৱৰাত্ৰিত অষ্টমী তিথিত দেৱী মহাগৌৰীক নাৰিকল আগবঢ়োৱাটো শুভ বুলি গণ্য কৰা হয়।

Share This