ডিজিটেল ডেস্কঃ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ প্রতিমা অশ্রুসিক্ত নয়নেৰে ভক্তসকলে কালি বিসর্জন দিয়ে। প্রতিমা বিসর্জনৰ লগে লগেই অন্ত পৰিল ৫ দিনীয়া শাৰদীয় দুর্গোৎসৱৰো। সমগ্ৰ অসমতে যথা বিহিত ধর্মীয় ৰীতি-নীতি অনুসৰি পূজা-অর্চনাৰ অন্তত ভক্তসকলে শোভাযাত্রা কৰি কালি দেৱীক নদী ঘাটসমূহলৈ লৈ যায়।
কিন্তু এইবাৰ পূৰ্বৰ দৰে ভক্তসকলৰ আনন্দ-উল্লাস দেখা পোৱা নগ'ল। কিয়নো অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সমগ্র অসমতে এক আৱেগবিহ্বল পৰিস্থিতিয়ে এতিয়াও বিৰাজ কৰি আছে। আনকি কালি দেৱীক বিসর্জন দিবলৈ যোৱা প্ৰতিটো দলতে জুবিনৰ গানহে শুনিবলৈ পোৱা যায়। চৌদিশে গুঞ্জৰিত হয় জুবিনৰ কালজয়ী গীত মায়াবিনী...।
উল্লেখযোগ্য যে বিজয়া দশমী মানেই মা দুর্গাই পৃথিবী এৰি কৈলাসলৈ উভতি যোৱা। বৃহস্পতিবাৰে ভক্তগণে দুর্গতিনাশিনী দুর্গা মাক বিদায় দি পুনৰ এটা বছৰৰ অপেক্ষা কৰিব। ইফালে বিজয়া দশমী উপলক্ষে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ৰাৱণ দাহৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। পুৰাণ মতে, এই তিথিত দুর্গা দেৱীৰ আশীৰ্বাদ লৈ লংকাৰ ৰজা ৰাৱণক বধ কৰিছিল দশৰথ পুত্ৰ শ্ৰীৰামচন্দ্ৰই। স্থানভেদে বিজয়া দশমীৰ দিনা সেন্দুৰ খেলা ৰীতিও চলি আহিছে। বিবাহিত মহিলাসকলে স্বামীৰ মংগল কামনা কৰি সেন্দূৰ পিন্ধে। সেন্দুৰক ব্ৰহ্মাৰ প্রতীক বুলি ভবা হয়।
সেয়েহে কালি দেবী বিসৰ্জনৰ পূৰ্বে মহিলাসকলে সেন্দূৰ খেলে। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন পূজা সমিতিসমূহে পুৱাৰে পৰা দেৱী দুৰ্গাৰ মূৰ্তি বিসর্জন আৰম্ভ কৰিছিল। মহানগৰীৰ লাচিত ঘাট, পাণ্ডু ঘাট, চূণচালি ঘাটকে ধৰি ৫টা ঘাটত পূজা সমিতিবোৰে দেৱীৰ প্রতিমা বিসর্জন দিয়ে। নিশাও যাতে কোনো অসুবিধা নোহোৱাকৈ মূর্তি বিসর্জন দিব পাৰে তাৰ বাবে প্রশাসনে পোহৰৰ ব্যৱস্থা কৰিছে। মন কৰিব লগীয়া কথা যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ শোক আৰু ক্ষোভে এইবাৰ ম্লান কৰি পেলায় শাৰদীয় দুর্গোৎসৱৰ আনন্দ-উল্লাস। পৰম্পৰা ৰক্ষা কৰিহে মাথোঁ ৰাজ্যৰ প্রান্তে প্রান্তে পূজা কৰা হৈছে। ৰাজ্যৰ প্ৰায় সকলো পূজা মণ্ডপতে প্ৰাণৰ শিল্পীগৰাকীৰ সোণালী গীতৰ প্ৰতিধ্বনি আৰু তেওঁৰ বিভিন্ন আলোকচিত্রই সলনি কৰি পেলাইছে পূজাস্থলীসমূহৰ পৰিচিত ৰূপ। ক'বলৈ গ'লে পৰম্পৰাগত আধ্যাত্মিক কাৰ্যসূচীসমূহৰ মাজতে সকলো পূজাস্থলীতে সমান্তৰালভাৱে এইবাৰ চলে জুবিন বন্দনাও।