দুর্গা পূজাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হ'বঃ মুখ্যমন্ত্ৰী

dainik janambhumi September 11, 2025

ডিজিটেল ডেস্কঃ বিগত বৰ্ষত দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণ বিশ্বৰ সৰ্বাধিক এটা খর্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পহিলা অক্টোবৰৰ পৰা পৰ্যটকৰ দৰ্শনৰ সুবিধার্থে মুকলি কৰা হৈছিল যদিও এইবাৰ অর্থাৎ ২০২৫-২৬ পর্যটন বর্ষত আগন্তুক দুর্গা পূজাৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শনাৰ্থীৰ কাৰণে মুকলি কৰা হ'ব বুলি বুধবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে।

 নুমলীগড়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আহোঁতে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়া মতে, প্রতি বছৰ দুৰ্গা পূজাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ বহুসংখ্যক পর্যটক কাজিৰঙাত উপস্থিত হয়। গতিকে চলিত মাহৰ ২০ বা ২২ তাৰিখে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ আলোচনা কৰি থকা হৈছে। দুই-এদিনতে চূড়ান্ত হৈ যাব। কাৰণ এইবাৰ যিহেতু বানপানী অহা নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাট-পথ আন বছৰৰ তুলনাত সিমান ক্ষতিও হোৱা নাই। কিছু আগতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'লে ব্যৱসায়-বাণিজ্যও বাঢ়িব বুলি মুখ্যমন্ত্রীয়ে মত প্রকাশ কৰে।

 ইফালে আগন্তুক পর্যটন বর্ষ আৰম্ভ হোৱাৰ পূর্বে স্থানীয় পর্যটন ব্যৱসায়ী বিশেষকৈ জীপ ছাফাৰীৰ গৰাকীয়ে নিজৰ জীপছী বাহন মেৰামতি কৰাৰ লগতে পৰ্যটন নিৱাসৰ গৰাকীয়ে পৰ্যটন নিৱাস সজাই-পৰাই তোলা পৰিলক্ষিত হৈছে। তেনে সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জীপ ছাফাৰীত ব্যৱহাৰ কৰা সকলো জীপছী গাড়ীত এইবাৰ জি পি এছ লগোৱাটো বাধ্যতামূলক কৰিছে। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্র সঞ্চালক ড° সোণালী ঘোষে কাজিৰঙাৰ জীপছীত জি পি এছ সংযুক্ত কৰাৰ সন্দৰ্ভত জানিবলৈ দিয়া মতে, এয়া আইনী ব্যৱস্থা। পৰিবহণ বিভাগৰ জৰিয়তে বনবিভাগৰ দ্বাৰা কেৱল কাজিৰঙাই নহয় সমূহ সংৰক্ষিত এলেকাত চলা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত জি পি এছ সংযুক্ত কৰাৰ ক্ষেত্ৰত একপৰামৰ্শমূলক নির্দেশনা আছে। সেয়েহে এইবাৰ কাজিৰঙাৰ জীপছীসমূহৰ গৰাকীক নিজৰ জীপছী বাহনত জি পি এছ লগাবলৈ কোৱা হৈছে বুলি উল্লেখ কৰি ড° ঘোষে কয়- প্রথম কথাটোৱেই হ'ল সুৰক্ষা। বিগত বৰ্ষত দুই-এক ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, পর্যটক জীপছীৰ পৰা বাগৰি পৰাৰ দৰে ঘটনা সংঘটিত হৈছে। এতিয়া জীপছীত জি পি এছ সংযুক্ত কৰিলে পৰ্যটক তথা জীপছীৰ সুৰক্ষা বৃদ্ধি কৰিব পৰা হ'ব বুলি তেওঁ মন্তব্য কৰে।

 দ্বিতীয়তে তেওঁ কয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰ্যটন পথসমূহত কেতিয়াবা জীপছীৰ ভিৰ হয়। বিশেষকৈ বাঘ চাবলৈ প্রায়ে একেলগে জীপছীসমূহ অহাত ট্রেফিক জামৰ দৰে অৱস্থাৰ সৃষ্টি হয়। জি পি এছৰ জৰিয়তে এইখিনি অলপ হ'লেও পৰিচালনা কৰাত সুবিধা হ'ব বুলি কয় ড° ঘোষে।

Share This