আকৌ গ্ৰেপ্তাৰ দ্বিবন ডেকা! বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ সম্পন্ন কৰিছিল ডেকাই

Kakali Deka August 18, 2023

ডিজিটেল ডেস্কঃ দ্বিবন ডেকাক গ্ৰেপ্তাৰ। পুৱা ৮.১৫ বজাৰ পৰা চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে দ্বিবন ডেকাক। চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দ্বিবন ডেকাক। 

আজি পুৱা চানমাৰি থানাত হাজিৰ হৈছিল দ্বিবন ডেকা। হাফপেণ্ট, টি–ছাৰ্ট পিন্ধি থালৈ আহিছিল দ্বিবন ডেকা।

দীৰ্ঘসময় আৰক্ষীৰ জেৰাৰ অন্তত দ্বিবন ডেকাক গ্ৰেপ্তাৰ কৰে চানমাৰি আৰক্ষীয়ে। বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহপাশত আবদ্ধ হৈছিল দ্বিবন ডেকা।

যাৰ বাবে প্ৰথম পত্নীয়ে এজাহাৰ দিছিল চানমাৰি থানাত। প্ৰথমা পত্নীৰ এজাহাৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হয় ডেকাক। 

দ্বিবন ডেকা এণ্ড কোম্পানীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। দ্বিবনে কেইবা কোটি টকাৰ চাকৰিৰ কেলেংকাৰি সংঘটিত কৰাৰো অভিযোগ

পুৱা ৭ বজাত চানমাৰি আৰক্ষীৰে যোগাযোগ কৰি আত্মসমৰ্পণ কৰিছিল ডেকাই।

DCP অক্ষত গাৰ্গে চলাইছিল দ্বিবন ডেকাক জেৰা। জেৰাত বহুতো বিস্ফোৰক তথ্য ফাদিল হৈছিল।

উল্লেখ্য যে ইন্দ্ৰাণী তহবিলদাৰৰ ফটো ভাইৰেল কাণ্ডত সাঙোৰ খাইছিল দ্বিবন ডেকাৰ নাম। দ্বিবন ডেকা, ইন্দ্ৰাণী আৰু ৰিয়া নামৰ মহিলাগৰাকীৰ এটা অডিঅ’ কলো ভাইৰেল হৈছিল। উল্লেখযোগ্য যে ইন্দ্ৰাণীৰ মৃত্যুৰ পিছৰে পৰা অন্তৰ্ধান হৈ আছিল দ্বিবন ডেকা। কিন্তু আজি পুৱা নিজেই চানমাৰি থানাত হাজিৰ হৈছিল দ্বিবন। তাৰ পিছতে সোধা–পোছা অব্যাহত ৰাখিছিল আৰক্ষীয়ে।

এছ আই কেলেংকাৰীৰে জড়িত হৈ কাৰাগাৰলৈ যোৱা দ্বিবন ডেকা কিছু দিন পূৰ্বেহে আহিছিল মুকলি আকাশৰ তললৈ। ২৬ মাহ জে’ল খাই ওলাই আহিছিল দ্বিবন ডেকা। আজি পুনৰ দ্বিতীয়বাৰলৈ বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ সম্পন্ন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হল দ্বিবন ডেকা।

Share This