ডিজিটেল ডেস্ক: সন্মুখত থকা নিৰ্বাচনৰ বাবে ৰাজ্য চৰকাৰে শিক্ষক কৰ্মচাৰীৰ বাবে গ্রহণ কৰা সিদ্ধান্তবোৰ ততাতৈয়াকৈ কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্রহণ কৰিছে। বিত্ত বিভাগে কালি প্রকাশ কৰা জাননী অনুসৰি কালিৰে পৰা শিক্ষকসকলৰ বৰ্ধিত আর্জিত ছুটী কাৰ্যকৰী হ'ব।
উল্লেখযোগ্য যে ৰাজ্যৰ শিক্ষক সমাজে আন আন ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰাৰ দৰে আৰ্জিত ছুটী ৩০ দিনলৈ বৃদ্ধি কৰিবলৈ বছৰ বছৰ ধৰি দাবী জনাই অহাৰ পাছতো সেই দাবী কাৰ্যকৰী হোৱা নাছিল। কিন্তু সন্মুখত থকা বিধানসভাৰ নিৰ্বাচনৰ বাবে যোৱা ১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত কেবিনেটে শিক্ষকসকলে উত্ত বর্তমানে পাই থকা আৰ্জিত ছুটী ১০ দিনৰ পৰা ১৫ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছিল।
কেবিনেটে অনুমোদন জনোৱাৰ মাত্ৰ এটা সপ্তাহৰ পাছতে, অর্থাৎ কালি বিত্ত বিভাগে আৰ্জিত ছুটী বৃদ্ধিৰ জাননী প্রকাশ কৰিছে। বিত্ত বিভাগৰ (এষ্টাব্লিছমেন্ট-এ) সচিবে আর্জিত ছুটী বৃদ্ধিৰ কৰ জাননীত আজি স্বাক্ষৰ কৰে আৰু কালিৰ দিনটোৰ পৰাই এই নীতি কাৰ্যকৰী হোৱাৰ কথা জাননীত উল্লেখ কৰে।