প্রাথমিক শিক্ষক সন্মিলনীৰ শিক্ষা অভিৱৰ্তন, ৰাজহুৱা খণ্ডৰ প্রাথমিক বিদ্যালয় পুনৰুদ্ধাৰৰ আহ্বান

dainik janambhumi February 08, 2026

ডিজিটেল ডেস্ক: অসমৰ ৰাজহুৱা প্রাথমিক শিক্ষাই সম্মুখীন হোৱা সংকট সন্দৰ্ভত সৰ্বস্তৰৰ ৰাইজক অৱগত কৰি এই সংকট ৰোধ কৰাৰ উপায় বিচৰাৰ লক্ষ্যৰে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত কালিৰে পৰা গুৱাহাটীত দুদিনীয়া শিক্ষা অভিৱর্তন অনুষ্ঠিত হৈছে। 

গুৱাহাটীৰ চানমাৰিস্থিত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ শিক্ষক ভৱনৰ সভাগৃহত অনুষ্ঠিত দুদিনীয়া শিক্ষা অভিৱৰ্তনৰ কালি প্ৰথম দিনা বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড° হীৰেন গোহাঁই, বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° দীনেশ বৈশ্য, বিশিষ্ট লেখক-চিন্তাবিদ ময়ূৰ বৰা আৰু বিশিষ্ট নিবন্ধকাৰ ড° প্রদ্যুম্ন গোস্বামীয়ে বক্তব্য দি ৰাজহুৱা প্ৰাথমিক শিক্ষাক চৰকাৰে পৰিকল্পিতভাৱে ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি মন্তব্য কৰে। 

ৰাজহুৱা শিক্ষা বিৰোধী পদক্ষেপবোৰ ত্যাগ কৰি তাৰ পৰিৱৰ্তে শিক্ষকসকলক শিক্ষাদানৰ আৰু শিক্ষার্থীক শিক্ষাগ্রহণৰ অনুকূল পৰিৱেশ দি ৰাজহুৱা প্ৰাথমিক বিদ্যালয়সমূহক টনকিয়াল কৰাৰহে বাস্তৱসন্মত পদক্ষেপ ল'বলৈ তেওঁলোকে চৰকাৰক আহ্বান জনায়। মাতৃভাষা মাধ্যমৰ ৰাজহুৱা প্ৰাথমিক শিক্ষাৰে এশ শতাংশ লোক শিক্ষিত হ'লেহে ৰাজ্যখনৰ আৰ্থ-সামাজিক প্রগতি আৰু জাতিৰ সুৰক্ষা নিশ্চিত হ'ব বুলি তেওঁলোকে মত প্রকাশ কৰে। 

অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি নীলাক্ষি গগৈ, উপ-সভাপতি ত্রিদিৱ বৰুৱা, প্রাক্তন উপ-সভাপতিদ্বয় ভৈৰৱ মহন্ত আৰু ঘন বৰাক লৈ গঠিত সভাপতিমণ্ডলীয়ে পৰিচালনা কৰা শিক্ষা অভিৱৰ্তনৰ কাৰ্যসূচীৰ আৰম্ভণিতে ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে ৰাজহুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতি চৰকাৰে নমাই অনা অস্তিত্বৰ সংকটৰ ছবিখন বর্ণনাৰে এখন ঘোষণা-পত্র দাঙি ধৰে। এই ঘোষণা-পত্ৰত ৰাজহুৱা প্ৰাথমিক বিদ্যালয় ক্রমাগতভাৱে বন্ধ কৰিব লগাকৈ শিক্ষার্থী হ্ৰাসৰ মূল কাৰণ ৰূপে চিহ্নিত শিক্ষকক শ্ৰেণীকোঠাৰ বাহিৰত পাঠ্যক্রমবহির্ভূত কাম কৰিবলৈ দিয়া আৰু তথ্য যোগনীয়াৰ ৰূপে ব্যৱহাৰ কৰা বন্ধ কৰা, শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ শিক্ষাৰ অধিকাৰ আইন সংশোধন কৰি শ্ৰেণীয়ে প্ৰতি এগৰাকীৰ লগতে শিক্ষক-ছাত্র অনুপাতত শ্রেণীবিভাজন নকৰাকৈ শিক্ষক নিযুক্তি দিয়া, শিক্ষা বর্ষ পূৰ্বৰ দৰে জানুৱাৰীৰ পৰা ডিচেম্বৰ নিৰ্ধাৰণ কৰা, নিম্ন প্রাথমিক বৃত্তি পৰীক্ষা প্ৰতি বছৰে অনুষ্ঠিত কৰা আৰু সকলো বাধা আঁতৰাই ৰাজ্যৰ প্ৰতিখন প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ বাবে চৰকাৰক পৰামৰ্শ আগবঢ়াবলৈ, ৰাজ্যৰ সকলো ৰাজনৈতিক দলকে ৰাজহুৱা প্ৰাথমিক বিদ্যালয়ৰ উত্তৰণৰ বাবে শিক্ষকক শ্রেণীকোঠাতে ব্যস্ত ৰাখিবলৈ পাঠ্যক্রমবহির্ভূত কামৰ পৰা অব্যাহতি দিয়া, শ্রেণী আৰু শিক্ষার্থী অনুপাতে শিক্ষক নিয়োগ কৰা, শিক্ষকৰ শ্ৰেণীবিভাজন বন্ধ কৰা আদি ভিন্ন সমস্যা সমাধানৰ ঘোষণা-পত্ৰ প্ৰকাশৰ আহ্বান জনাবলৈ আৰু প্রাথমিক বিদ্যালয়ৰ সমস্যাসমূহ নজৰত ৰাখি ৰাজহুৱা প্রাথমিক শিক্ষাক মাত্রা প্রদান কৰিবলৈ সাতজনীয়া সমিতি গঠন কৰিবলৈ প্রাথমিক শিক্ষক সম্মিলনীৰ তৰফৰ পৰা সাতটা প্ৰস্তাৱ দাঙি ধৰা হয়। 

শিক্ষা অভিৱর্তনখনত কালি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা মনোমতী কুর্মি, ৰাভা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ ৰাভা, বিশিষ্ট নিবন্ধকাৰ প্ৰবীণ চৌধুৰী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক প্রাগজ্যোতিষ বণিয়া, ভাৰতৰ গণতান্ত্রিক যুৱ-ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক নিৰংকুশ নাথ, ছাত্র মুক্তি সংগ্রাম সমিতি, অসমৰ সভাপতি পিন্টু গগৈ, ভাৰতৰ ছাত্র ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক ৰাজদ্বীপ মহন্ত, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুনীল তির্কী, সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড° সুভাষ ৰাভা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মনোজ কুমাৰ ৰায়, সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ সভাপতি ইমতিয়াজ হুছেইন, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্রিনয়ন বৰুৱা আৰু শিক্ষক-অভিনেতা হিমাংশু বর্মনে ভাষণ দি অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীয়ে ৰাজহুৱা প্ৰাথমিক শিক্ষাক সংকটমুক্ত কৰিবলৈ অভিৱর্তনত ঘোষণা-পত্ৰৰে দাঙি ধৰা প্ৰস্তাৱসমূহৰ প্ৰতি সমর্থন জনায়।

Share This