ডিজিটেল ডেস্ক : শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ যিসকল শিক্ষার্থী সন্তুষ্ট নহয় তেওঁলোকে পৰীক্ষাৰ উত্তৰবহী পুনৰীক্ষণ কৰিব পাৰিব। উত্তৰবহী পুনৰীক্ষণ কৰিব বিচৰাসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।
উল্লেখযোগ্য যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৩৮ দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰি অভিলেখ গঢ়া পৰিষদে এইবাৰ উত্তৰবহী পুনৰীক্ষণৰ বাবে এটা প'র্টেল মুকলি কৰিব। সেই অনুসৰি উত্তৰবহী পুনৰীক্ষণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে ১৪ এপ্ৰিলৰ পৰা উক্ত প'ৰ্টেলৰ জৰিয়তে আৱেদন কৰিব পাৰিব। শুকুৰবাৰে এখন সংবাদমেলৰ জৰিয়তে এই কথা প্রকাশ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে।
যিসকল শিক্ষার্থীয়ে উত্তৰবহী পুনৰীক্ষণ কৰিব বিচাৰিছে, তেওঁলোকৰ বাবে তিনিদিন পাছতে বিশেষ প'ৰ্টেল এটা মুকলি কৰি দিয়া হ'ব বুলি জনাই তেওঁ কয় যে শিক্ষার্থীসকলে এডমিট কার্ডৰ ফটোকপি দিব লাগিব। অৱশ্যে উত্তৰবহী পুনৰীক্ষণ আৰু অ' এম আৰ শ্বীট লাভৰ বাবে প্ৰতিটো বিষয়ৰ বাবত নিৰ্দিষ্ট পৰিমাণৰ ধন অনলাইনযোগে দিব লাগিব।
পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ ১৫ দিনৰ ভিতৰত শিক্ষার্থীসকলে আৱেদন কৰিব লাগিব বুলি জনাই তেওঁ লগতে কয় যে আৱেদন দাখিলৰ ১৫ দিনৰ ভিতৰত ই-মেইলৰ জৰিয়তে উত্তৰবহীৰ সৈতে অ' এম আৰ শ্বীট প্রদান কৰিবলৈ পৰিষদে চেষ্টা কৰিব। আনহাতে অফলাইনযোগে মার্কশ্বিটসমূহ বিদ্যালয়তে ছাত্র-ছাত্রীসকলে লাভ কৰিব বুলিও তেওঁ প্রকাশ কৰে।