জ্বলি ছাই হৈ গ'ল ৮খন নৈশ বাছ, মহানগৰীৰ লখৰাত ৰহস্যজনক অগ্নিকাণ্ড

dainik janambhumi January 09, 2026

ডিজিটেল ডেস্ক: ৰাজ্যৰ ৰাজধানী গুৱাহাটীত বুধবাৰে নিশা এক ৰহস্যজনক অগ্নিকাণ্ডত ভস্মীভূত হ'ল ৮খনকৈ নৈশ বাছসহ কেইবাখনো বিলাসী বাহন। ঘটনাৰ প্রাপ্ত বিৱৰণী অনুসৰি লখৰা-গড়ভঙা পথত থকা নিউ এছ এছ মটৰ ৱৰ্কছ নামৰ এটা গেৰেজত বুধবাৰে নিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। 

বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হ'ল ৮খন নৈশ বাছসহ কেইবাখনো বাহন। লক্ষণীয় যে বাছকেইখনৰ মাজত চাৰিখনেই আছিল একেবাৰে নতুন। বাছৰ বডি নিৰ্মাণৰ কাম চলি আছিল গেৰেজটোত। আন কেইবাখনো বাছৰ মেৰামতিও চলি আছিল। তদুপৰি, এখন ২ টাটা কোম্পানীৰ বাহন আৰু দুখন স্কুটাৰো ভস্মীভূত হয়। ঘটনাৰ খবৰ পোৱাৰ পাছতে ১০খন অগ্নিনির্বাপক বাহিনীৰ বাহনে দীর্ঘ সময় ধৰি যুঁজ কৰি অগ্নি নিয়ন্ত্ৰণ কৰে। এইপর্যন্ত অগ্নিকাণ্ডৰ সূত্রপাত ক'ৰ পৰা হ'ল সেয়া নিশ্চিত হোৱা নাই। 

মাজনিশা প্রায় ১২ বজাত গেৰেজটোত অগ্নিকাণ্ড আৰম্ভ হোৱা বুলি প্রত্যক্ষদর্শীয়ে প্রকাশ কৰিছে। গেৰেজটো সুজিৎ সিং নামৰ এজন পঞ্জাবৰ লোকৰ আছিল বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত প্রায় ৫ কোটি টকাৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। ইফালে, অগ্নিকাণ্ডত সুৰাত বড়ো নামৰ এজন লোকৰ কথমপি প্ৰাণৰক্ষা পৰে। ইফালে, এই অগ্নিকাণ্ড সন্দৰ্ভত সম্প্ৰতি ৰহস্যৰ সৃষ্টি হৈছে। 

দুর্ঘটনাক্রমে অগ্নিকাণ্ড সংঘটিত হৈছিল নে ইচ্ছাকৃতভাৱে অগ্নিসংযোগ কৰা হৈছিল তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ। প্ৰাপ্ত তথ্য অনুসৰি ইমান ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা গম পোৱাৰ পাছতো গেৰেজটোৰ স্বত্বাধিকাৰী সুজিৎ সিং ঘটনাস্থলীলৈ নগ'ল। আনহাতে, বডি নির্মাণ কৰি থকা দুখন বাছৰ কাম সম্পূৰ্ণ হৈছিল আৰু বাছ দুখন আজি গেৰেজৰ পৰা উলিয়াই অনাৰ কথা আছিল। বাছখনৰ গৰাকীকো গেৰেজৰ স্বত্বাধিকাৰীয়ে দুৰ্ঘটনাৰ খবৰ দিয়া নাছিল। তেওঁ অন্য লোকৰ পৰাহে এই খবৰ পাই পুৱাই ঘটনাস্থলীত উপস্থিত হৈ মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হয়।

Share This