ডিজিটেল ডেস্ক: নতুন বছৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কৰ্মচাৰী সমাজ, মহিলা, ছাত্র, জ্যেষ্ঠ নাগৰিক আৰু উদাসীন ভকতসকললৈ দিলে আশাৰ বতৰা। কেন্দ্রীয় কৰ্মচাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। দেশৰ আন কোনো ৰাজ্যই এতিয়ালৈ অষ্টম দৰমহা আয়োগ গঠন কৰা নাই।
কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে অষ্টম দৰমহা আয়োগ গঠন হোৱা অসম প্রথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ল। ছাত্রীসকলক উচ্চ শিক্ষা গ্রহণত সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰে 'নিযুত মইনা' নামৰ এখন আঁচনি গ্রহণ কৰি আৰ্থিক সাহায্য আগবঢ়াই অহাৰ পাছত ছাত্রসকলেও একেই দাবী উত্থাপন কৰি আছিল। মুখ্যমন্ত্ৰীয়ে কয় যে ছাত্ৰসকলকো সামৰি একেধৰণৰ আঁচনি ল'ব লাগে বুলি একপ্ৰকাৰ নীৰৱ আন্দোলন তেওঁলোকে চলাই আছিল। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা ফেব্ৰুৱাৰী মাহৰ পৰা স্নাতক শাখাত অধ্যয়ন কৰা ছাত্ৰসকলকো প্রতিমাহে এহেজাৰ টকাকৈ আৰু স্নাতকোত্তৰ শাখাত অধ্যয়ন কৰাসকলক প্রতিমাহে দুহেজাৰ টকাকৈ আর্থিক সাহায্য প্ৰদান কৰা হ'ব। দুয়োটা স্তৰতে নামভর্তি কৰা সময়ৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব। 'বাবু' নামৰ এই আঁচনিৰ বাবে অৱশ্যে চর্ত থাকিব যে ছাত্ৰজনৰ পিতৃৰ উপাৰ্জন বছৰি চাৰি লাখ টকাৰ ওপৰত হ'ব নোৱাৰিব। ছাত্ৰীসকলৰ ক্ষেত্ৰত এই চর্ত প্রযোজ্য হোৱা নাছিল। ৰাজ্যৰ ৩৮ লাখ মহিলা উপকৃত হোৱা জনপ্রিয় আঁচনি 'অৰুণোদয়'ত অন্তর্ভুক্ত মহিলাসকলে অহা ফেব্ৰুৱাৰী মাহত একেলগে ৮ হাজাৰ টকাকৈ লাভ কৰিব। নির্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত অৰুণোদয় আঁচনিৰ ধন আদায় দিয়াৰ বিৰোধিতা কৰি নিৰ্বাচন আয়োগক আপত্তি দিব। সেয়েহে, আপত্তি দিব নোৱৰাকৈ আগতীয়াকৈ, অর্থাৎ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্রিল মাহৰ বাবে প্ৰতিমাহৰ ১২৫০ টকাকৈ মুঠ চাৰি হাজাৰ টকা আৰু অতিৰিক্তকৈ তিনি হাজাৰ টকা মুঠ ৮ হাজাৰ টকা ৰাজ্য চৰকাৰে একেলগে আদায় দিয়াৰ কথা কালি মুখ্যমন্ত্রীয়ে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত নতুন দিনৰ আন্তৰংগ আলাপত ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে মহিলা সমাজৰ বাবে তেওঁৰ এয়া বিহুৰ উপহাৰ। ইফালে, জ্যেষ্ঠ নাগৰিকসকলৰ পেঞ্চন বৃদ্ধি কৰাৰ কথাও কালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। জ্যেষ্ঠ নাগৰিকসকলে বর্তমানে প্রতিমাহে ২৫০ টকাকৈ বৃদ্ধ পেঞ্চন লাভ কৰি আছিল। জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ এই পেঞ্চনৰ পৰিমাণ ৪০০ টকাকৈ লাভ কৰিব। উদাসীন ভকতসকলেও চলিত মাহৰে পৰা প্রতিমাহে ১৫০০ টকাকৈ লাভ কৰিব। ৭০ লাখ পৰিয়ালে বিনামূলীয়া চাউলৰ লগতে মুঠ ১১৭টকাত এক কেজিকৈ চেনি, মচুৰ দাইল আৰু নিমখ সুলভ মূল্যৰ পৰা ক্ৰয় কৰি আছিল। এই মাহৰ পৰা এই তিনিওবিধ সামগ্ৰী ১০০ টকাত লাভ কৰিব বুলি আজি বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্রী ড° শৰ্মাই ঘোষণা কৰে।
ইফালে, সাংবাদিকৰে হোৱা মত বিনিময়ত সাহিত্যিক পেঞ্চন বৃদ্ধিৰ বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্রীয়ে কয় যে যিহেতু ইতিমধ্যে বাজেট হৈ গ'ল সেয়েহে এতিয়া তেনে সিদ্ধান্ত লোৱাত অসুবিধা আছে আৰু পৰৱৰ্তী সময়ত বিবেচনা কৰা হ'ব। গুৱাহাটীত বহু কম উপাৰ্জন কৰা যুৱক-যুৱতীয়ে ভাৰাঘৰত থাকিবলগীয়া হয়। তেওঁলোকে উপর্জন কৰা টকাৰ পৰা বৃহৎ অংশ ভাৰাঘৰৰ বাবত দিবলগীয়া হয়। এই বিষয়টো উনুকিয়াই মুখ্যমন্ত্ৰীক কঠোৰ আইন প্ৰণয়ন কৰাৰ বাবে জনোৱা আহ্বানৰ পাছত মুখ্যমন্ত্ৰীয়ে সহানুভূতিৰে বিবেচনা কৰাৰ কথা কয়।