ডিজিটেল ডেস্কঃ প্রতিকূল বতৰৰ মাজতো সম্প্ৰতি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিছে ঊষা নগৰী তেজপুৰ। তেজপুৰৰ চৌদিশে এতিয়া নানাৰঙী ফুলৰ নয়নাভিৰাম দৃশ্য। একেদৰে লাগিছে তেজপুৰৰ বিখ্যাত লিছু। এফালে লিচুৰ ৰঙচুৱা সৌন্দর্য, আনফালে নানাৰঙী ফুলৰ সমাহাৰ। ইপিনে তেজপুৰ আদালত চৌহদৰ ৩০ জোপা এজাৰ গছৰ মনোৰম পৰিৱেশ। আদালত চৌহদৰ সেই মনোমোহা এজাৰ ফুলৰ লগতে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ কৃষ্ণচূড়া, সোণাৰু, কাঞ্চন ফুলৰ নৈসর্গিক শোভাই এতিয়া হাতবাউলি মাতিছে প্রকৃতিপ্রেমীক। ব্ৰিটিছে ৰোপণ কৰা এজাৰ ফুলৰ নয়নাভিৰাম দৃশ্যত এতিয়া মুগ্ধ সকলো।
মন কৰিব লগীয়া যে আদালত চৌহদৰ এই এজাৰ গছসমূহৰ এতিয়াও খবৰ লয় বগা চাহাবে। কিন্তু এই এজাৰে বহুতকে বেজাৰৰ মাজতে মন প্রফুল্লিত। কৰি আহিছে। এই ৩০ জোপা এজাৰৰ আছে ১২৪ বছৰীয়া এক বিশেষ ইতিহাস। এখন আদালতৰ চৌহদত শাৰী শাৰীকৈ থকা এজাৰ গছৰ এক নয়নাভিৰাম দৃশ্য সততে আন ক'তো দেখিবলৈ পোৱা নাযায়। দূৰৈৰ পৰাই মন জুৰ পেলোৱা নান্দনিক ৰঙা-বেঙুনীয়া-ফুলেৰে জাতিষ্কাৰ এখন আদালতৰ চৌহদ। তেজপুৰ জিলা আদালতৰ প্ৰৱেশদ্বাৰৰ পৰা সমগ্ৰ চৌহদত শাৰী শাৰীকৈ থকা প্রায় ৩০ জোপা এজাৰৰ এই বেঙুনীয়া ফুলে এতিয়া চৌদিশ ৰঙীন কৰি তুলিছে। ১৯০১ চনত মার্টিন বাৰ্নাৰৰ প্ৰচেষ্টাত ৰোপণ কৰা হৈছিল এই এজাৰ গছসমূহ। এজাৰসমূহে ইতিমধ্যে ১২৪ বছৰ গৰকিলে। কিন্তু কোনো অভিমান নকৰাকৈয়ে একে ঠাইতে প্রতিবছৰে বিলাই আহিছে ইয়াৰ সৌন্দৰ্য আৰু আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দেশ-বিদেশৰ পৰ্যটকক। তেজপুৰবাসী আৰু আদালতখনৰ বিষয়া কৰ্মচাৰীসকলে ইয়াকে লৈ গৌৰৱ অনুভৱো কৰে। এই এজাৰ গছ ৰোপণ কৰি যোৱা ব্ৰিটিছসকলে এতিয়াও খবৰ ৰাখি আহিছে 'কুশলে আছনে এজাৰকেইজোপা?' বিগত কিছুবছৰৰ পূৰ্বে লণ্ডনৰ পৰা পত্ৰৰ যোগেদি ইয়াৰ প্ৰতিপালৰ বিষয়ে খবৰ লৈছিল ব্ৰিটিছে। উল্লেখযোগ্য যে এজাৰ বেঙুনীয়া ৰঙৰ ফুলৰ এবিধ পর্ণপাতী উদ্ভিদ। বিশেষকৈ ভাৰত, শ্রীলংকা, ম্যানমাৰ, মালয়েছিয়া, অস্ট্রেলিয়া আৰু চীন দেশত এই এজাৰ গছ পোৱা যায়। এজাৰৰ বৈজ্ঞানিক নাম Lagerstroemia speciosa. ইয়াৰ পূৰ্ণ বয়সৰ গছ এজোপা ১০ মিটাৰৰ পৰা ২০ মিটাৰ পৰ্যন্ত ওখ হয়। গা-গছ পোন, চেগুণ গছৰ নিচিনা। পাতবোৰ প্রায় ২৫ চেঃমিঃ দীঘল আৰু ৬-৮ চেঃমিঃ বহল হয়। এজাৰৰ পাতবোৰ আগলৈ জোঙা আকৃতিৰ। পাতৰ মধ্যসিবা স্পষ্ট, কিন্তু তাৰ দুকাষত থকা পার্শ্বসিৰা ১০-২০ যোৰ পাতৰ দাঁতিলৈ ভাজখোৱা। ফেব্ৰুৱাৰী-মার্চ মাহত গছৰ পাতবোৰ সম্পূৰ্ণকৈ সৰি গৈ মে' মাহত নতুন কুঁহিপাত আৰু ফুলৰ কলি ওলায়। কলিবোৰ দীঘল থোপা বা যৌগিক ৰেচিম -বিন্যাসত সজ্জিত হৈ থাকে। সেয়েহে এতিয়া তেজপুৰ আদালতৰ এই এজাৰ গছকেইড়ালে হাতবাউলি মাতে প্রকৃতিপ্রেমী বিশেষকৈ ফুল ভাল পোৱা সকলোকে। ইয়াৰ মাজতেই কৃষ্ণচূড়া, ৰাধাচুড়াৰ মন পুলকিত কৰা নয়নাভিৰাম দৃশ্যৰে এতিয়া প্রাণপাই উঠিছে ঊষানগৰী তেজপুৰ, সৌন্দৰ্যৰ নগৰী তেজপুৰ। আনহাতে, তেজপুৰ চক বজাৰৰ দুয়োকাষে প্রকৃতিপ্রেমী তথা অধিবক্তা কুমুদ বৰুৱাই ৰোপণ কৰা শাৰী শাৰী জোপোহা কৰ্চন গছসমূহৰ সেউজীয়া পাতেও আজি চহৰখনৰ নৈসর্গিক শোভা বর্ধন কৰাই নহয়, প্ৰখৰ ৰ'দৰ পৰা চহৰখনলৈ দুপৰীয়াৰ ভাগত আহিবলৈ বাধ্য হোৱা ৰাইজক ছাঁ দিয়াৰ লগতে চহৰখনৰ ব্যৱসায়ীসকলকো যেন মানসিক প্রশান্তি প্রদান কৰি আহিছে।
পিছে বিশ্বনাথ চাৰিআলি নিৱাসী সেইগৰাকী প্রকৃতিপ্রেমী কিছু বছৰ পূৰ্বে দুর্ঘটনাত পতিত হৈ বাসগৃহতে চিকিৎসাধীন হৈ থকাৰ পাছতো তেজপুৰবাসীয়ে মাত এষাৰ দিবলৈ আহৰি পাইছে নে নাই সেয়াও এক বিচাৰ্যৰ বিষয় হৈ পৰিছে। একেদৰে তেজপুৰ চহৰৰ পৌৰসভাৰ গাড়ী ৰখা স্থানৰ পৰা পৰোৱা চাৰিআলিলৈকে দুয়োদিশে আন এগৰাকী প্রকৃতিপ্রেমী তথা দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক, উদ্ৰোপনৰ স্ৰষ্টা হৰেন মৰাঙে ৰোপণ কৰা সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া, ৰাধাচূড়া আৰু নতুন এজাৰ ফুলৰ গছসমূহো ফুলিবলৈ আৰম্ভ কৰাত সমগ্ৰ তেজপুৰ চহৰখন ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। একেদৰে চিত্ৰলেখা উদ্যান, পদুমপুখুৰী শিশু উদ্যান, অগ্নিগড় আদি অঞ্চলতো কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু ফুলৰ সুশোভিত পৰিৱেশে সাম্প্রতিক প্রতিকূল বতৰৰ মাজতো প্রকৃতিপ্রেমীসকলৰ মন পুলকিত কৰি তোলাৰ সমান্তৰালভাৱে ২০১৫ চনতে জি আই টেগ লাভকৰিবলৈ সক্ষম হোৱা তেজপুৰৰ বিভিন্ন প্ৰান্তৰ লিচু গছসমূহত লোমালোমে লাগি থকা দৃশ্যই এক অপূর্ব পৰিৱেশৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত তদানীন্তন জিলা আযুক্ত দেৱকুমাৰ মিশ্ৰৰ জৰিয়তে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাই ৰোপণ কৰা পৰিত্যক্ত লিচু পুখুৰীক এক উদ্যানলৈ পর্যবসিত কৰি তোলাৰ পাছত সেই লিচু পুখুৰীৰ প্ৰত্যেকজোপা গছতে লোমালোমে লাগি থকা লিচুৰ উপৰি পৰোৱাৰ লিচু বাগিচাকে ধৰি অন্যান্য লিচু বাগিচাসমূহৰ লিচু গছসমূহৰ দ্বাৰাও এতিয়া ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিছে সৌন্দৰ্যৰ নগৰী তেজপুৰ।