ডিজিটেল ডেস্ক : নিৰ্বাচনৰ দিন ক্রমে ওচৰ চাপি অহাৰ লগে লগে জোনাইত নির্বাচনী হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কংগ্ৰেছ আৰু বিজেপি উভয় দলৰ সমৰ্থকৰ ওপৰত সংঘটিত আক্রমণ আৰু প্ৰত্যাক্ৰমণৰ ঘটনাই সমগ্র অঞ্চলটোত আতংকৰ পৰিৱেশ সৃষ্টি কৰে। কালি কংগ্ৰেছৰ মনোনীত প্রার্থী ৰাজু কুমাৰ মেদকে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে কুলাজান অঞ্চললৈ দলীয় সমৰ্থকৰ সৈতে কেইবাখনো বাহনত গৈছিল। সেই সময়তে একাংশ দুর্বৃত্তই কংগ্ৰেছৰ বাহনসমূহলৈ লক্ষ্য কৰি আকস্মিকভাৱে শিলগুটি নিক্ষেপ কৰি আক্ৰমণ চলায়। এই আক্রমণত কেইবাখনো বাহনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে প্রার্থী ৰাজু কুমাৰ মেদক, তেওঁৰ দেহৰক্ষীসহ কেইবাজনো দলীয় সমর্থক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়।
ঘটনাৰ পিছতে কংগ্ৰেছৰ কৰ্মীসকলে চিলাপথাৰ আৰক্ষী থানাত উপস্থিত হৈ দুর্বৃত্তসকলক চিনাক্ত কৰি উচিত তদন্তৰে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত এজাহাৰ দাখিল কৰে। আনহাতে, একে দিনাই জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপিৰ এখন বিশাল নির্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। এই সভাত প্রায় দহ সহস্রাধিক জনতা উপস্থিত থাকে। সভা সমাপ্তিৰ পিছতে উভতি যোৱাৰ সময়ত বিজয়পুৰস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত একাংশ দুর্বৃত্তই বিজেপিৰ সমৰ্থকৰ গাড়ীসমূহলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰি আক্ৰমণ চলায়।
এই আক্রমণত কেইবাখনো বাহন ক্ষতিগ্রস্ত হোৱাৰ লগতে তিনিজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। এই দুয়োটা ঘটনাই অঞ্চলটোত নির্বাচনী পৰিস্থিতি অধিক জটিল হোৱাৰ ইংগিত দিছে। এই ধৰণৰ হিংসাত্মক ঘটনাৰ ফলত ভয় আৰু অনিশ্চয়তাৰ মাজত দিন পাৰ কৰিছে স্থানীয় ৰাইজে। যদি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰা নহয়, তেন্তে আগন্তুক দিনসমূহত এই হিংসাই আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ৰাইজে শান্তিপূর্ণ, স্বচ্ছ আৰু নিৰপেক্ষ নিৰ্বাচনৰ আশা কৰিছে।