ন-নদী সোঁপাৰৰ মথাউৰি নিৰ্মাণত অনিয়ম, বালিৰে নিৰ্মাণ জলসম্পদ বিভাগৰ মথাউৰি

dainik janambhumi February 09, 2026

ডিজিটেল ডেস্ক: ধেমাজি জলসম্পদ বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া-কৰ্মচাৰীৰ আৰু ঠিকাদাৰ বাবে ধেমাজিৰ মথাউৰিসমূহ সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে। ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অধীনস্থ ন-নদী গোসাঁইবাৰী গাঁৱৰ মাজভাগত প্রায় ১৪০০ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণত নদীৰ বালি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। 

জলসম্পদ বিভাগৰ তৰফৰ পৰা প্রায় ৮৪ লাখ টকাৰ আবণ্টন হোৱা মথাউৰিটো নতুনকৈ নিৰ্মাণ কৰাৰ বিপৰীতে পুৰণি মথাউৰিটোকে নদীৰ পাৰৰ বালিৰে পুনৰ নিৰ্মাণ কৰাত চিন্তিত হৈ পৰিছে গাঁওবাসী। যিটো মথাউৰিৰ পৰা প্রায় ২২খন গাঁৱৰ সুৰক্ষা কৱচ হিচাপে আছে সেই মথাউৰিৰ কেৱল মাজভাগ নিৰ্মাণ কৰি দায়িত্ব সামৰিব বিচাৰিছে জলসম্পদ বিভাগে। 

ইফালে ঠিকাদাৰে দিনে-নিশাই কাম চলাই ধূলিময় পৰিৱেশৰ সৃষ্টি কৰাত ৰাইজৰ মাজত জ্বৰ-চৰ্দিৰ দৰে বেমাৰো হৈছে। অভিযোগ অনুসৰি যি স্থানত জিঅ' সেইসমূহ দিব লাগিছিল সেই স্থানত নিদিয়াকৈ অতি বাম ঠাইত জিঅ' বেগ এটা এটা দি পাল মাৰিছে ঠিকাদাৰে। ঠিকাদাৰক প্ৰাক্‌কলন বিচাৰিলেও কামৰ আবণ্টন হোৱা নাই বুলি দায়সৰা মন্তব্য দিয়ে যদিহে জলসম্পদ বিভাগৰ তৰফৰ পৰা কামৰ আবণ্টন দিয়া নাই তেন্তে কিয় এই কাম ঠিকাদাৰে কৰিছে সেয়াও ৰহস্যৰ আৱৰ্তত। 

সমাগত নিৰ্বাচনৰ বাবে বিধায়কৰ নিৰ্দেশত এই কাম বিনা আবণ্টন কৰাৰ সন্দেহ কৰিছে ৰাইজে। ৰাইজৰ দাবী যে বাৰিষাৰ পূৰ্বে যি মথাউৰি নিৰ্মাণ কৰিছে সেয়া প্রকৃত প্ৰাক্‌কলনৰ মতে কৰক। এইক্ষেত্রত জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাৰ লগতে ধেমাজি জিলা আয়ুক্তৰো হস্তক্ষেপ দাবী কৰিছে ৰাইজে।

Share This