ডিজিটেল ডেস্ক: শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক অধিৱেশনলৈ মাজত মাথোঁ এসপ্তাহ। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ একক বৃহৎ ধর্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই কাৰো। হাজাৰ-বিজাৰ ভক্তপ্ৰাণ ৰাইজে দিন-ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে অধিৱেশনৰ বিভিন্ন কামত। আবাল বৃদ্ধ-বণিতাই এই অধিৱেশন অনুষ্ঠিত কৰাটো পৱিত্ৰ কৰ্তব্য হিচাপে লৈ বিভিন্ন কাম-কাজত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে স্বতঃস্ফূর্তভাৱে আহি কৰিছে শ্রমদান।
বিভিন্ন চৰকাৰী বিভাগ, স্বেচ্ছাসেৱী সংগঠনেও অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ যত্ন কৰা দেখা গৈছে। কালি পুৱা অধিৱেশনস্থলীত শ্রমদান কার্যসূচীত নিয়োজিত হয় দ্বাদশ অসম আৰক্ষী বাহিনীৰ শতাধিক জোৱান। এই শ্রমদান কাৰ্যসূচীৰ নেতৃত্ব লয় দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক কমল প্রসাদ গুপ্তাই। হৰিনাম গাই গাই শ্রমদান কার্যসূচীত নিয়োজিত হোৱা দেখা যায় আৰক্ষীৰ জোৱানসকলক। ইফালে দূৰ-দূৰণিৰ পৰা অধিৱেশনলৈ আহিব লগা ভকতসকলৰ সকলো সুবিধা উপলব্ধ কৰিবলৈ যত্ন কৰিছে আদৰণী সমিতিয়ে। অনাময় ব্যৱস্থাৰ পৰা আৰম্ভকৰি থকা- খোৱাৰ সকলো ব্যৱস্থাই গঢ়ি তুলিছে। ব্যস্ত হৈ পৰিছে অনাময়, পানী যোগান আঁচনিৰ লগত জড়িত লোকসকলো। অধিৱেশনস্থলীত ১৫০০ স্নানাগাৰ, ১৫০০ শৌচাগাৰৰ ব্যৱস্থা ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে। এই অনাময় ব্যৱস্থাত নিতৌ চাফাই কর্মত ব্যস্ত থাকিব ৫০গৰাকীকৈ চাফাই কর্মী।
ইফালে, কেইবা লাখ ভকতে অংশগ্রহণ কৰিবলগীয়া এই অধিৱেশনৰ সৌন্দৰ্য বর্ধনতো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। এইবাৰৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশনৰ শোভা বর্ধন কৰিব কন্যকা কৃষি পামৰ হাজাৰ হাজাৰ নাৰ্জি ফুলে। ইয়াৰ বাবে দুমাহ পূর্বে ৰোপণ কৰা দহ হাজাৰ জোপা নাৰ্জি ফুল ইতিমধ্যেই প্রস্ফুট হৈ উঠিছে। অধিৱেশনৰ আগদিনা কন্যকাৰ পৰা অধিৱেশনস্থলীলৈ লৈ যোৱা হ'ব এই ফুলসমূহ। প্রায় পাঁচ কোটি টকাৰ ব্যয় সাপেক্ষে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ ভকতসকলক আপ্যায়ন কৰিবৰ বাবে ইতিমধ্যে ঘৰে ঘৰে প্ৰস্তুত হৈছে তিল পিঠা, ঘিলা পিঠা, বৰ পিঠা, পকা মিঠৈ আদি। অনুৰূপ ধৰণে ভোজনালয়ত সকলোবোৰ শাক-পাচলি এইবাৰ যোগান ধৰিব নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত জন্ম হোৱা কন্যকা বহুমুখী কৃষি পামে। জানিব পৰা মতে কন্যকা কৃষি পামত ইতিমধ্যে অধিৱেশনৰ বাবে জৈৱিক পদ্ধতিৰে উৎপাদন কৰি উলিয়াইছে ৩৫ হাজাৰ কুইণ্টল শাক-পাচলি।
আনহাতে, প্রায় ৮০ ট্রাক কাঠ খৰি ৰন্ধনৰ বাবে সাজু কৰা হৈছে। খাদ্য উপ-সমিতিৰ পৰা জানিব পৰা মতে, ৪ হাজাৰ লিটাৰ মিঠাতেলো এই অধিৱেশনত ব্যৱহাৰ হ'ব। তদুপৰি অধিৱেশনস্থলীত অস্থায়ীভাৱে নিৰ্মাণ কৰা আটকধুনীয়া নামঘৰত নিতৌ চলি আছে তিনি প্রসংগ। দৈনিক শশ শৰাই আগবঢ়াই আছে বিভিন্ন ঠাইৰ পৰা অহা ভকতসকলে। জনা মতে, এই শৰাই-শলিতা আগবঢ়োৱাৰ বিপৰীতে আগবঢ়োৱা অৰিহণাৰ নামতো এটা সপ্তাহত লক্ষাধিক টকা জমা হৈছে। ইফালে, অধিৱেশনখনি সর্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত যাতে ক'তো যতি নপৰে বা কোনো ভকতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আদৰণী সমিতিয়ে ইতিমধ্যে ২০ হাজাৰ সেৱা বাহিনীৰ সদস্যক সাজু কৰি তুলিছে। এইসকল সেৱা বাহিনীৰ সদস্যই সকলো দিশ নিৰীক্ষণ কৰিব। উল্লেখযোগ্য যে অধিৱেশনৰ প্ৰথম দিনটোতে অধিৱেশনস্থলীত কুৰিৰো অধিক গ্রন্থ উন্মোচন কৰাৰ বাবে যো-জা চলিছে। শেহতীয়াকৈ জানিব পৰা মতে অধিৱেশনৰ দ্বিতীয় দিনা অর্থাৎ ৭ জানুৱাৰীত অধিৱেশনত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুঠৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশনক লৈ উদুলি-মুদুলি হৈ পৰিছে জামুগুৰিহাটৰ ধলাইবিল নাহৰবাৰীস্থিত জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্র।