পথচাৰীৰ বাবে আছে মাত্র এটা লুংলুঙীয়া বাট, তেজপুৰৰ দোলাবাৰীত উচ্ছেদ প্ৰশাসনৰ

dainik janambhumi January 09, 2026

ডিজিটেল ডেস্ক: তেজপুৰ দোলাবাৰীত কালি শোণিতপুৰ প্রশাসনে চলোৱা এক উচ্ছেদ অভিযানত শতাধিক দোকান-পোহাৰ উচ্ছেদ কৰা হয়। উল্লেখযোগ্য যে ১৫ নম্বৰ ৰাষ্ট্ৰীয় পথ আৰু মৰাভৰলী তথা ড° পূর্ণ নাৰায়ণ সিংহ সংযোগী পথ তথা তেজপুৰ চহৰ সংযোগী পথৰ এক নম্বৰ দোলাবাৰীত চলা এই উচ্ছেদ অভিযানক লৈ স্থানীয় ব্যৱসায়ীসকলে প্রতিক্রিয়া ব্যক্ত কৰি এই উচ্ছেদ অভিযানক আক্রোশমূলক আখ্যা দিয়ে। 

শোণিতপুৰ প্রশাসনৰ মতে, গুৰুত্বপূর্ণ গড়কাপ্টানী পথটোৰ দুয়োকাষে বছৰ বছৰ ধৰি একাংশই অবৈধভাৱে দোকান ঘৰ সাজি বজাৰ বহুৱাই আহিছে। এনে অস্থায়ী দোকান-বজাৰৰ বাবেই ইয়াত যান-জটৰ উপৰি সঘনে সংঘটিত হৈ আহিছে দুর্ঘটনা। পূর্বেও ইয়াত উচ্ছেদ চলোৱা হৈছিল যদিও পুনৰ ইয়াত দোকান স্থাপন কৰা বুলি প্রকাশ কৰি এই পথছোৱা মুকলি কৰাৰ স্বাৰ্থতে শোণিতপুৰ জিলা
প্রশাসনৰ এই উচ্ছেদ অভিযান চলোৱা বুলি প্রকাশ কৰিছে। প্রশাসনৰ এনে ভাষ্যৰ বিপৰীতে ক্ষুদ্র ব্যৱসায়ীসকলৰ অভিযোগ যে তেওঁলোকক এই উচ্ছেদৰ পূর্বে এটা দিনো সময় নিদিলে প্রশাসনে। ফলত আকস্মিকভাৱে হোৱা উচ্ছেদৰ সময়ত ব্যৱসায়ীসকলৰ  শিক্ষা মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ লগতে তেওঁলোকে সামগ্রীসমূহ আঁতৰাবলৈও প্রয়োজনীয় সময় লাভ নকৰাৰ অভিযোগ তুলিছে। আনহাতে, যি অংশত কালি উচ্ছেদ চলিল সেয়া দোলাবাৰী দৈনিক বজাৰৰ অংশ বুলি প্রকাশ কৰি ক্ষুব্ধ ব্যৱসায়ীসকলে শোণিতপুৰ জিলা পৰিষদে প্রায়ে ছয়মাহৰ পূর্বেও নিবিদা অনুসৰিয়েই এই বজাৰ আবণ্টন দিয়া হৈছিল যদিও এতিয়া এইখন বজাৰতে প্রশাসনে উচ্ছেদ অভিযান চলোৱাটো সম্পূর্ণ উদ্দেশ্য প্রণোদিত বুলিও ব্যৱসায়ীসকলে মন্তব্য কৰে। বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰি উচ্ছেদৰ সময়ত প্রশাসনে শতাধিক সৰু-বৰ দোকান ভাঙি ধ্বংস কৰে
। আনহাতে, ভৱিষ্যতে এনে ক্ষুদ্র ব্যৱসায়ীৰ স্বাৰ্থত আন স্থানত বজাৰ নিৰ্মাণৰ বিষয়ে চিন্তা কৰিব বুলি উল্লেখ কৰে জিলা আয়ুক্তই। কিন্তু আয়ুক্তৰ এনে ভাষ্যৰ বিপৰীতে এই অঞ্চলত তাৰ বাবে প্রয়োজনীয় ভূমি ক'ত আছে বুলিও প্রশ্ন কৰিছে ক্ষুদ্র ব্যৱসায়ীসকলে।

উল্লেখযোগ্য যে প্রশাসনৰ এনে উচ্ছেদ তেজপুৰ চহৰত কেতিয়া চলিব বুলিও প্রশ্ন উঠিছে। বৃহৎ শ্বপিং মলে চহৰৰ পথকেই পার্কিং কৰি লোৱাৰ বিপৰীতে তেজপুৰৰ ৰবৰ বাগান তিনিআলিৰ পৰা দৰং মহাবিদ্যালয় ছাত্ৰাৱাস পর্যন্ত পথৰ দুয়োপাৰ অধিকাংশই শতাধিক ফাষ্ট ফুডৰ কৰিছে। পৰিণতিত মহাভৈৰৱ সংযোগী পথটোৰ দুয়োকাষে বহুসংখ্যক যান-বাহন বাহন অনবৰতে থাকে আৰু পথৰ নামত পথচাৰীৰ বাবে থাকে এটা লুংলুভীয়া অংশ। তীব্র যান-জটৰ উদ্ভৱ হোৱা সত্ত্বেও এই বেদখলব বিৰুদ্ধে কিন্তু আজিলৈকে শোণিতপুৰ প্রশাসনে কোনো কঠোৰ ব্যৱস্থা গ্রহণ কৰা নাই। আনকি তেজপুৰ পৌৰসভা এইক্ষেত্রত হাত সাবটি বহি আছে। ফল-মূলৰ দোকানৰ পৰা বিভিন্ন দোকানৰে নিতৌ পুৱাৰ পৰা নিশালৈকে শ্বাসৰুদ্ধকাৰ পৰিস্থিতি উদ্ভৱ কৰাই নহয়, মহাভৈৰৱ অঞ্চলত আনকি পদপথো বেদখল কৰাসকলৰ বিৰুদ্ধে কেৱল জীৱিকাৰ দোহাই দিয়েই আজিলৈকে বেদখলকাৰীক উচ্ছেদ কৰা হোৱা নাই। আনকি উচ্ছেদৰ প্রসংগ উত্থাপন হ'লেই বিষয়টো পাছত ৰহস্যজনকভাৱে তল পৰে। এনে অৱস্থাত উচ্ছেদ অভিযানৰ নামত খেনোক দেখি বন্ধা-বঢ়া আৰু খেনোক দেখি দুৱাৰ মৰা নীতি কিয় বুলিও তেজপুৰত কালি চৰ্চা চলিছে।

Share This