কেন্দ্ৰীয় মন্ত্ৰীৰ সাংবিধানিক পদমর্যাদাক বদনাম কৰাৰ অভিসন্ধি, সৰ্বানন্দ সোণোৱালৰ 'লেটাৰহেড' জাল কৰি সামাজিক মাধ্যমত ভুৱা চিঠি

dainik janambhumi January 20, 2026

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ ভুৱা চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্রতিক্রিয়া প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, 'মোৰ দৃষ্টিগোচৰ হৈছে যে মোৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি দুষ্কৃতিকাৰীয়ে কু-অভিপ্ৰায়েৰে প্ৰচাৰ কৰি আছে। 

এয়া উদ্দেশ্যপ্রণোদিতভাৱে কৰা জালিয়াতি আৰু চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰৰ সৈতে জড়িত এক গুৰুতৰ অপৰাধ। ইয়াৰ জৰিয়তে ন্যস্তস্বার্থজড়িত মহলে ভুল তথ্য বিয়পাই সাংবিধানিক পদমর্যাদাক বদনাম কৰিবলৈ পাকে-প্ৰকাৰে প্ৰচেষ্টা চলাইছে। এই বিষয়ত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু আইন প্রয়োগকাৰী সংস্থাসমূহক অগ্রাধিকাৰ ভিত্তিত গোচৰটোৰ তদন্ত আগবঢ়াই দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। 

আনহাতে, উক্ত চিঠিখন আৰু ইয়াৰ বিষয়বস্তু সম্পূৰ্ণ ভুৱা আৰু 'জনমানসত মোক হেয় প্রতিপন্ন কৰাৰ উদ্দেশ্যৰে লিখা' হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক এনে প্ৰৱঞ্চনামূলক বিষয়ত ভোল নাযাবলৈ বা প্ৰচাৰ নকৰিবলৈ আৰু কেৱল চৰকাৰী উৎসৰ জৰিয়তেহে তথ্য পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে। ইফালে, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ ভুৱা চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা চিঠি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা সন্দৰ্ভত ৰাজ্যিক কেবিনেট মন্ত্রী পীয়ূষ হাজৰিকাইও প্রতিক্রিয়া প্রকাশ কৰিছে। 

সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ মিঞা আই টি চেলৰ নিকৃষ্ট কাণ্ডৰ উন্মোচন বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছৰ মিঞা আই টি চেলৰ এটি গোটে কেনেদৰে ভাৰত চৰকাৰৰ নকল লেটাৰহেড জাল কৰি ভুৱা বাতৰি নিজৰ ৱাটছএপ গোটসমূহত প্ৰচাৰ কৰিছিল, তাৰ অধিক প্রমাণ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। বি এন এছৰ ধাৰা ২৭৪ আৰু Emblems Act, ১৯৫০ অনুসৰি এয়া এক জামিনবিহীন অপৰাধ, যাৰ বাবে সর্বোচ্চ ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ বিধান আছে। ৰাষ্ট্ৰীয় প্রতীকচিহ্ন জড়িত থকাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহেও এই কাণ্ডৰ তদন্ত কৰিব পাৰে। এই কাণ্ডত জড়িত প্রত্যেকজনকে অসম আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ ক্ষিপ্ৰতাৰে তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে। আনহাতে, কংগ্ৰেছৰ মিঞা আই টি চেলে এনে নিকৃষ্ট কাণ্ডৰ প্ৰত্যুত্তৰ অতিশীঘ্ৰে আইনী প্ৰক্ৰিয়াৰে লাভ কৰিব বুলিও তেওঁ কয়। ইফালে, ভাৰতীয় জনতা পার্টি অসম প্রদেশৰ মুখ্য কাৰ্যালয়, অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই কয় যে কংগ্ৰেছ দলে পৰিচালনা কৰা আই টি চেলৰ এটা গোটে কেন্দ্ৰীয় চৰকাৰৰ লেটাৰহেড নকল কৰি প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামত এখন ভুৱা চিঠি প্রস্তুত কৰি সামাজিক মাধ্যম, বিশেষকৈ বিভিন্ন ৱাটছএপ গ্ৰুপৰ জৰিয়তে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এনে প্ৰচাৰৰ সম্পূর্ণ তথ্য ইতিমধ্যে সংগ্রহ কৰি আৰক্ষীক অৱগত কৰোৱা হৈছে। কংগ্রেছ দলে উদ্দেশ্যপ্রণোদিতভাৱে কৰা এনে জালিয়াতি আৰু ৰাষ্ট্ৰীয় প্রতীক চিহ্নৰ অপব্যৱহাৰ কৰাৰ অভিযোগ তুলি ইতিমধ্যে নতুন দিল্লীৰ আৰক্ষী থানাত গোচৰো ৰুজু কৰা হৈছে বুলি শৰ্মাই জানিবলৈ দিয়ে। 

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীৰ মতে, এই কাণ্ডত জড়িত সকলো চাইবাৰ অপৰাধীক কৰায়ত্ত কৰাৰ কাৰণে অসম আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে। আনহাতে, অপপ্ৰচাৰ আৰু বিভ্রান্তিকৰ বাতৰি বিয়পাবৰ বাবে কংগ্ৰেছ দলে তৃতীয় পক্ষৰ জৰিয়তে 'মিঞা আই টি চেল' এটা দীর্ঘদিন ধৰি পৰিচালনা কৰা বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে অভিযোগ কৰে।

Share This