ডিজিটেল ডেস্কঃ অসমৰ সংস্কৃতি জগতৰ পৰা খহি পৰিল আন এক উজ্জ্বল জ্যোতিষ্ক! অসমৰ কলা-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ নাগাৰা নামৰ প্ৰখ্যাত শিল্পী ৰামচৰণ ভড়ালীদেৱৰ দেহাৱসান। নাগাৰা নামৰ প্ৰচাৰ-প্ৰসাৰেৰে তেখেতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক সমৃদ্ধ কৰিছিল। দুঃসংবাদেৰে ভৰিছে ২০২৫বৰ্ষ। এপদ এপদকৈ নোহোৱা হৈছে জাতিৰ সম্পদ।
জুবিন গাৰ্গ, দীপক শৰ্মাৰ বাটেৰেই বাট বুলিলে ৰামচৰণ ভড়ালীয়ে। ৰসৰ ভাণ্ডাৰ, নাগাৰা সূৰ্য ৰামচৰণ ভড়ালীৰ দেহাৱসানে ব্যথিত কৰিছে অসমবাসীক। নিশা ১২-২০ বজাত নলবাৰীৰ বাসগৃহত পৰলোকলৈ গমন কৰে
ৰামচৰণ ভড়ালীয়ে।
মোহন ভাইৰা বঁটা প্ৰাপক, নাগাৰা সূৰ্য ৰামচৰণ ভড়ালীৰ জন্ম হয় নলবাৰী জিলাৰ কুমাৰীকাটা গাঁৱৰ এটি সাধাৰণ মধ্যবিত্ত পৰিয়ালত। তেখেতৰ পিতৃৰ নাম স্বৰ্গীয় ললিত চন্দ্ৰ ভড়ালী আৰু মাতৃৰ নাম স্বৰ্গীয়া লক্ষ্মী ভড়ালী। ভড়ালীয়ে ৩২৯নং দেহৰ কালাকুছি প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি জাগাৰা হাইস্কুলত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰে।
১৯৫৮ চনত বলোৱা প্ৰগতি যাত্ৰা পাৰ্টিত যোগ দি অভিনয় দক্ষতাৰে ১৯৬৭ চনলৈ সুদীৰ্ঘ ১১ বছৰ কাল বিভিন্ন যাত্ৰা দলত অভিনয় কৰে। ১৯৬৭ চনত 'দেহৰ কালাকুছি যুৱক নামপাৰ্টি' শীৰ্ষক নাগাৰা নাম দল এটি গঠন কৰি আজি পৰ্যন্ত নাগাৰা নামৰ স্বকীয় পদ- কথাৰে নামধৰ্মী ৰাইজক মুহিত কৰি আহিছে। ১৯৭৯ চনত অসম আন্দোলনৰ পটভূমিত ৰচিত নাম এটি পৰিৱেশন কৰি গোটেই অসমত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু নামটো পাঁচ- ছয় বছৰলৈকে ৰাইজৰ অনুৰোধত বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰিব লগা হৈছিল। নাম ধৰ্ম প্ৰচাৰত একান্ত ব্ৰতী ভৰালী দেৱলৈ অসম চৰকাৰে ১৯৯৮ চনত চৰকাৰী স্বীকৃতি হিচাপে শিল্পী পেঞ্চন প্ৰদান কৰে।
শিল্পী গৰাকীয়ে বৰ্তমানলৈ লাভ কৰা বঁটা আৰু স্বীকৃতি সমূহঃ
১) ১৯৯৪ চনত অসম চৰকাৰৰ পৰা এককালীন সাহায্য৷
২) ১৯৯৮ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন৷
৩) ২০০২ চনৰ ১২ ছেপ্টেম্বৰত অসম নাট্য সন্মিলনৰ পৰা ‘নাগাৰা সূৰ্য’ সন্মান প্ৰদান৷
৪) ২০০৮ চনত পূৰ্বাঞ্চলীয় লোক পৰিষদৰ পৰা ‘নিবাৰণ বৰা বঁটা’৷
৫) ২০০৮ চনৰ ২৬ এপ্ৰিলত অসম সাংস্কৃতিক মহাসভাৰ ‘জীৱন জোৰা সংস্কৃতি সাধনা বঁটা’৷
৬) ২০১০ চনৰ ২৬ মাৰ্চত ‘অসম নাম সমাৰোহ’, শ্ৰী শ্ৰী আউনীআটী সত্ৰত প্ৰতিনিধিত্ব৷
৭) ২০১০ চনৰ ৫ ডিচেম্বৰত ‘অখিল ভাৰতীয় নাম সমাৰোহ’-ত (নতুন দিল্লী) প্ৰতিনিধিত্ব৷
৮) ২০১০ চনৰ ১২ ডিচেম্বৰত ‘ভাৰতীয় দলিত সাহিত্য একাডেমি'-ৰ পৰা ‘ড° আম্বেদকাৰ কলাশ্ৰী বঁটা’৷
৯) ২০১১ চনত ‘জীৱন জোৰা সংস্কৃতি সাধনা বঁটা’৷
১০) ২০১২ চনৰ ২৬ অক্টোবৰৰ পৰা ‘National Folklore Support Centre’ ৰ পৰা ‘টাটা ফেল’শ্বিপ’ লাভ৷
১১) ২০১৫ চনৰ ৩০ এপ্ৰিলত ‘এনাজৰী বঁটা’৷
১২) ২০১৭ চনৰ ১১ ফেব্ৰুৱাৰীত ‘মোহন ভাইৰা বঁটা’৷
১৩) ২০২২ চনৰ ১৬ অক্ট'বৰত 'নাম শিৰোমণি বঁটা '
ভড়ালীৰ বৰ্তমানলৈকে বাণীবদ্ধ কৰি উলিওৱা নামৰ শ্ৰব্য কেছেটৰ সংখ্যা ১০৫খন আৰু দৃশ্য- শ্ৰব্য কেছেট ৩০খন । ইয়াৰোপৰি 'বিশ্ব বৈৰাগী' আৰু 'নীলম এণ্ড ছাইলেন্ট কিলাৰ' শীৰ্ষক চুটি ছবি আৰু 'দিঠকত হেৰাল সপোন' শীৰ্ষক বোলছবিতো অভিনয় কৰে।
নাগাৰা নামৰ ক্ষেত্ৰখনত ৰামচৰণ ভড়ালীৰ অৱদান অতিকৈ উল্লেখযোগ্য আৰু প্ৰশংসনীয়। তেখেতৰ এই অৱদান অসমৰ বুকুত সদায় জিলিকি থাকিব।
উৎস : প্ৰাগ নিউজ ডিজিটেল