ডিজিটেল ডেস্ক : তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ কাৰিপাৰা মকুন্দপুৰ গাঁৱৰ কৃষকে পানীৰ অভাৱত ভূঁই ৰুৱ নোৱাৰি চিন্তিত হৈ পৰিছে। কোনো কোনো কৃষকে ধাৰ-ঋণ লৈ দ' ঠাইৰ পৰা মেচিনেৰে পানী উঠাই বছৰৰ ভাতমুঠিৰ বাবে ভূঁই ৰুইছে যদিও পানীৰ অভাৱত ৰুৱাবোৰ শুকাই যোৱাৰ উপক্ৰম হৈছে।
আন একাংশ কৃষকে আকৌ ভূঁই ৰুবৰ বাবেই মাটি চহ কৰি থৈছে যদিও পানীৰ অভাৱত কঠীয়া ৰুৱ পৰা নাই। স্থানীয় গাঁৱৰ কৃষক সমাজে জানিবলৈ দিয়া মতে সোনাজান নৈত কেইবাকোটি টকা ব্যয় সাপেক্ষে কৃষি পথাৰত জলসিঞ্চন ব্যৱস্থাৰ কাৰণে শ্লু’ইচগেটৰ লগতে পথাৰত পানী বোৱাই নিয়াৰ বাবেই কেইবাটাও নলা নিৰ্মাণ কৰিছিল।
কৃষকে অভিযোগ কৰা মতে শ্লু’ইচগেট প্ৰকল্পটো স্থাপনত একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰ লাভবান হ’ল যদিও এলেকাটোৰ কৃষক উপকৃত হোৱা নাই। শ্লু’ইচগেটতো চোৱাচিতাৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ অৱহেলা আৰু দায়িত্বহীনতাৰ বাবেই খেতিৰ সময়ত কৃষকে পথাৰত পানী পোৱা নাই। শ্লু’ইচগেটৰ লগত সংলগ্ন কংক্ৰিটৰ নলাবোৰ অকমৰ্ণ হৈ পৰিছে। ফলস্বৰূপে মকুন্দপুৰ শ্লু’ইচগেটতো বগাহাটীত পৰিণত হৈছে। উক্ত শ্লু’ইচগেটৰ জৰিয়তে কৃষকৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবেই কৃষকসমাজে দাবী উত্থাপন কৰিছে।