বৰক্ষেত্ৰীৰ খেতিয়কৰ হাহাকাৰ

dainik janambhumi July 14, 2025

ডিজিটেল ডেস্কঃ বৰক্ষেত্ৰী সমষ্টিৰ বৃহত্তৰ জয়সাগৰ, কেকানকুছি, লাউঠাৰি, নপ্তিপাৰা, জাগাৰা, খালিহাপাৰা, মুকালমুৱা, ৰামপুৰ, দৌলাশালকে ধৰি দাঁতিকাষৰীয়া অঞ্চলসমূহৰ আশে-পাশে থকা প্রায়সমূহ গাঁৱত বৰষুণৰ অভাৱত শালিধানৰ খেতি কৰিব নোৱৰাত কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যৰ প্ৰায় সকলো গ্রামাঞ্চলতে এতিয়া খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। 

এফালে বৰষুণৰ অভাৱ, আনফালে বহু অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবেই পৰম্পৰাগতভাৱে বহাগ আৰু জেঠৰ প্রথম ভাগতে খেতিয়কসকলে কঠীয়া সিঁচাৰ কাম সমাপন কৰিছিল যদিও এজাক বৰষুণৰ অভাৱত শালিধানৰ কঠীয়া ৰোপণ কৰিব পৰা নাই খেতিয়কসকলে। খেতিপথাৰত পানী নথকাত খেতিয়কসকল স্বাভাৱিকতেই হতাশাত ভুগিছে। বৰষুণৰ অভাৱত অঞ্চলসমূহৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰত ছিঁৰাল ফাট মেলি মৰুভূমি সদৃশ হৈ পৰাত খেতিয়কসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে। 

ইয়াৰ মাজতে দুই-এজন খেতিয়কে নিজাববীয়াকৈ গাঁঠিৰ ধন খৰচ কৰি মেচিনেৰে পানী সিঁচি খেতি কৰিছিল যদিও সূর্য দেৱতাৰ গ্ৰাসত ৰোপণ কৰা কঠীয়াসমূহ শুকান খেৰ সদৃশ হৈ পৰিছে। বহু কৃষকে প্রথম অৱস্থাত হাল বাই থোৱা পথাৰত এতিয়া ছিঁৰাল ফাট মেলিছে।

 আনহাতে বৃহত্তৰ বৰক্ষেত্ৰীৰ গাঁওসমূহত জলসিঞ্চনৰ ব্যৱস্থা নথকাত পানীৰ কোনো সু-ব্যৱস্থা কৰিব পৰা নাই খেতিয়কসকলে। ইফালে পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰে ঠায়ে ঠায়ে খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা নকৰাত এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ খেতিয়কসকল। খেতিপ্রধান অঞ্চলসমূহৰ ঠায়ে ঠায়ে খেতিয়কৰ সহায় হোৱাকৈ আজিকোপতি জলসিঞ্চন আঁচনি স্থাপন নোহোৱাত আৰু খৰাং বতৰৰ বাবে খেতিয়কসকলে কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাত খেতিয়কসকলে ধান খেতিৰ ৰোপণৰ সময়ত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে বুলি খেতিয়কসকলে দুখেৰে প্ৰকাশ কৰিছে। বর্তমান পর্যন্ত বৰষুণ নোহোৱাৰ ফলত শালিধানৰ খেতি কৰিব নোৱৰাত কৃষকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

Share This