ডিজিটেল ডেস্ক : জোনাইৰ দিখাৰীস্থিত সামাজিক বনানীকৰণ বিভাগৰ অধীনস্থ অমৃত বৃক্ষ নাৰ্ছাৰীত কালি পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। হঠাতে সংঘটিত হোৱা জুইৰ লেলিহান শিখাই নাৰ্ছাৰীৰ এক বৃহৎ অংশ আৱৰি ধৰে। অগ্নিকাণ্ডত প্রায় দুই বিঘা ভূমি জুইৰ কবলত পৰে। ফলত বহুতো সৰু-বৰ মূল্যৱান গছ-গছনি আৰু পুলি সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হয়। জুইৰ তীব্রতা ইমানেই বেছি আছিল যে মুহূর্ততে এলেকাটো ধোঁৱাৰে আৱৰি পৰে। অৱশ্যে নাৰ্ছাৰীত সঞ্চিত থকা কেইবাবিঘা ভূমিৰ অতি মূল্যৱান গছপুলি কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত কোনোমতে ৰক্ষা কৰিবলৈ সক্ষম হয়।
ঘটনাৰ লগে লগে সামাজিক বনানীকৰণ বিভাগৰ কৰ্মচাৰীসকলে স্থানীয় লোকৰ সহযোগত জুই নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈ পৰে। পানী, বালি আদি ব্যৱহাৰ কৰি প্ৰাথমিকভাৱে জুই নুমুৱাবলৈ চেষ্টা চলোৱা হয়। পৰৱৰ্তী সময়ত জোনাই অগ্নিনির্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনির্বাপক বাহিনীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়।
স্থানীয় ৰাইজ, বিভাগটোৰ কৰ্মচাৰী আৰু অগ্নিনির্বাপক বাহিনীৰ সময়োপযোগী হস্তক্ষেপ নোহোৱাহেঁতেন নাৰ্ছাৰীৰৰ কেইবালাখ টকাৰ মূল্যৰ গছ-গছনিৰ লগতে বহু প্রকাণ্ড আৰু মূল্যৱান গছ-গছনি সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ আশংকা প্রকাশ কৰিছে বিভাগীয় সূত্রই। অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও কোনো দুষ্টচক্রই ইচ্ছাকৃতভাৱে জুই সংযোগ কৰাৰ সন্দেহ প্রকাশ কৰিছে কৰ্মচাৰীসকলৰ লগতে একাংশ স্থানীয় ৰাইজে।