ডিজিটেল ডেস্কঃ বাক্সা জিলাৰ নিকাছি কালি এক যুদ্ধ ক্ষেত্ৰলৈ পৰিৱৰ্তিত হয় । এক অনাকাংক্ষিত, অস্বাভাৱিক পৰিৱেশে উত্তপ্ত কৰি তোলে মুছলপুৰৰ নিকটৱৰ্তী নিকাছি। বুধবাৰে বাক্সা জিলাৰ নিকাছিস্থিত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল জুবিন গাৰ্গ হত্যাত অভিযুক্ত শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শর্মা, আত্মীয় সন্দিপন গার্গ, দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক।
আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত অভিযুক্ত কেইজনক বাক্সা জিলা কাৰাগাৰলৈ লৈ যাব বুলি খবৰ বিয়পি পৰাৰ লগে লগে একপ্ৰকাৰ প্ৰতিবাদমুখৰ হৈ পৰে বাক্সাৰ বিভিন্ন অঞ্চল। কালি দিনৰ প্ৰায় ডেৰ বজাত আটাইকেইজনকে গুৱাহাটীৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে বাক্সা জিলাৰ নিকাছিস্থিত কাৰাগাৰলৈ লৈ অনা হয়। কালি পুৱা সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱা বাতৰিমৰ্মে আটাইকেইজন অভিযুক্তক বাক্সা জিলাৰ নৱনির্মিত জিলা কাৰাগাৰলৈ লৈ অনা হ'ব বুলি জানি দুপৰীয়ালৈ অজস্র লোক জিলা কাৰাগাৰৰ সন্মুখত সমবেত হয়। ইফালে আৰক্ষী বাহিনীয়েও বেৰিকেড দি মুহূৰ্ততে নিৰাপত্তা বেষ্টনীলৈ পৰিণত কৰে জিলা কাৰাগাৰৰ সন্মুখভাগ। মুছলপুৰৰ পৰা সাত কিল'মিটাৰ দূৰৈৰ নিকাছিত অৱস্থিত এই জিলা কাৰাগাৰখন মাত্ৰ চাৰিমাহ পূর্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰিছিল যদিও ইয়াত কোনো কয়দী ৰখা হোৱা নাছিল। কিন্তু জুবিন গাৰ্গৰ হত্যাত অভিযুক্তসকলক নিৰাপত্তাজনিত কাৰণতে এই কাৰাগাৰলৈ আনিব বুলি জানিব পাৰি সমবেত ৰাইজে প্রতিবাদ আৰম্ভ কৰে। প্ৰতিবাদী ৰাইজে প্ৰকাশ কৰা মতে জুবিন হত্যাত অভিযুক্তৰ দ্বাৰা আমি এই কাৰাগাৰখন আৰম্ভ হোৱাটো নিবিচাৰোঁ। তেওঁক অইন কাৰাগাৰলৈ লৈ যাওক।
আমি জুবিন হত্যাৰ ন্যায় বিচাৰোঁ। তাকো ক্ষিপ্র ন্যায়। এনে প্রতিবাদৰ মাজতে দিনৰ প্ৰায় ডেৰ বজাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পাঁচ অভিযুক্তক জিলা কাৰাগাৰলৈ অনাৰ সময়ত হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰে। একাংশ জুবিন অনুৰাগীয়ে পাঁচ অভিযুক্ত অনা বাহনলৈ বুলি শিলাবর্ষণ কৰাৰ লগতে ছেণ্ডেল, পানীৰ বটল আদি নিক্ষেপ কৰি নিজৰ ক্ষোভ প্রকাশ কৰে। প্ৰতিবাদকাৰীসকলে জয় জুবিন দা, জুবিন দা অমৰ হওক, জুবিন হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়ক, জুবিন হত্যাৰ ন্যায় লাগে আদি শ্ল'গান দি পৰিস্থিতি উত্তাল কৰি তোলে। সমগ্র অঞ্চলটোৰ পুৰুষ-মহিলা, ছাত্র-ছাত্রী, কৃষক- শ্রমিক সকলোৱে নিৰাপত্তাৰক্ষীৰ অস্থায়ী বেৰিকেড আৰু বেষ্টনী ভাঙি জিলা কাৰাগাৰৰ ভিতৰলৈ প্ৰৱেশৰ চেষ্টা চলায় যদিও ভিতৰলৈ যাবলৈ সক্ষম নহ'ল। প্ৰতিবাদকাৰীসকলে আৰক্ষীলৈ বুলিও কটু মন্তব্য কৰে। এই প্ৰতিবাদৰ মাজতে নিৰাপত্তাৰক্ষীয়ে কেইবাজনো যুৱকক টানি চোঁচৰাই জে'লৰ ভিতৰলৈ লৈ যায়। পাছত এই যুৱকসকলক নিঃচৰ্ত মুকলিৰ দাবী কৰি প্ৰতিবাদ পুনৰ তীব্ৰতৰ কৰি তোলে। তেনে অৱস্থাত নিৰাপত্তাৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্রয়োগ কৰে। এই লাঠীচালনাত কেইবাজনো লোক আহত হ'ব লগা হয়। আৰক্ষীৰ লাঠীচালনাত ৰাইজ অধিক ক্ষুব্ধ আৰু আক্রমণাত্মক হৈ পৰে। নিৰাপত্তাৰক্ষীয়ে পাছত গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়। বিপৰীতে ক্ষুব্ধ ৰাইজেও শিলাবৰ্ষণ কৰিবলৈ ধৰে। ফলত দুয়োপক্ষৰ সংঘর্ষত কেইবাজনো লোক আহত হয়। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় দীপক দাস, হৰিহৰ দাস নামৰ দুজন লোকৰ লগতে বিদ্যুৎ কলিতা নামৰ আন এটি শিশু। দুয়োগৰাকীকে মুছলপুৰ অসামৰিক চিকিৎসালয়ত প্রাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।
ইফালে ৰাইজৰ শিলাবৰ্ষণত আহত হয় জিলাৰ উপ-আৰক্ষী অধীক্ষক (ডি এছ বি) চক্ৰধৰ দাস, অগ্নিনির্বাপক বাহিনীৰ জোৱান গীতার্থ গোস্বামী, অসম আৰক্ষীৰ ২৪ নং বেটেলিয়নৰ জোৱান ক্ৰমে নৃপেন দাস, অৰূপ ৰয়, ৰিদীপ তালুকদাৰ, মৃণাল দাস, গণেশ শর্মাকে ধৰি কেইবাজনো।
আটাইকে মুছলপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্রদান কৰা হয়। ইয়াৰ মাজতে উত্তেজিত ৰাইজে আৰক্ষীৰ বাহন দুখন, ব্যক্তিগত চেটেলাইট
চেনেল এটাৰ বাহন আৰু স্কুটী এখনত অগ্নিসংযোগ কৰে। পাছত আহতসকলক লৈ মুছলপুৰ অসামৰিক চিকিৎসালয়তো এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হয়। চিকিৎসালয়তো অধিক ৰাইজ সমৱেত হৈ এক উত্তেজনাপূর্ণ পৰিৱেশৰ সৃষ্টি হয়। প্রাক্তন ছাত্র নেতা হৰেকৃষ্ণ পাঠকে আৰক্ষীৰ ৰাইজৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ কয় যে আৰক্ষী বাহিনীয়ে গুলীয়াব লাগিছিল শ্যামকানু, সিদ্ধাৰ্থৰ দৰে অভিযুক্তক, কিন্তু গুলীয়াইছে সাধাৰণ ৰাইজক। অভিযুক্তসকলক ৰাজ আতিথ্য দি ৰাখিছে। তেওঁ কয় যে আমি লাচিতৰ দেশৰ মানুহ, আমি আৰক্ষীৰ বিপক্ষে হেংদাং ধৰিবলৈ জানো। ইফালে বিয়লিৰ পৰা জিলা কাৰাগাৰৰ এই এলেকাটোত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয়। বাহিৰৰ পৰা আৰক্ষীৰ বহু উচ্চপদস্থ বিষয়া আহি ঘটনাস্থলীত তদাৰক কৰি আছে। ইফালে পৰিস্থিতি যাতে অধিক বেয়াৰ ফালে নাযায় তাৰ প্ৰতি লক্ষ্য কৰি জিলা প্রশাসনে সমগ্ৰ মুছলপুৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বি এন এছ এছৰ অধীনত ১৬৩ ধাৰা জাৰি কৰে। এই সমগ্র ঘটনাক লৈ অঞ্চলটোত বাতৰি লিখাৰ পৰলৈ উত্তেজনা অব্যাহত আছে।