প্রথম পৰ্যায়ৰ 'জন আশীৰ্বাদ যাত্ৰা'ৰ সামৰণি

dainik janambhumi March 10, 2026

ডিজিটেল ডেস্ক: 'বিগত পাঁচটা বছৰে আমি ৰাইজৰ বাবে যিসমূহ উন্নয়নমূলক কাম কৰিছিলোঁ তাৰ বাবেই আজি আমাৰ 'জন আশীৰ্বাদ যাত্রা'ত ৰাইজে সঁহাৰি জনাইছে আৰু হিয়া উজাৰি আশীৰ্বাদ প্রদান কৰিছে। উজনিৰ পৰা নামনিলৈকে 'জন আশীৰ্বাদ যাত্রা'ৰ আজি প্রথম পৰ্যায়ৰ শেষ দিনটোতো আমাক হাজাৰ হাজাৰ লোকে এনেদৰে আশীৰ্বাদ প্রদান কৰাটো আমাৰ বাবে আনন্দৰ বিষয়। ভ্রাম্যমাণ থিয়েটাৰৰ জন্মস্থান, ঐতিহ্য, সংস্কৃতিৰ অনুপমথলী বজালীত আজি ৰাইজৰ আশিসৰ বৰষুণ নামিছে। সকলোৰে মৰম-উৎসাহেৰে ভৰি পৰা বজালীৰ 'জন আশীৰ্বাদ যাত্রা'ত ৰাইজৰ দুগুণ উদ্যম দেখি অভিভূত হৈ পৰিছোঁ।' এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। 

কালি বজালীৰ বামাখাটা সত্ৰত আশিস লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই 'জন আশীর্বাদ যাত্রা' আৰম্ভ কৰে। বজালীৰ বামাখাটা সত্ৰৰ পৰা নলবাৰীলৈ এই 'জন আশীৰ্বাদ যাত্রা' আৰম্ভ কৰি সাংবাদিকৰ সন্মুখত অসমৰ সত্ৰসমূহৰ সংৰক্ষণ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্রী ড' শর্মাই কয় যে সনাতনী সভ্যতা শক্তিশালী কৰাটো বিজেপি নেতৃত্বাধীন চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ নিজৰো এটা অন্যতম লক্ষ্য আৰু কৰ্তব্য । ইতিমধ্যে সত্র আয়োগ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰি সনাতনী সভ্যতাত যি যি বিষয় অন্তর্ভুক্ত সেই সকলোখিনি কাম কৰি যাব আৰু পৰৱৰ্তী সময়তো এই লক্ষ্য আগত ৰাখিয়েই বিজেপি আগবাঢ়ি যাব। 

আনহাতে, আশীর্বাদ যাত্রা যিহেতু এক আধ্যাত্মিকতাৰ সৈতে জড়িত বিষয় সেয়েহে এনে যাত্রাত কোনোধৰণৰ ৰাজনৈতিক মন্তব্য দিবলৈ অস্বীকাৰ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই বজালী সমষ্টিটো মিত্রজোঁটৰ অগপক এৰি দিব নে বিজেপিৰ হাতত ৰাখিব সেই সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে অগপৰ সৈতে আসন ভাগ-বাটোৱাৰা কৰাটো প্রায় চূড়ান্ত হৈছে আৰু ইয়াৰ তালিকা ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন লাভ কৰাৰ পাছতে সকলো জনাই দিয়া হব। 

আনহাতে, 'জন আশীর্বাদ যাত্রা'ক অজাপ নেতা লুৰীণজ্যোতি গগৈয়ে সমালোচনা কৰা সন্দৰ্ভত সাংবাদিকে প্রতিক্রিয়া জানিব বিচৰাত মুখ্যমন্ত্ৰীয়ে কয় যে তাৰ উত্তৰ ইতিমধ্যে ৰাইজে দিছে। আনহাতে, ইউ পি পি এলৰ সৈতে মিত্ৰতা সন্দৰ্ভতো মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয় যে ইউ পি পি এলৰ সৈতে মিত্ৰতা বি পি এফে কৰিব। 

বড়োলেণ্ডৰ ডাঙৰ দল হিচাপে বি পি এফক ১১খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। বিজেপিয়ে মাত্ৰ চাৰিখন আসনতহে প্রার্থিত্ব আগবঢ়াব। এতিয়া যি বুজাবুজি হ'ব ১১খন আসনৰ ভিতৰতহে হ'ব লাগিব। বিজেপিৰ যিহেতু চাৰিখনহে আসন গতিকে বিজেপিয়ে আৰু বুজাবুজি কৰাৰ সুবিধাই নাথাকে। তদুপৰি বিহু কমিটীসমূহক প্ৰদান কৰা অনুদান সন্দৰ্ভতো মন্তব্য কৰি কয় যে যদিহে নির্বাচন আয়োগে অনুমতি দিয়ে তেন্তে অনুদানসমূহ প্রদান কৰা হ'ব, অন্যথা বিহুৰ পাছত প্ৰদান কৰা হ'ব। 

এই 'জন আশীর্বাদ যাত্রা'ত অংশগ্রহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় যে উজনি অসম আৰু মধ্য অসমৰ সমান্তৰালকৈ নামনি অসমতো কালি 'জন আশীর্বাদ যাত্রা'ত ৰাইজে পাৰ ভঙা উছাহেৰে মূৰৰ চুলি চিঙি আশীর্বাদ দি যি সঁহাৰি জনাইছে এয়া অসমৰ ৰাজনৈতিৰ ইতিহাসত এক অদ্ভুত, ঐতিহাসিক আৰু বিৰল কাৰ্যক্ৰম। এই কাৰ্যক্ৰমত প্ৰতিদিনে অসমৰ লাখ লাখ লোকে মুখ্যমন্ত্রী আৰু ৰাজ্য চৰকাৰক হৃদয়ৰ পৰা আশীৰ্বাদ দিছে। 

বজালীৰ পবিত্র বামাখাটা সত্ৰৰ পৰা ঢোল, খোল, তালেৰে আদৰণী জনাই আৰম্ভ কৰা যাত্ৰা ভাৰত-ভূটান সংযোগী ১২৭ (এ) নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কেন্দুগুৰি, কালীঘাট, মিলনপুৰ, পাঠশালা নগৰ অতিক্রমী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হৰিপুৰ, মৰ্কা হৈ পাটাছাৰকুছিলৈ হাজাৰ হাজাৰ উল্লাসিত সমর্থকেৰে 'জন আশীৰ্বাদ যাত্রা' আগবাঢ়ে। ইয়াৰ পাছতে সমদলটো নলবাৰী জিলাৰ টিহুলৈ ৰাওনা হয়। 

'জন আশীৰ্বাদ যাত্ৰা'ৰ পথত ৰাইজে স্বতঃস্ফূর্তভাৱে ওলাই আহি গামোচা, ফুলৰ মালাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনায়। ইপিনে বজালী সমষ্টিৰ জনসাধাৰণে কালি 'জন আশীর্বাদ যাত্রা'ত সহযোগ কৰাৰ বাবে মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসে ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। কালিৰ এই সুবিশাল 'জন আশীর্বাদ যাত্রা'ত স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, নলবাৰীৰ বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি মনোজ বৰুৱা, বিধায়ক ফণীধৰ তালুকদাৰ সমন্বিতে বিজেপিৰ ভালেসংখ্যক নেতা-কর্মীয়ে অংশগ্রহণ কৰে।

Share This