ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত প্রতি বছৰে পৰম্পৰাৰ নামত অবাধ গতিত বন্য প্রাণী আইনৰ সকলো নীতি-নির্দেশনা ভংগ কৰি উদ্যানখনৰ ভিতৰত মাছ ধৰা কাৰ্য ৰোধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।
উল্লেখযোগ্য প্রতি বছৰে বহু সংখ্যক লোকে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা জলাশয়, খাল-বিল আদিত বিশেষকৈ মাঘ বিহুৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ বৈচিত্র্যত ব্যাঘাত জন্মাই বন্য প্রাণী প্ৰতিৰোধ আইনৰ উপৰি প্রশাসনে জাৰি কৰা সকলো ধাৰা, নীতি-নির্দেশনা ভংগ কৰি অবাধ গতিত মাছ ধৰি আহিছে। গুৰুত্বপূৰ্ণ কথা যে ৮ ডিচেম্বৰত কাজিৰঙাৰ যুৱ পৰিৱেশ কৰ্মী ৰোহিত চৌধৰীয়ে ১৩ আৰু ১৪ জানুৱাৰীৰ ভিতৰত প্ৰতি বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা বিলত মাছ মৰা কাৰ্যকলাপৰ বিৰুদ্ধে পৰিৱেশ তন্ত্ৰৰ সুৰক্ষা প্ৰদানৰ বাবে জৰুৰী ন্যায়িক হস্তক্ষেপ বিচাৰি দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত গোচৰ নং (63/2025) ৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নির্দেশ দিয়ে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰে গঠিত বিচাৰপীঠে আৱেদনকাৰীৰ হৈ অধিবক্তা অবিৰ ফুকনে দাখিল কৰা শুনানি গ্রহণ কৰে। ফুকনে আদালতক অৱগত কৰে যে মাঘ বিহুৰ সময়ত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে পৰম্পৰাগত মাছ ধৰা প্রথা হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মানি আহিছে। তেওঁ যুক্তি দিয়ে যে এনে বৃহৎ পৰিসৰৰ কাৰ্যকলাপে বন্য প্রাণী সুৰক্ষা আইন উলংঘা কৰাৰ লগতে উদ্যানখনৰ জৈৱ বৈচিত্র্যক তীব্রভাবে বিঘ্নিত কৰিছে। ফুকনে দাবী কৰে যে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত মাছ ধৰাৰ ফলত বিলুপ্তপ্রায় এশিঙীয়া গঁড়, পৰিভ্ৰমী চৰাই আদি উদ্যানৰ বিলসমূহৰ পানীত থকা প্রায় ৪২টা প্ৰজাতিৰ মাছৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
অধিবক্তা গৰাকীয়ে ন্যায়ালয়ক অৱগত কৰি জনায় যে ধাৰাবাহিকভাৱে এনেদৰে আইন উলংঘা কৰিলে কাজিৰঙাৰ পৰিৱেশ অখণ্ডতা আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সংৰক্ষণৰ মৰ্যাদাত ব্যাঘাত হ'ব পাৰে। ইফালে অসম চৰকাৰৰ হৈ বন বিভাগৰ স্থায়ী অধিবক্তা ডি গগৈয়ে বিষয়টো স্বীকাৰ কৰি কয় যে চৰকাৰে প্ৰতি বছৰে নিষেধাজ্ঞা আদেশ জাৰি কৰি আহিছে যদিও বিহুৰ সময়ত উদ্যানখনত প্ৰৱেশ কৰা বৃহৎ সংখ্যক লোকৰ বাবে এই নির্দেশ বলবৎ কৰাটো এক প্রত্যাহ্বান হৈ পৰে। ন্যায়ালয়ে গুৰুত্বসহকাৰে লক্ষ্য কৰে যে এনে কাৰ্যকলাপ ৰোধ নকৰিলে বন্য প্রাণী সুৰক্ষা আইন-১৯৭২ আৰু বন সংৰক্ষণ আইন-১৯৮০ উলংঘা কৰাই নহয়, পৰিৱেশৰ সুৰক্ষা ক্ষেত্ৰত অনুচ্ছেদ ৪৮ কে ধৰি সাংবিধানিক বাধ্য-বাধকতাও উলংঘা কৰা হ'ব। এনে স্থানৰ সুৰক্ষাৰ প্ৰয়োজনীয় নহ'লে বন্য প্রাণী সুৰক্ষা আইন-১৯৭২, বন সংৰক্ষণ আইন-১৯৮০ আৰু ভাৰতৰ সংবিধানৰ ৪৮ অনুচ্ছেদৰ অধীনত সাংবিধানিক বাধ্য-বাধকতা আৰু আন্তঃৰাষ্ট্ৰীয় বাধ্য-বাধকতাও উলংঘা হ'ব বুলি ন্যায়ালয়ৰ আদেশত কোৱা হৈছে। বিষয়টো তৎকালীনভাবে প্রযোজ্য হ'ব বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে জানুৱাৰী মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত নিষেধাজ্ঞামূলক আদেশ কঠোৰভাৱে বলবৎ কৰাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰক নির্দেশ দিয়ে। ইয়াৰ উপৰি আগন্তুক মাঘ বিহুৰ সময়ত গ্ৰহণ কৰা ব্যৱস্থা আৰু অবৈধ মাছ ধৰা নিয়ন্ত্ৰণৰ বাবে প্ৰস্তাৱিত অতিৰিক্ত পদক্ষেপৰ বিষয়ে বিতংভাবে উল্লেখ কৰি শপতনামা দাখিল কৰিবলৈ বন বিভাগক নির্দেশ দিয়ে ন্যায়ালয়ে। ইফালে ৭ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ বাবে এই বিষয়টো তালিকাভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা দিয়াৰ ক্ষেত্ৰত উদ্যানখনৰ কাষৰীয়া ৰাইজে বন বিভাগক যথেষ্ট সহযোগিতা আগবঢ়াই থাকে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ সিংহৰ দিনতেই মাঘ বিহুৰ উৰুকাৰ দিনা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বসবাস কৰা লোকক উদ্যানখনৰ সীমান্ত এলেকাত থকা খাল-বিলবোৰত মাছ ধৰিবলৈ অনুমতি দিয়া হৈছিল। আৰম্ভণিতে ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বসবাস কৰা লোকৰ সংখ্যা অতি নগণ্য আছিল। ফলত ৰাইজে মাছ ধৰি পৰিয়ালৰ সৈতে এসাঁজ খোৱাত বিশেষ কোনো সমস্যা হোৱা নাছিল। কিন্তু পৰৱৰ্তী সময়ত এই মাছ ধৰা এক অঘোষিত পৰম্পৰালৈ ৰূপান্তৰ হ'ল। দূৰ-দূৰণিৰ জিলাসমূহৰ পৰাও গাড়ী লৈ মাছ ধৰা লোকৰ সমাৱেশ ঘটে।
ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মাঘ বিহুৰ উৰুকাৰ দিনা হাজাৰ হাজাৰ লোকৰ সমাগম হয়। স্থানীয় আৰু বহিৰাগত হাজাৰ হাজাৰ লোকৰ সমাৱেশত বিগত বৰ্ষত আইন শৃংখলাজনিত পৰিৱেশ সৃষ্টি হৈ আহিছে। ফলত বন্য প্রাণীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অহাৰ লগতে জৈৱ বৈচিত্র্যত ব্যাঘাত সৃষ্টি হোৱাৰ উপক্ৰম হ'বলৈ ধৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক থলুৱা মাছৰ ভঁৰাল হিচাপে গণ্য কৰা হয়। যি সময়ত ৰাজ্যখনত থলুৱা মাছ বিলুপ্ত হ'বলৈ ধৰিছে, ঠিক তেনে সময়তে কাজিৰঙাত থলুৱা মাছ সুৰক্ষিত হৈ আহিছে। মাঘ বিহুৰ সময়ত পৰম্পৰাৰ নামত এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে মাছৰ ব্যৱসায় আৰম্ভ কৰাত স্থানীয় লোক বঞ্চিত হোৱাৰো অভিযোগ উত্থাপন হৈছে। তেনে সময়তে ন্যায়ালয়ে পৰম্পৰাৰ নামত কাজিৰঙাৰ খাল, বিল, জলাশয় আদিত মাছ ধৰা কাৰ্য কঠোৰভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিয়াত স্থানীয় সচেতন ৰাইজে সন্তোষ প্রকাশ কৰিছে।