ডিজিটেল ডেস্কঃ তৈলনগৰী ডিগবৈ বৰবিলত আজি থলুৱাভাৱে উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰীৰ প্ৰতিষ্ঠান জননী ফুড প্ৰডাক্ট বিক্ৰী কেন্দ্ৰৰ শুভ মুকলি কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে। ডিগবৈৰ বিশিষ্ট সমাজকৰ্মী জীতেন দত্তৰ বিশেষ পৃষ্ঠপোষকতাত স্থানীয় পাঁচগৰাকী উদ্যমী মহিলাৰ প্ৰচেষ্টাত থলুৱাভাৱে উৎপাদিত বিভিন্ন সুস্বাদু খাদ্য সামগ্ৰীৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠানত বিধায়ক ফুকনৰ সৈতে সংগ দিয়ে জ্যেষ্ঠ ৰ'টাৰীয়ান পূৰ্ণ বড়া, বিশিষ্ট কবি দ্বিপেন কুমাৰ বড়া, ডিগবৈ মহাবিদ্যালয়ৰ অধ্যাপক ড° জিতু বড়া, বিজেপি টিংৰাই মণ্ডলৰ সভানেত্ৰী সৃতি দাস, পানীখোৱা জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই, টিংৰাই পঞ্চায়তৰ সভাপতি দিলীপ সিং, পাপু গগৈ, বিচিত্ৰ মৰাণসহ বহুসংখ্যক স্থানীয় পুৰুষ-মহিলাই।
উদ্যমী মহিলা ক্ৰমে দীপিকা দত্ত কাকতি, জুৰি দত্ত, কল্পনা বৰা, ৰূপালী সোণোৱাল, লভিতা লস্কৰৰ উদ্যোগত স্থাপিত জননী কেন্দ্ৰৰ জৰিয়তে এক আত্মনিৰ্ভৰশীলতাৰ পৰিচয়ৰে আগবাঢ়ি যোৱাৰ বাবে শুভেচ্ছা জনাই উৎসাহিত কৰে। আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত অসম চৰকাৰৰ বিভিন্ন উপলব্ধ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহবান জনায়।
বৰ্তমান জননী বিক্ৰী কেন্দ্ৰটোত বিভিন্ন আচাৰৰ লগতে, পিঠাপনা, স্থানীয় শিপিনীৰ দ্বাৰা উৎপাদিত গামোচা-মেখেলা-চাদৰ উপলব্ধ আছে যদিও শীঘ্ৰেই থলুৱাভাৱে উৎপাদিত মিঠাতেল, ফেনাইল, চিত্ৰনলা তেল, ফ্লৰ ক্লিনাৰ, টয়লেট ক্লিনাৰ আদি উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে।