ডিজিটেল ডেস্ক : শীঘ্ৰে শিলচৰ-ছাইৰাং পথত এখন যাত্রীবাহী ট্রেইন চলিব। কিছুদিন পূৰ্বে ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱে ৰাজ্য সভাৰ সাংসদ কনাদ পুৰকায়স্থক আশ্বাস দিছিল। আৰু সোমবাৰৰ পৰা এই পথত চলিবলৈ আৰম্ভ কৰিল নতুন শিলচৰ-ছাইৰাং ট্রেইন। কালি নতুন দিল্লীত ভার্চুৱেলৰ জৰিয়তে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ট্রেইনখনৰ ফ্লেগ অফ কৰে। অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ কনাদ পুৰকায়স্থ আৰু শিলচৰ লোক সভাৰ সাংসদ পৰিমল শুক্লবৈদ্য উপস্থিত আছিল। ইপিনে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমা, আইজলৰ বিধায়ক লালভেঞ্চুংগা আৰু ৰে'ল মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াসকলে ছাইৰাং ষ্টেছনত পতাকা উত্তোলন অনুষ্ঠানত অংশগ্ৰহণ কৰে।
সোমবাৰে দুপৰীয়া ১২-২৫ বজাত ছাইৰাঙৰ পৰা শিলচৰ অভিমুখে ট্রেইনখন ৰাওনা দিয়ে। ৬টা জেনেৰেল ছেকেণ্ড ক্লাছ আৰু এটা এছ এল আৰ (ডি) দবাৰে গঠিত ৰে'লখনে সোতৰটা ষ্টেছন স্পৰ্শ কৰি সন্ধিয়া ৫-৩০ বজাত শিলচৰ ৰে'লৱে ষ্টেছন পায়হি। ফলত বৰাক উপত্যকা আৰু চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে সংযোগ আৰু অধিক উন্নত হ'ব আৰু দৈনিক যাতায়াত কৰা লোকসকল উপকৃত হ'ব। আজি ফ্লেগ অফ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য সভাৰ সাংসদ কনাদ পুৰকায়স্থই কয় যে এই দিনটো মিজোৰাম আৰু বৰাক উপত্যকাৰ লগতে ৰাজ্যখনৰ বাবেও এক উল্লেখযোগ্য আৰু স্মৰণীয় দিন। তেওঁ কয় যে নতুন ছাইৰাং-শিলচৰ যাত্রীবাহী ৰে'লৰ উদ্বোধন আৰু গুৱাহাটী ৰে'ল ষ্টেছনত নতুন যাত্রী সেৱা আৰম্ভ কৰাটো এক ঐতিহাসিক পদক্ষেপ। এই ৰাজহুৱা দাবী ক্ষিপ্ৰ ৰূপায়ণৰ বাবে বৰাক উপত্যকা আৰু মিজোৰামৰ ৰাইজৰ হৈ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ কৃতজ্ঞতা জ্ঞাপন কৰি সাংসদ কনাদ পুৰকায়স্থই আৰু কয় যে দীর্ঘদিনীয়া চাহিদা পূৰণৰ বাবে শিলচৰ-ছাইৰাং ৰে'ল সেৱা অতি গুৰুত্বপূৰ্ণ। শিলচৰ আৰু ছাইৰাং ৰে'লৱে মেপত কেৱল দুটা ষ্টেছন নহয়, বাণিজ্য, শিক্ষা, স্বাস্থ্য সেৱা আৰু সামাজিক যোগাযোগৰ বাবে এয়া গুৰুত্বপূৰ্ণ জীৱন-ৰেখা। এই দুটা গুৰুত্বপূৰ্ণ কেন্দ্র সংযোগ কৰিলে দৈনিক যাতায়াত, পেছাদাৰী, ব্যৱসায়ী, ৰোগী আৰু সাধাৰণ মানুহৰ ভ্ৰমণ বহুত সহজ হ'ব। ইয়াৰ সমান্তৰালকৈ পৰ্যটন, স্থানীয় বাণিজ্য আৰু আনুষংগিক সেৱা খণ্ডতো এক নতুন গতিৰ সৃষ্টি হ'ব। লগতে গুৱাহাটী ৰে'ল ষ্টেছনত সকলো আধুনিক সা-সুবিধাৰে যাত্রী সেৱা প্ৰদান কৰাটো এটা উপযুক্ত পদক্ষেপ। ইয়াৰ ফলত বিশ্বমানৰ আন্তঃগাঁথনিৰ সৃষ্টি হোৱাই নহয়, যাত্ৰীসকলৰ অভিজ্ঞতাও উন্নত হৈছে।
সংবাদ মাধ্যমৰ সন্মুখত সাংসদ কনাদ পুৰকায়স্থই আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত শিলচৰলৈকে ব্ৰডগজ সম্প্ৰসাৰণ কৰা হৈছে। তেতিয়াৰ পৰাই উজনি অসম, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ ৰে'ল সংযোগৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিছে। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ বাবে আন্তঃগাঁথনিৰ লগতে বহু নতুন পথত ৰে'ল সেৱা আৰম্ভ হৈছে। কালি শিলচৰ-ছাইৰাং পথত নতুন ৰে'ল উদ্বোধন কৰা নিশ্চিতভাৱে ৰে'ল মন্ত্ৰ্যালয়ৰ এক ঐতিহাসিক পদক্ষেপ।