ডিজিটেল ডেস্ক: অসম চৰকাৰে ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু আঁচনি ইতিমধ্যে হাতত লৈছে। ইয়াৰ ভিতৰত ৰাজ্যৰ বহুকেইখন ষ্টেডিয়ামৰ উন্নীতকৰণৰ কাম কৰা হৈছে। মৰিয়নিৰ বাপুজী ষ্টেডিয়ামো ইয়াৰ মাজত আছে।
ষ্টেডিয়ামৰ গেলেৰীসহ অত্যাধুনিক পেভিলিয়ন আৰু এটা ইনড'ৰ ষ্টেডিয়াম নিৰ্মাণৰ লগতে চৌহদৰ পকী বেৰা নিৰ্মাণৰ বাবে অসম চৰকাৰে প্ৰায় ১১ কোটি টকা আবণ্টন দিছিল। তিনি বছৰৰ পূৰ্বেই ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও মাজতে ভাৰতীয় সেনা বাহিনীৰ হস্তক্ষেপৰ বাবে নিৰ্মাণৰ কাম স্থগিত হৈ পৰিছিল। শেহতীয়াকৈ গেলেৰী আৰু ইনড'ৰ ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য প্রায় সম্পূর্ণ হৈ উঠিছে। জানিব পৰা মতে, অহা ৪ ফেব্ৰুৱাৰীত মৰিয়নি সমষ্টিৰ চেলেঙত অনুষ্ঠিত হ'ব লগীয়া সভাত সমূহীয়াভাৱে কেইবাটাও অনুষ্ঠানৰ লগতে ইনড'ৰ ষ্টেডিয়ামো মুকলি কৰিব।
বৃহৎ সংখ্যক ধনেৰে নিৰ্মাণ হোৱা মৰিয়নিৰ দুটাকৈ গুৰুত্বপূৰ্ণ প্রকল্পই মৰিয়নিবাসীক হতাশ কৰাহে পৰিলক্ষিত হৈছে। ষ্টেডিয়ামৰ গেলেৰী আৰু পেভিলিয়নৰ লগতে ইনড'ৰ ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্যত বহুকেইটা আসোঁৱাহ থকা দেখা গৈছে। এই ক্ষেত্ৰত মৰিয়নি ক্রীড়া সন্থাৰ বিষয়ববীয়াসকলে ঠিকাদাৰৰ লগতে লোকনির্মাণ বিভাগৰ অভিযন্তা-বিষয়াক বাৰম্বাৰ আহ্বান জনাই আহিছিল। দুই-এটা আসোঁৱাহৰ শুধৰণি কৰিলেও অধিকাংশ এতিয়াও তেনেকৈয়ে থাকি গ'ল। যাৰ ফল মৰিয়নি ক্রীড়া সন্থাৰ লগতে মৰিয়নিৰ ক্ৰীড়া ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তিসকলে হয়তো ভুগিব লাগিব। অৱশ্যে কাৰ ভুলৰ বাবে এনে একাধিক আসোঁৱাহ থাকি গ'ল, সেয়া বিচাৰ্যৰ বিষয়। কেৱল আসোঁৱাহেই নহয়, নিম্নমানেৰে কাম সামৰাৰো গুৰুতৰ অভিযোগ উঠিছে।
লক্ষণীয় যে উদ্বোধন নৌহওঁতেই বেৰৰ বিভিন্ন ঠাইত ইতিমধ্যেই ফাট মেলা পৰিলক্ষিত হৈছে। তেনে ফাটৰ ওপৰত প্লাষ্টাৰ কৰি ৰং সানি ফাট লুকুৱাবলৈ চেষ্টা কৰাও দেখা গৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এজাক বৰষুণ দিলেই গেলেৰীত পানী পৰে। তদুপৰি, পেভিলিয়নতো বৰষুণৰ পানী সোমায়। আনকি পেভিলিয়নৰ দুয়োটা মূৰে ছাদ নিদিয়াৰ বাবে বৰষুণ দিলে তাত বহিব নোৱাৰা হয়। ইফালে, পেভিলিয়নৰ পৰা পোনে পোনে খেলপথাৰলৈ সোমাবলৈ নাই কোনো ছিৰি। খেলুৱৈয়ে জঁপিয়াই নামিব লাগে। ঠিকাদৰে লোহাৰৰ অস্থায়ী ছিৰি এখনৰ ব্যৱস্থা কৰিছে যদিও সেয়া অত্যন্ত বিপজ্জনক আৰু খেলৰ সময়ত খেলপথাৰত নমাই খেলৰ পাছত পুনৰ তাৰপৰা আঁতৰাই থ'ব লগা হয়। স্বাভাৱিকতে এই কাৰ্যই বিবুধিত পেলাইছে ক্রীড়া সন্থাক। শৌচাগাৰ-প্ৰস্ৰাৱাগাৰত ব্যৱহাৰ কৰা সামগ্ৰীও অতি নিম্নমানৰ।
একেদৰে ব্যৱহাৰ কৰা বৈদ্যুতিক সামগ্ৰীসমূহৰো মান নিম্নমানৰ বুলি অভিযোগ উঠিছে। ইয়াৰ উপৰি এই দুয়োটা নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰা ইটা আৰু বালিৰো গুণগতমান নিম্নমানৰ আছিল। যাৰ বাবে ক্রীড়া সন্থাৰ বিষয়ব্বীয়াই তেনে ইটা আৰু বালিৰ ব্যৱহাৰত বাধা দিব লগীয়াও হৈছিল। একেই অৱস্থা ইনড'ৰ ষ্টেডিয়ামৰো। প্ৰথম অৱস্থাত ইনড'ৰ ষ্টেডিয়ামৰ ভিতৰচ'ৰাত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল যদিও পাছত ক্রীড়া সন্থাৰ আপত্তিৰ পৰিপ্ৰেক্ষিতত তাক সলনি কৰা হৈছিল। ভিতৰচ'ৰাও একাধিক আসোঁৱাহপূর্ণভাৱে নির্মাণ সম্পূৰ্ণ কৰা বুলি ক্রীড়ামোদী ৰাইজৰ লগতে খেলুৱৈসকলে অভিযোগ কৰিছে। কিছুদিনৰ পূৰ্বে ডাঙৰ বৰষুণৰ সময়ত ইনড'ৰ ষ্টেডিয়ামৰ ভিতৰত বৰষুণৰ পানী সোমোৱা ঘটনাই স্তম্ভিত কৰি তুলিছিল ক্রীড়া সন্থাক।
ইফালে, ওপৰত টিনৰ পৰা পৰা পানী ওলাই যোৱাৰো কোনো নির্দিষ্ট ব্যৱস্থা নথকাত সেই পানী বাপুজী ষ্টেডিয়ামৰ মূল খেলপথাৰলৈ সোমাই অহাত খেলপথাৰৰো ক্ষতিসাধন হোৱাৰ আশংকা কৰা হৈছে। কিছুদিন পূর্বে সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়াৰ এটা দলে এই নির্মাণকাৰ্য পৰিদৰ্শন কৰিছিল আৰু কেইবাটাও আসোঁৱাহ তেওঁলোকৰ চকুত পৰিছিল। সেইসমূহ সংশোধনৰ বাবে বিষয়া আৰু ঠিকাদাৰক নির্দেশ দিয়া হৈছিল। এতিয়া প্রশ্ন হয়-বাপুজী ষ্টেডিয়াম এইদৰে আসোঁৱাহপূৰ্ণ আৰু নিম্নমানেৰে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে দায়ী কোন? মুখ্যমন্ত্রীয়ে এতিয়া এইদৰেই বিসংগতিপূর্ণভাৱেই বাপুজী ষ্টেডিয়ামৰ নৱনির্মিত পেভিলিয়ন আৰু ইনড'ৰ ষ্টেডিয়াম মুকলি কৰিবনে? বৃহত্তৰ মৰিয়নি অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰখনৰ পিতৃস্বৰূপ মৰিয়নিৰ বাপুজী ষ্টেডিয়ামৰ উন্নীতকৰণৰ নামত এনে হোৱাটো অতি দুর্ভাগ্যজনক বুলি সচেতন ৰাইজে মতপোষণ কৰিছে।