ডিজিটেল ডেস্ক: যোৰহাট নগৰৰ ৰজামৈদাম নিউ কলনিৰ এক নং বাইলেনত শনিবাৰে আবেলি সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত মৃত্যু হোৱা নূৰ মহম্মদৰ ঘৰ নগাঁৱৰ জুৰিয়াত। মাত্ৰ কেইমাহমানৰ পূৰ্বেহে যোৰহাটত ভাৰাঘৰত থাকি ডেম্পত পেলনীয়া লোহা-লক্কৰ দি পেট প্ৰৱৰ্তাইছিল।
বিস্ফোৰণটোত নূৰ মহম্মদৰ লগতে ইকবাল আহমেদ নামৰ এটি শিশুৰো মৃত্যু হৈছিল। কালি যোৰহাট আৰক্ষীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত দুয়োৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। ইফালে এটি কন্যা শিশু জে এম চি এইচত চিকিৎসাধীন হৈ আছে।
লক্ষণীয় যে শনিবাৰে বিস্ফোৰণটোৰ ফলত দুজনকৈ লোকৰ মৃত্যু হ'ল যদিও কি সামগ্ৰী বিস্ফোৰিত হয়, সেই কথা বৰ্তমানলৈকে আৰক্ষীয়ে নিৰ্ধাৰণ কৰা নাই। আৰক্ষী সূত্ৰই জনোৱা মতে, ঘটনাস্থলীৰ মাটিৰ নমুনা ইতিমধ্যে ফৰেনছিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। ইয়াৰ প্ৰতিবেদন অহাৰ পাছতহে বিস্ফোৰিত হোৱা সামগ্ৰীবিধ বিস্ফোৰক সামগ্রী নে অন্য সামগ্রী, সেই কথা নিৰ্ধাৰণ হ'ব। ইফালে ভাৰাঘৰৰ মালিক বাবলু আনচাৰীক ইতিমধ্যে আৰক্ষীয়ে সোধা-পোছা কৰিছে। পূৰ্বতে অপৰাধজনিত কামত জড়িত থকাৰ অভিযোগ থকা বাবলু আনচাৰীৰ ভাৰাঘৰত ৰখা লোকজনৰ পৰিচয় নৰখাটোৱে যোৰহাটত ভাৰাঘৰত কেনে ধৰণৰ মানুহক ভাৰাত দিয়ে, সেই কথা শনিবাৰৰ ঘটনাই উদঙাই দেখুৱাইছে। কোনো ধৰণৰ নীতি-নিয়ম নজনাকৈ, নাম-ঠিকনা নৰখাকৈ ভাৰাঘৰত আন জিলাৰ লোকক ৰখাটোৱে যে যোৰহাটত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে, সেই কথা স্থানীয় ৰাইজে প্ৰকাশ কৰিছে।
ইফালে কোনো ধৰণৰ দুৰ্যোগ প্রশমনৰ ব্যৱস্থা নৰখাকৈ কেৱল মাত্র ধন ঘটাৰ অচিলাতে য'তে-ত'তে ঘৰ সাজি অস্বাস্থ্যকৰ পৰিৱেশত ভাৰাত দিয়াৰ পাছতো যোৰহাট জিলা প্রশাসন-আৰক্ষী প্রশাসনে কোনোধৰণৰ আইনসংগত ব্যৱস্থা গ্ৰহণ কৰা নাই। যোৰহাটৰ এনেসমূহ ঠাইত অগ্নিকাণ্ডৰ সূত্রপাত হ'লে যে বহু ধন-জনক হেৰুৱাব লাগিব, সেই কথা নিশ্চিত। কিয়নো সেইসমূহ ঠাইলৈ অগ্নিনির্বাপক বাহিনীৰ বাহন নোসোমায়। যোৰহাট আৰক্ষীয়ে ভাৰাঘৰসমূহৰ ক্ষেত্রত নীতি-নিয়ম প্রস্তুত কৰি সেই অনুসৰি তালিকা প্রস্তুত কৰিলে অপৰাধজনিত ঘটনাও বহুলাংশে কমাৰ সম্ভাৱনা আছে।
যোৰহাট নগৰৰ মাজত থকা বহুকেইটা অবৈধ ডেম্পক লৈ চুৰি সামগ্ৰীৰ বজাৰ গঢ়ি উঠিছে। শনিবাৰে ঘটনাটোত ডেম্পলৈ সামগ্রী ক্রয়-বিক্রয় সম্পর্কও জড়িত হৈ আছে। নিহত নূৰ মহম্মদ নামৰ লোকজনে ডেম্পত বিক্ৰী কৰিবৰ বাবে অনা সামগ্ৰী মৰিয়াই ভাঙি থকা অৱস্থাতে বিস্ফোৰণটো সংঘটিত হয়। লক্ষণীয় যে যোৰহাট আৰক্ষীয়ে পূৰ্বতেও ডেম্পত অভিযান চলাই বৃহৎ চুৰি সামগ্ৰী জব্দ কৰিছে। সেয়েহে পৌৰসভাৰ এলেকাত অবৈধভাৱে বহুওৱা ডেম্পসমূহৰ বিৰুদ্ধে আইনসংগত ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে।