ডিজিটেল ডেস্কঃ উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চল উচ্ছেদ চলোৱাৰ বাবে ইতিমধ্যে গোলাঘাট প্রশাসনে প্রস্তুতি সম্পূর্ণ কৰাৰ দিশে আগবাঢ়িছে। আজি গোলাঘাট বন বিভাগে উচ্ছেদ কৰিব লগা ৩০ খন গাঁৱত বেদখল কৰা লোকলৈ এক নির্দেশনা জাৰি কৰিছে। এই নির্দেশত বন বিভাগে উল্লেখ কৰিছে যে উৰিয়ামঘাট আঞ্চলিক বন বিভাগৰ অধীনত থকা ৰেংমা সীমান্তত অৱস্থিত বনাঞ্চল ধ্বংস কৰি ঘৰ-বাৰী স্থাপন কৰি বনভূমিক কৃষিভূমিলৈ ৰূপান্তৰিত কৰি বন ধ্বংস কৰিছে।
ইয়াৰ দ্বাৰা অসম বন বিধি ১৮৯১ আৰু সংশোধিত অইন ১৯৯৫ (assam forest regulation 1891 and amendment act 1995)ৰ ধাৰা ২৫ আৰু ধাৰা ২৬ সম্পূর্ণরূপে উলংঘা কৰিছে। সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি আইন উলংঘা কৰিছে। সেয়ে এই নির্দেশনা পোৱাৰ ৭ দিনৰ ভিতৰত দেদখলকাৰী লোকে সকলো বয়-বস্তু লৈ বন বিভাগৰ ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়ে। যদি তাকে নকৰে তেতিয়া অসম বন নিধি ১৮৯১ৰ ধাৰা ৭২ আৰু সংশোধিত আইন ১৯৯৫ অনুসৰি অসম চৰকাৰৰ বনভূমি সুৰক্ষাৰ লগতে বেদখল সুৰক্ষা প্ৰদানৰ বাবে উচ্ছেদৰ কৰ্তৃত্ব প্রদান কৰা হৈছে। জাননীত উল্লেখ কৰা নিৰ্ধাৰিত দিনৰ ভিতৰত বনাঞ্চল খালী নকৰিলে বন সংৰক্ষণ আৰু উন্নয়নৰ স্বাৰ্থত উচ্ছেদ কার্যসূচী হাতত লোৱা হ'ব। এইদৰে এতিয়া বন বিভাগে বনাঞ্চল বেদখল কৰা লোকক জাননী প্রদান কৰিছে । উল্লেখযোগ্য যে প্রথম পর্যায়ত ৩০খন গাঁৱৰ ৩০০০ বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি ঘোষণা কৰা হৈছিল যদিও এতিয়া জৰীপ কৰাৰ পাছত বেদখল কৰা ভূমিৰ পৰিমাণ প্রায় ১১ হাজাৰ বিঘা হ'ল বুলি জানিব পৰা গৈছে। কালি সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে।
অন্যহাতে, পৰহি নিশাৰ পৰা উৰিয়ামঘাট সীমান্তৰ পৰা উচ্ছেদৰ ভয়ত বহু সন্দেহজনক লোকে বয়-বস্তু লৈ গাড়ীয়ে গাড়ীয়ে পলায়ন কৰিছে। বেছিভাগ মানুহ সীমান্তৰ গাতে লাগি থকা নগাৰাজ্যৰ হৈ পলায়ন কৰিছে। ইফালে, সৰুপথাৰ সম-জিলাৰ বিভিন্ন দল-সংগঠনে ৰাইজলৈ আহ্বান জনাইছে যে এইসকল লোকক কোনেও যাতে আশ্রয় নিদিয়ে। যদি আশ্রয় দিয়ে, তেতিয়া দল-সংগঠনৰ ৰোষত পৰিব লাগিব। শেহতীয়া খবৰ অনুসৰি, বহু সন্দেহজনক লোকে বন বিভাগৰ এনে জাননী লাভ কৰি আতংকিত হৈ পৰিছে। তেওঁলোকে ভাবিছিল যে ভোটাধিকাৰ থকাৰ বাবে উচ্ছেদ চলোৱা নহ'ব। কিন্তু বন বিভাগৰ এই জাননী লাভ কৰি কিংকর্তব্যবিমূঢ় হৈ পৰে।
অন্যহাতে, এই সন্দেজনক লোকসকলে বনাঞ্চলৰ ভূমিত খেতি কৰি থকাৰ বিনিময়ত বছৰি প্ৰতি বিঘাৰ পৰা দুহাজাৰ টকাকৈ লাভ কৰি থকা নগাই এই সন্দেহজনক লোকসকলক আশ্রয় দিবৰ বাবে আগবাঢ়ি অহাৰ কথা জানিব পৰা গৈছে। মেৰাপানীৰ ভেলৌগুৰি আৰু উৰিয়ামঘাট সীমান্তৰ নেফানিৰ ভিতৰত থকা গভর্নৰ হাউছত নগাৰ সৈতে এই সকলৰ প্ৰতিনিধিয়ে গোপনে বৈঠকত মিলিত হোৱাৰ খবৰ ওলাইছে। গতিকে এই ক্ষেত্রত অসম চৰকাৰে নগালেণ্ডৰ চৰকাৰৰ সৈতে এই বিষয়ত আলোচনা কৰা জৰুৰী হৈ পৰিছে। যদি নগা প্রশাসনে এই সকল লোকৰ পক্ষত থিয় দিয়ে, তেতিয়া তেওঁলোকৰ ভোটাৰ তালিকাত এইসকল সন্দেহযুক্ত লোকক অন্তর্ভুক্ত নকৰে তাৰো প্ৰশ্নৰ অৱতাৰণা হৈছে। উৰিয়ামঘাট সীমান্তৰ ৩০খনকৈ গাঁৱত শীঘ্ৰে উচ্ছেদ অভিযান যে চলিব, সেয়া স্পষ্ট হৈ পৰিল। আজিৰপৰা সাত দিনৰ পাছৰ পৰা হয়তো ইয়াত এক বৃহৎ উচ্ছেদ অভিযান চলিব। ইতিমধ্যে গোলাঘাট আৰক্ষীয়েও উৰিয়ামঘাট আৰু মেৰাপানীৰ উচ্ছেদৰ বাবে সাজু বুলি ঘোষণা কৰিছে।