অল আদিবাসী অৰ্গেনাইজেশ্যন অব্ আছাম' নামৰ নতুন সংগঠনৰ জন্ম,  জনজাতিকৰণৰ দাবীত ঐক্যবাদ্ধ আদিবাসী দল-সংগঠন 

dainik janambhumi December 14, 2025

ডিজিটেল ডেস্ক: ঐক্যবদ্ধ হ'ল ৰাজ্যখনৰ সকলো আদিবাসী দল- সংগঠন। আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ সংগ্ৰামখন সুদৃঢ় কৰিবলৈ কালি গঠন কৰিলে এটা উমৈহতীয়া সংগঠন। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ ফৰেষ্ট গেষ্ট হাউছত অনুষ্ঠিত এখন সভাত গঠন কৰিলে এই নতুন সংগঠনটো। 

এএডব্লিউএএ, এএছডব্লিউএ, এএএছএএ, এএছএছডি, একেএছডি, এমএছইউ, এএমআৰচি, এএছএ, জেএছবি, এএছএছএছ, এএছএছপি, এএছডিএ, এছএলটিএ, এএছএছ, এডব্লিউ এন্ড ডিচি, এছএছআৰবি, একেএছএছ, এএমএছএছ, আদিবাসী ছাত্র সন্থা, ছাত্র সম্মিলনকে ধৰি জনগোষ্ঠীটোৰ একৈশটাকৈ দল-সংগঠনৰ সংগঠনে বিষয়ববীয়াৰ উপস্থিতিত গঠন হ'ল 'অল আদিবাসী অর্গেনাইজেশ্যন অব্ আছাম' নামৰ সংগঠনটোৰ। 

আদিবাসীসকলৰ জনজাতিকৰণক মূল ইছ্যু হিচাপে লৈ গঠন কৰা হয় এই নতুন সংগঠনটো। অমিত হেমব্রমক সভাপতি আৰু গডউইন হেমব্রমক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন ৫৫জনীয়া সমিতিও গঠন কৰা হয়। কেইবাঘণ্টা জোৰা আলোচনাৰ অন্তত গঠন হোৱা আদিবাসী সংগঠনটোৱে পৰৱৰ্তী সময়ত এক সংবাদমেলযোগে এই কথা সদৰী কৰে। সংবাদ মেলত সংগঠনটোৱে জনজাতিকৰণৰ নামত চৰকাৰে জনগোষ্ঠীটোক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। সমাগত বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলক জনজাতিকৰণ কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৱে।

আনহাতে, জনজাতিকৰণৰ লগতে আদিবাসীসকলৰ জাতীয় সমস্যাসমূহ সমাধানৰ বাবে এতিয়াৰে পৰা সংগঠনটোৱে ঐক্যবদ্ধভাৱে আন্দোলন কৰিব বুলিও জানিবলৈ দিয়ে।

Share This