ডিজিটেল ডেস্ক: অসমৰ ৰাজনৈতিক আৰু সামাজিক জগতখনক এক নতুন মাত্রা দিবলৈ ৰাজ্যখনৰ সু-প্রাচীন খিলঞ্জীয়া জনগোষ্ঠী তথা অন্যতম ভূমিপুত্র কলিতাসকলৰ জাতীয় সংগঠন কলিতা জনগোষ্ঠী সন্মিলন, নাথ-যোগীসকলৰ জাতীয় সংগঠন অসম প্রাদেশিক যোগী সন্মিলনী, কুমাৰসকলৰ জাতীয় সংগঠন সদৌ অসম কুমাৰ সন্মিলন, কেওটসকলৰ জাতীয় সংগঠন কেওট জাতীয় পৰিষদ আৰু সূত জনগোষ্ঠীৰ জাতীয় সংগঠন সদৌ অসম সূত সন্মিলনৰ উমৈহতীয়া উদ্যোগত কালি গঠন হ'ল 'খিলঞ্জীয়া জনগোষ্ঠী মহাজোঁট, অসম' নামৰ এটা সংগঠন।
ধীৰেন নাথক মুখ্য উপদেষ্টা, ড° সোণেশ্বৰ কলিতাক সভাপতি, কীর্তি নাথক কাৰ্যকৰী সভাপতি আৰু গোপাল হাজৰিকাক প্ৰধান সম্পাদক হিচাপে লৈ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এখন ৩১জনীয়া সমিতি গঠন কৰা হয়। কালি গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত কলিতা জনগোষ্ঠী সন্মিলনৰ মুখ্য কাৰ্যালয়ত অসম প্রাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথৰ সভাপতিত্বত অনুষ্ঠিত এখন প্রতিনিধিমূলক সভাত ২০১৬ চনতে প্রতিষ্ঠাপিত সংগঠনটোৰ পুৰণা সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠন কৰা হয়। সভাত অসমৰ সাম্প্রতিক সামাজিক, ৰাজনৈতিক আৰু জনগোষ্ঠীয় পৰিস্থিতিৰ বিশদ পৰ্যালোচনাৰ অন্তত অসমত প্ৰাচীন কালৰে পৰা বসবাস কৰি অহা ভূমিপুত্র কেউটা জনগোষ্ঠীয়ে সন্মুখীন হোৱা ভূমিৰ অধিকাৰ, অস্তিত্বৰ সংকট আৰু চৰকাৰৰ বৈষম্যৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ ঐক্যবদ্ধভাৱে সংগ্ৰাম চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
কালিৰ সভাত উপস্থিত জনগোষ্ঠীকেইটাৰ উপৰি অসমৰ অ-জনজাতীয় আন আন সৰু-বৰ জাতি-জনগোষ্ঠীক একত্ৰিত কৰি একেখন মঞ্চৰ পৰা উমৈহতীয়া সমস্যাবোৰ সমাধানৰ অৰ্থে মহাজোঁটে তীব্র গণতান্ত্রিক আন্দোলনৰ পাতনি মেলিব। কালিৰ সভাই মত প্রকাশ কৰে যে চৰকাৰে অসমত নতুনকৈ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ বিৰোধিতা নকৰে, কিন্তু তাৰ সমান্তৰালভাৱে অসমৰ অ-জনজাতীয় খিলঞ্জীয়া থলুৱা জনগোষ্ঠীসমূহৰ ভূমিৰ অধিকাৰ অসমৰ প্ৰতি ইঞ্চি মাটিত এশ শতাংশ সুৰক্ষিত হৈ থাকিব লাগিব আৰু তাৰ বাবে চৰকাৰে কঠোৰ আইন প্ৰণয়নৰ যোগেদি অসমৰ থলুৱা প্রাচীন খিলঞ্জীয়া জনগোষ্ঠীকেইটাক সাংবিধানিক সুৰক্ষা কৱচ প্রদান কৰিব লাগিব।
অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত স্বায়ত্তশাসিত পৰিষদকেইখনৰ লগতে আন প্রতিখন স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত যুগ যুগ ধৰি বসবাস কৰি অহা খিলঞ্জীয়া জনগোষ্ঠীবিলাকক সংৰক্ষিত শ্ৰেণীৰ অধিকাৰ প্ৰদান কৰি ভূমিৰ অধিকাৰ আৰু সুৰক্ষা প্ৰদান কৰিব লাগিব। 'অসম অসমীয়াৰ' এই নীতিৰে বৰঅসমৰ বাসিন্দা প্রাচীন জনগোষ্ঠীসমূহৰ প্ৰাণৰো আপোন অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু স্বকীয় বৈশিষ্ট্যসমূহৰ ৰক্ষণাবেক্ষণ আৰু প্ৰসাৰৰ বাবে মহাজোঁটে উমৈহতীয়াভাৱে কাম কৰি যাব।
সভাখনে ৰাজ্য চৰকাৰে অ-জনজাতীয় খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰতি বৈষম্য, উপেক্ষা আৰু অৱহেলাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ প্ৰতিটো অ-জনজাতীয় খিলঞ্জীয়া জনগোষ্ঠীৰ বিকাশ, উন্নয়ন আৰু স্ব-শাসনৰ বাবে কলিতা, নাথ-যোগী, কেওট, সূত আৰু কুমাৰ জনগোষ্ঠীক উপগ্ৰহীয় ভিত্তিত একোখনকৈ স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ দাবীত ঐক্যবদ্ধভাৱে তীব্র আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবেও সর্বসন্মত সিদ্ধান্ত গ্রহণ কৰে। অহা এটা সপ্তাহৰ ভিতৰতে এখন সংবাদমেলৰ যোগেদি মহাজোঁটৰ দাবীসমূহ চৰকাৰৰ ওচৰত উপস্থাপন কৰাৰ লগতে আগন্তুক হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা শেষ হোৱাৰ লগে লগে গুৱাহাটীত এখন গণ অভিৱৰ্তন পতাৰো সিদ্ধান্ত গ্রহণ কৰা হয়।